Logo
image

আত্মহত্যাৰ টোকা লিখি নিখোজ চিকিৎসক বিকাশ ৰঞ্জন দাস

ডিজিটেল সংবাদ, গুৱাহাটীঃ আত্মহত্যাৰ টোকা লিখি গুৱাহাটীৰ ঘৰৰ পৰা তিনি দিনে এজন চিকিৎসক ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। গুৱাহাটীৰ চান্দমাৰিৰ নিজৰাপাৰস্থিত ব্লুবেল ৰেঙনী নামৰ এপাৰ্টমেণ্টটোৰ নিবাসী ডাঃ বিকাশ ৰঞ্জন দাস নামৰ চিকিৎসকজনে আত্মহত্যাৰ টোকা লিখি যোৱা ২২ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে চিকিৎসকজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত যোৱা ২৩ নৱেম্বৰত চানমাৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু
কৰি ডাঃ বিকাশ ৰঞ্জন দাসৰ সম্ভেদ বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈ কোনো সম্ভেদ উলিয়াব পৰা নাই।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, চানমাৰি নিজৰাপাৰস্থিত  ব্লুবেল ৰেঙনী এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাৰ আই- 2 নং ফ্লেটৰ বাসিন্দা ডাঃ  বিকাশ ৰঞ্জন দাসে বুধবাৰে পুৱাৰ ভাগত নিজৰ কোঠাত আত্মহত্যাৰ টোকা এৰি ওলাই যায়। সেইদিনৰ পৰা চিকিৎসক ডাঃ বিকাশ ৰঞ্জন দাস সন্ধানহীন হৈ আছে। জানিব পৰা মতে, অলপতে ডাঃ বিকাশ ৰঞ্জন দাসৰ সৈতে বিবাহ বিচ্ছেহ হৈছিল পত্নীৰ। মূলতঃ পাৰিবাৰিক অশান্তিৰ বাবে চিকিৎসকজনে এনেদৰে আত্মহত্যাৰ টোকা  লিখি চৰম পন্থা বাছি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। 

ফ্লেটটোত বসবাস কৰা স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে কিছুদিনৰ পৰা চিকিৎসক বিকাশ ৰঞ্জনৰ মানসিক অৱস্থা সুস্থিৰ নাছিল। আনকি ফ্লেটটোৰ বাসিন্দাক তেওঁ মাত বোল কৰা নাছিল। বহুতেই পত্নীৰ বিচ্ছেদৰ দুখত চিকিৎসকজনৰ এনেকুৱা মানসিক অৱস্থা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল। ঘটনাৰ দিনাখন অৰ্থাৎ বুধবাৰে পুৱাৰ ভাগত চিকিৎসকজন নিজৰ কোঠাৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ হোৱা নাই। আনকি ডাঃ বিকাশ ৰঞ্জনৰ মোবাইল ফোনো অফ হৈ আছে। যাৰ বাবে দুঃচিন্তাত ভোগা ডাঃ বিকাশ ৰঞ্জন দাসৰ পিতৃ-মাতৃয়ে চানমাৰি আৰক্ষীৰ কাষ চাপে। 

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। জীৱনৰ প্ৰতি বিৰাগ হৈ আত্মহত্যাৰ টোকা লিখি চিকিৎসক বিকাশ ৰঞ্জন এনেদৰে নিখোজ হোৱা ঘটনাই সচেতন মহলৰ মাজত চিন্তাৰ উদ্ৰেক ঘটাইছে। ইপিনে মহানগৰ আৰক্ষীয়ে সন্ধানহীন চিকিৎসকজনক শীঘ্ৰেই জীৱন্ত উদ্ধাৰ কৰিব পৰা যাব বুলি দাবী কৰিছে।