Logo
image

এপিএছচি তদন্তৰ সৈতে গ্ৰেনেড বিস্ফোৰণৰ সম্পৰ্ক কি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ নৱেম্বৰঃ এপিএছচি কেলেংকাৰিক লৈ ন্যায়িক আয়োগে প্ৰতিবেদন দাখিলৰ ডেৰ বছৰৰ পাছত অৱশেষত থেৰোঁ-গেৰোঁকৈ হ’লেও দুই নম্বৰী বিষয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে স্মাৰ্ট অসম আৰক্ষীয়ে৷ এপিএছচিত বক্ৰ পথেৰে চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে গৃহ বিভাগৰ সেউজ সংকেতত এছ আই টিয়ে তদন্ত আৰম্ভ কৰাৰ দিনটোতে তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাকত সেনাৰ শিবিৰলৈ গ্ৰেণেড নিক্ষেপ কৰে বাইকত অহা দুবৃৰ্ত্তই৷ এই ঘটনাৰ পাছতেই বিদ্ৰোহী সংগঠন আলফাৰ প্ৰভাৱ থকা অঞ্চলটোত গ্ৰেণেড বিস্ফোৰণৰ লগত  এপিএছচি কেলেংকাৰিৰ সম্পৰ্ক বিচাৰি পাইছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে৷ এপিএছচি তদন্ত প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবেই কাকপথাৰত উক্ত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হোৱাৰ চাঞ্চল্যকৰ দাবী কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান সিঙে৷ মঙলবাৰে এছআইটিয়ে বহু চৰ্চিত অসম লোক সেৱা আয়োগৰ কেলেংকাৰিৰ গোচৰত ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা ৩৭ বিষয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল৷ বুধবাৰে তদন্তকাৰী আৰক্ষীয়ে দুই অভিযুক্ত বিষয়া ঐশ্বৰ্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পাছতেই সন্ধিয়া ভাগত মটৰ চাইকেলত অহা দুজনীয়া দুবৃৰ্ত্তই সেনা ছাউনিলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰিছিল৷ কিন্তু এই ঘটনাৰ পাছতেই সামাজিক মাধ্যম যোগে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এপিএছচি কেলেংকাৰি তল পেলাবলৈ উক্ত বিস্ফোৰণ সংঘটিত কৰা বুলি ভয়ংকৰ অভিযোগ কৰে৷ আৰক্ষীৰ উদ্ধৰ্তন বিষয়াসকলক এপিএছচি কেলেংকাৰিৰ পৰা দৃষ্টি আঁতৰোৱাৰ বাবেই উক্ত প্ৰয়াস চলোৱা বুলি দাবী কৰি এপিএছচি কেলেংকাৰিৰ তদন্ত গভীৰতম মাত্ৰালৈ নিব বুলিও স্পষ্ট কৰি দিছে আৰক্ষী সঞ্চালক প্ৰধানে৷ কাকপথাৰৰ ডিৰাকৰ গ্ৰেণেড বিস্ফোৰণ আৰু এপিএছচি কেলেংকাৰিৰ তদন্তৰ সংযোগক লৈ ডিজিপি জি পি সিঙে সামাজিক মাধ্যমত উল্লেখ কৰে এইদৰে–‘অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে এপিএছচি কেলেংকাৰিৰ তদন্ত পুনজিৱিত কৰাৰ সময়তেই তিনিচুকীয়া জিলাত হোৱা এক সামান্য বিস্ফোৰণৰ ঘটনাৰ মাজত আমি এক অদ্ভূত সংযোগ দেখা পাইছো৷ আৰক্ষীৰ উদ্ধৰ্তন বিষয়াসকলক এপিএছচি কেলেংকাৰি তদন্তৰ পৰা ধ্যানভংগ কৰাৰ এয়া এক প্ৰয়াস যেন বোধ হয়৷ এনে দুবৃৰ্ত্ত আৰু সংগঠনে অসমখনক উন্নীত কৰাৰ পথত সদায় বাধাৰ সৃষ্টি কৰিব৷ আজিৰ ঘটনা আৰু অসমৰ উত্তৰণৰ পথত হেঙাৰ সৃষ্টিকাৰীসকলক চিহ্নিত কৰি শাস্তিৰ সন্মুখীন কৰোৱাৰ লগতে এপিএছচি কেলেংকাৰিৰ তদন্তক গভীৰতম মাত্ৰালৈ নিয়াৰ বাবে অসম আৰক্ষী অংগীকাৰবদ্ধ থাকিব৷’ অৱশ্যে ডিৰাকৰ এই বিস্ফোৰণৰ দায়িত্ব বৰ্তমানলৈ আলফা  বা আন কোনেও স্বীকাৰ কৰা নাই যদিও বৃহস্পতিবাৰে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই কাকপথাৰৰ ৰ নং চেলেংগুৰিৰ অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম নামৰ এজন আলফ সদস্যক গ্ৰেপ্তাৰ কৰে৷ আলফা সদস্যজনৰ পৰা এটা গ্ৰেণেড জব্দ কৰা বুলি দাবী কৰা হৈছে যদিও এই সদস্য জনেই বুধবাৰৰ সন্ধিয়া সেনা ছাউনিত গ্ৰেণেড নিক্ষেপ কৰিছিল নেকি তাক আৰক্ষীয়ে স্পষ্ট কৰা নাই৷ কিন্তু আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বিস্ফোৰণৰ পাছতেই সামাজিক মাধ্যমত যিটো পোষ্ট দিছিল, সেই পোষ্টৰ পৰা সৰ্বত্ৰ এতিয়া সন্দেহ–উগ্ৰপন্থী সংগঠন আলফাৰ সৈতে এপিএছচিৰ বাছনিকৃত বিষয়াৰ সু-সম্পৰ্ক আছে নেকি? নতুবা ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা অভিযুক্তৰ তালিকাত নাম থকা কোনো বিষয়াই উগ্ৰপন্থী বা ভাৰাতীয়া লোকক নিয়োগ কৰি গ্ৰেণেড নিক্ষেপ কৰোৱাইছিল নেকি? যদিহে কোনো অভিযুক্ত বিষয়াই আলফাৰ দ্বাৰা বা আন কোনো ভাৰাতীয়া দুবৃৰ্ত্ত নিয়োগ কৰি এপিএছচি কেলেংকাৰি তল পেলাবলৈ সেনাৰ শিবিৰলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপৰ দৰে আইন বিৰুদ্ধে দেশদ্ৰোহী কাৰ্য কৰিছে, সেয়া নি(য় এপিএছচি কেলেংকাৰিতকৈ ভয়ংকৰ কাৰ্য হিচাপে বিবেচিত হ’ব৷ ডিজিপিৰ এই বক্তব্যই অভিযুক্তক কোনো বিষয়া যে উগ্ৰপন্থী আৰু দেশদ্ৰোহী কাৰ্যৰ সৈতে জড়িত তাৰে ইংগিত দিছে৷ ডিজিপিয়ে সামাজিক মাধ্যমত দিয়া পোষ্টৰ অন্তনিৰ্হিত অৰ্থ যে ভয়ানক সেয়া স্পষ্ট৷ আৰক্ষী সঞ্চালক প্ৰধানে হুংকাৰ দিয়াৰ দৰে এছ আই টিয়ে এপিএছচি কেলেংকাৰিৰ তদন্ত গভীৰতালৈ কৰিলে, আন এক ক’লা অধ্যায় উন্মোচন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

