Logo
image

আছুৰ নতুন কেন্দ্ৰীয় সমিতি গঠনঃ সভাপতিৰ দায়িত্বত উৎপল শৰ্মা, সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত শংকৰজ্যোতি বৰুৱা

ডিজিটেল সংবাদ, মৰিগাঁওঃ প্ৰায় বছৰজোৰা অপেক্ষা আৰু বহু জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে পুৱাৰ ভাগত পূৰ্ণাংগ ৰূপত গঠন হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ আগন্তুক কাৰ্যকালৰ নতুন কাৰ্যনিৰ্বাহ সমিতিখন। বৃহস্পতিবাৰে মাজ নিশাৰ পৰা আজি ধল পোৱালৈকে অনুষ্ঠিত হোৱা ব্যাপক কৌতুহল পূৰ্ণ বিষয়ববীয়া বাচনি সভাৰ অন্তত ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব উৎপল শৰ্মাক আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব শংকৰজ্যোতি বৰুৱাক অৰ্পণ কৰা হয়। আছুৰ মৰিগাঁৱত অনুষ্ঠিত হোৱা অষ্টাদশ অধিৱেশনৰ বিষয়ববীয়া বাছনি সভাখন সম্পূৰ্ণ ব্যতিক্ৰমী আৰু শান্তি পূৰ্ণ হোৱা পৰিলক্ষিত হয়। 

উল্লেখযোগ্য যে আছুৰ পূৰ্বৰ সভাপতি দীপাংক কুমাৰ নাথে ব্যক্তিগত কাৰণত আছু ত্যাগ কৰাৰ পাছতে উৎপল শৰ্মাক সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল। ইয়াৰ পাছৰ পৰাই উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাই সংগঠনটোৰ গুৰু দায়িত্ব পালন কৰি আহিছিল। মৰিগাওঁ অধিৱেশনত এই দুয়ো নেতাক পুনৰ এটা কাৰ্যকালৰ বাবে এই গুৰু দায়িত্ব প্ৰদান কৰা হয়। সংগঠনটোৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে উৎপল শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আছুত নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি যাম। এই মুহূৰ্তত অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু অভিভাৱকত্ব কামনা কৰিছো। মৰিগাওঁবাসী ৰাইজলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁলোকে বুকুৰ ওম দি সংগঠনটোক জীপাল কৰি ৰাখিলে। আছুৰ অষ্টাদশ অধিৱেশন সম্পূৰ্ণ আৰু সফল কৰি তুলিলে। এতিয়াৰে পৰা দায়িত্ব বাঢ়িছে। এই মুহূৰ্তত জাতীয় শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। অসমীয়া ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ যাতে জনসাধাৰণে বিচৰাধৰণে খিলঞ্জীয়া জনসাধাৰণৰ সপক্ষে থাকি কাম-কাজ কৰি যাব পাৰো। শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ কাম কৰি যাব পাৰোঁ। ইয়াৰ বাবে ৰাইজৰ, শিক্ষাগুৰুসকলৰ, জ্যেষ্ঠজনৰ আশীৰ্বাদ কামনা কৰিছোঁ। 

আনহাতে দ্বিতীয়বাৰৰ বাবে আছু সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া হিচাপে শংকৰজ্যোতি বৰুৱাই কয়, ''বিভিন্ন জিলাৰ পৰা অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকলে দ্বিতীয়বাৰৰ বাবে মোৰ ওপৰত বিশ্বাস ৰাখি সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে। মই নিষ্ঠা, সততাৰে সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আৰু ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মকৰ্তাৰ মন জয় কৰি জাতীয় জীৱনৰ প্ৰতিটো সমস্যাৰ সৈতে সন্মুখৰ পৰা যুঁজ দি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মই অসমবাসী ৰাইজৰ আশীৰ্বাদ, আছুৰ সদস্যসকলৰ পৰা প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আৰু শুভেচ্ছা আশা কৰিছোঁ।''