Logo
image

গাড়ীত গুলীৰ চিন, ভিতৰত মৃতদেহঃ আমেৰিকাত ভাৰতীয় ছাত্ৰক হত্যা!

ডিজিটেল ডেস্কঃ আমেৰিকাৰ অহাইঅ’ত গাড়ীৰ ভিতৰত  এজন ২৬ বছৰীয়া ভাৰতীয়  ছাত্ৰৰ মৃত্যুদেহ  উদ্ধাৰ কৰা হৈছে। ছাত্ৰ গৰাকীৰ নাম আদিত্য আদলাখা বুলি জানিব পৰা গৈছে ।২৬ বছৰীয়া আদিত্য আদলাখাই  চিনচিনাটি বিশ্ববিদ্য়ালয়ত  পি এইচ ডি কৰি আছিল। ৯ নৱেম্বৰত  চিনচিনাটিৰ ৱেষ্টাৰ্ণ হিলছ ভায়াডাক্টৰত গাড়ী চলাই থকা অৱস্থাত আদিত্য আদলাখাক আক্ৰমণ কৰে দুৰ্বৃত্তই । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গাড়ীখনৰ চালকৰ আসনত কেইবাটাও গুলী নিক্ষেপ কৰা আৰক্ষীয়ে প্ৰত্যক্ষ কৰে। গাড়ীৰ ভিতৰত অচেতন হৈ থকা অৱস্থাত আদিত্য আদলাখাক উদ্ধাৰ কৰি ইউ চি মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয় যদিও  ১১  নৱেম্বৰত তেওঁক মৃত ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে এতিয়ালৈকে এই ঘটনাৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। 

ইফালে ইউনিভাৰ্চিটি অৱ চিনচিনাটি মেডিকেল স্কুলত শোকৰ ছাঁ নামি আহিছে। বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ উপ-সভাপতি তথা স্বাস্থ্য বিভাগৰ ডীন এণ্ড্ৰু ফিলাকে কয় যে তেওঁৰ মৃত্যু অতিকৈ  মৰ্মান্তিক। আমি ইয়াৰ কোনো অৰ্থ বিচাৰি পোৱা নাই। তেওঁক সকলোৱে ভাল পাইছিল। অতি দয়ালু, হাস্যৰসেৰে ভৰা, বুদ্ধিমান আছিল  আদিত্য। 

আদিত্য আদলাখাই ২০১৮ চনত  নতুন দিল্লীৰ  ৰামজাছ কলেজৰ পৰা প্ৰাণীবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ পৰা ২০২০ চনত শৰীৰবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গুচি যায়।