সেনা ছাউনীলৈ গ্ৰেণেড, আলফা সদস্য ধৃত

‘আমাৰ অসম’ৰ কাকপথাৰৰ প্ৰতিবেদকঃ আলফাৰ প্ৰতিবাদ দিৱসলৈ মাজত মাত্ৰ পাঁচটা দিন বাকী থকা অৱস্থাত তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ এলেকাধীন ডিৰাক কপাহতলিস্থ সেনা ছাউনীলৈ লক্ষ্য কৰি যোৱা নিশা প্ৰায় ৭.৩০বজাত সন্দেহযুক্ত আলফা স্বাধীনৰ সদস্যই গ্ৰেণেড নিক্ষেপ কৰা কাৰ্যই জিলাখনত আলফাৰ সক্ৰিয়তাক প্ৰতীয়মান কৰিছে৷ কালি ফুট গধূলিতে মটৰ চাইকেলত অহা সন্দেহযুক্ত আলফা স্বাধীনৰ সদস্যই সেনা ছাউনীটোলৈ লক্ষ্য কৰি নিক্ষেপ কৰা শক্তিশালী গ্ৰেণেডটো লক্ষ্যভ্ৰস্ত হৈ সেনা ছাউনীৰ কাষতে থকা কণ্ঠেশ্বৰ চেতিয়াৰ ঘৰৰ চৌহদৰ জেওৰাত লাগি প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হয়৷ সৌভাগ্যক্ৰমে সেনা ছাউনীৰ লগতে কণ্ঠেশ্বৰ চেতিয়াৰ পৰিয়ালৰ লোক হতাহত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে৷ সেনা আৰু আৰক্ষীৰ দলে দুস্কৃতিকাৰিক কৰায়ত্ত কৰিবলৈ তীব্ৰ অভিযান আৰম্ভ কৰে৷ এই অভিযানৰ মাজতে আৰক্ষীয়ে আলফা স্বাধীনৰ ৭৭৯নং বিশেষ অভিযানকাৰী গোটৰ দুৰ্ধৰ্ষ সদস্য অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসমক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ নিলয় অসমৰ পৰা এটা গ্ৰেণেড উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, কাকপথাৰ ৰনং চেলেংগুৰিৰ বাসিন্দা অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম আৰু তেওঁৰ পত্নী মমতা নেওগে চাৰি বছৰীয়া কন্যা সন্তানক এৰি ২০২২ চনৰ ৬ মে’ত আলফা স্বাধীনত যোগদান কৰিছিল৷ বৰ্তমানেও নিলয় অসমৰ পত্নী মমতা নেওগ আলফাতে আছে৷ আনহাতে, ডিৰাকত গ্ৰেণেড বিস্ফোৰণ হোৱাৰ পাছতে সেনা আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত তালাচী অভিযান আৰম্ভ কৰিছে৷ প্ৰণিধানযোগ্য যে, ১৯৯০চনৰ ২৮নৱেম্বৰত অসমত ৰাষ্ট˜পতি শাসন জাৰি কৰাৰ লগতে আলফাক নিষিদ্ধ ঘোষণা কৰি সামৰিক অভিযান আৰম্ভ কৰাৰ দিনটোক সংগঠনটোৱে প্ৰতিবছৰে প্ৰতিবাদ দিৱস হিচাপে পালন কৰি আহিছে৷