Logo
image

৪৮ ঘণ্টাৰ সময়, দাবী নামানিলে বোমাৰে উৰুৱাই দিয়া হ'ব মুম্বাই বিমানবন্দৰ! : কোনে দিলে এই ভাবুকি?

ডিজিটেল ডেস্কঃ বোমাৰে মুম্বাই বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই৷ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি দিছে দুৰ্বৃত্তই। ই-মেইলযোগে টাৰ্মিনেল-২ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে৷ ভাবুকিৰ পিছতেই বিমানবন্দৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। উল্লেখ্য যে বিমানবন্দৰ কৰ্তৃপক্ষক ৪৮ ঘণ্টাৰ ভিতৰত বিটকইনত ১ মিলিয়ন ডলাৰ পৰিশোধৰ ভাবুকি দিয়া হৈছে। এই ভাবুকিৰ পিছতেই মুম্বাই আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।

আৰক্ষীৰ জনোৱা অনুসৰি, ভাবুকি প্ৰেৰণ কৰা ই-মেইল আইডি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ 'quaidacasrol@gmail.com' - ই-মেইল আইডি ব্যৱহাৰ কৰি দুৰ্বৃত্তই ভাবুকিৰ মেইল প্ৰেৰণ কৰে। ভাবুকিৰ পিছতে মুম্বাই আৰক্ষীয়ে অজ্ঞাত লোকৰ বিৰুদ্ধে আই.পি.চি. ধাৰা ৩৮৬  আৰু ৫০৫ (১)(খ) ৰ অধীনত এই গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। টাৰ্মিনেল-২ত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