Logo
image

ম্যানমাৰৰ আলফাৰ শিৱিৰত বুবুল সন্দিকৈ ওৰফে মেজৰ গোলাপ অসমৰ মৃত্যুঃ পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ পত্নীৰ, মৃতদেহ চমজাই দিবলৈ পৰেশ বৰুৱাক দাবী

ডিজিটেল সংবাদ, মাহমৰাঃ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ ভিতৰচ’ৰাত শেহতীয়াকৈ সংঘটিত বিভিন্ন অবাঞ্চিত ঘটনা-পৰিঘটনা আৰু বহুকেইজন সদস্যক সংগঠনৰ আইন উলংঘা কৰাৰ অপৰাধত মৃত্যুদণ্ড দিয়াৰ দৰে ঘটনাই সংগঠনটোৰ মাজত সৃষ্টি হোৱা চূড়ান্ত বিশৃংখলতাৰ ছবিখন পৰিস্ফুত হোৱাৰ সময়তে সংগঠনৰ এগৰাকী পুৰণি জ্যেষ্ঠ সদস্যৰ মৃত্যু হোৱা বুলি আলফাই ঘোষণা কৰিছে। সংগঠনটো প্ৰায় নিশকতীয়া হোৱাৰ সময়তে আলফাৰ জেনেৰেল পৰশে অসমে শুকুৰবাৰে ই-মেইলযোগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে চৰাইদেউ জিলাৰ মাহমৰাৰ বুবুল সন্দিকৈ ওৰফে মেজৰ গোলাপ অসম নামৰ প্ৰবীণ কেদাৰগৰাকী উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ২৩ নৱেম্বৰত আলফাৰ শিৱিৰতে মৃত্যু হোৱা বুলি উল্লেখ কৰিছে৷ 

আনহাতে, ম্যানমাৰৰ আলফা স্বাধীনৰ শিৱিৰত বুবুল সন্দিকৈৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমযোগে জানিব পাৰি চৰাইদেউ জিলাৰ কাকতীবাৰী থানাৰ অন্তৰ্গত মাহমৰাৰ ভালুকণি গাঁৱৰ আলফা সদস্যজনৰ পৰিয়ালত কান্দোনৰ ৰোল উঠে৷ জ্যেষ্ঠ আলফা সদস্যজনৰ পত্নী দেৱলতা সন্দিকৈয়ে বুবুল সন্দিকৈক শিৱিৰত পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ স্বামীৰ মৃত্যুৰ খবৰ পৰিয়াললৈ কিয় প্ৰেৰণ কৰা নহ’ল বুলি পৰেশ বৰুৱালৈ প্ৰশ্ন উত্থাপন কৰি বুবুল সন্দিকৈৰ পত্নীয়ে ক্ষোভ উজাৰি কয় যে আলফাৰ ভিতৰচ’ৰাৰ কথা মই ভালকৈ জানোঁ৷ মই নিজেও আলফাত বহু বছৰ ধৰি আছিলোঁ৷ বহু লঘু অপৰাধৰ বাবে গুৰু শাস্তি প্ৰদান কৰা হয়৷ মোৰ মানুহজনক মই ভালকৈ জানোঁ, তেখেত স্পষ্টবাদী হোৱাৰ বাবে শিৱিৰত হোৱা বহু অনিয়মৰ প্ৰতিবাদ কৰে৷ অন্যায়ৰ প্ৰতিবাদ কৰি যুক্তিসংগত কথাত মাত মতাৰ কাৰণতে মোৰ মানুহজন হয়তো শাস্তিৰ সন্মুখীন হ’ব পাৰে ৷ যদিহে বেমাৰত ভুগি মোৰ স্বামীৰ মৃত্যু হৈছে, তেন্তে পৰেশ বৰুৱাই স্বামীৰ মৃতদেহ আমাক গতাই দিব লাগিব ৷ অন্যথা পৰেশ বৰুৱাই গোলাপ অসমক পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰে পত্নীয়ে৷ 

উল্লেখ্য. চৰাইদেউ জিলাৰ কাকতীবাৰী থানাৰ অন্তৰ্গত মাহমৰা ভালুকণি গাঁৱৰ প্রয়াত চন্দ্র সন্দিকৈ আৰু প্রয়াত পাতলি সন্দিকৈৰ পুত্ৰ বুবুল সন্দিকৈয়ে ১৯৮৫ চনতে আলফাত যোগদান কৰিছিল ৷ ৰাষ্ট্ৰপতি শাসনৰ সময়ত তথা পৰৱৰ্তী সময়ত নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ বিৰুদ্ধে চলোৱা বহুকেইটা অভিযানত সেনা-আৰক্ষীৰ চকুত ধূলি মাৰি সন্দিকৈয়ে সংগঠনটোত নিষ্ঠাৰে সেৱা আগবঢ়াইছিল৷ সংগঠনত থকাৰ সময়তে সহযোগী কেদাৰ দেৱলতাৰ সন্দিকৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ দুই সন্তানৰ পিতৃও হৈছিল বুবুল সন্দিকৈ। পৰৱৰ্তী সময়ত দুই সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি দেৱলতাই আত্মসমৰ্পণ কৰি দুই সন্তানসহ স্বামীগৃহতে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিছিল যদিও আদৰ্শৰ সৈতে আপোচ নকৰা বুবুল সন্দিকৈয়ে পত্নী-সন্তানৰ মৰমকো নেওচা দি আলফাতে থাকি গৈছিল ৷ উল্লেখ্য,আলফা সদস্যজনৰ পত্নীয়ে দুই সন্তানৰ সৈতে দৰিদ্ৰতাৰ সৈতে সহাৱস্থান কৰি অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিছে ৷ এনে সময়তে প্ৰবীন আলফা সদস্যজনৰ মৃত্যুৱে পৰিয়ালটোত শোকৰ বন্যা বোৱাইছে ৷ বিগত ৩৮ টা বছৰে সংগঠনত নিজৰ জীৱনৰ মূল্যৱান সময় ত্যাগ কৰি আপোচবিহীন নীতিত অবিচল থকা বুবুল সন্দিকৈৰ ৰহস্যজনক মৃত্যুত গৃহভূমি মাহমৰাত শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত আলফা সদস্যজনে পত্নীৰ লগতে দুই সন্তানক ইহঃসংসাৰত এৰি থৈ গৈছে ৷ আনহাতে, স্বাধীনতাৰ সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা তেখেতৰ অৱদানক সন্মান জনাই 'সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]' সংগঠনৰ তৰফৰ পৰা লেঃ কর্ণেল গোলাপ অসমক 'অমৰ মৃতক' ঘোষণা কৰিছে ৷