Logo
image

শীতকালীন অধিৱেশন বাতিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰঃ অসম বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশন অনুষ্ঠিত হোৱাৰ কেন্দ্ৰ কৰি সৃষ্টি হৈছে অনিশ্চয়তাৰ৷ বিধানসভা সচিবালয় বা ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে এইপৰ্যন্ত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই যদিও কাৰ্যতঃ বাতিল কৰা হৈছে এই বহু চৰ্চিত অধিৱেশনখন৷ উল্লেখ্য, বিধানসভাৰ বিভিন্ন অধিৱেশন কেবিনেট বৈঠকৰ দৰে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ সেই অনুসৰি গুৱাহাটীৰ বাহিৰত প্ৰথমবৰাৰ বাবে কোকৰাঝাৰত অসম বিধান সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠকতো এই সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ দুৱাৰকৈ কোকৰাঝাৰ ভ্ৰমণ কৰে৷ এবাৰ আনকি অধ্যক্ষ দৈমাৰীয়ে বড়োলেণ্ড প্ৰাদেশীয় বিধানসভা পৰিষদ ভৱন পৰ্যবেক্ষণ কৰাৰ সময়ত অসম বিধানসভা চৌহদত সততে দেখি থকা ঠিকাদাৰ এজনো উপস্থিত আছিল৷ কিন্তু এই সকলো তৎপৰতাৰ পাছতো কিয় কোকৰাঝাৰত অনুষ্ঠিত নহ’ব বিধানসভাৰ শীতকালীন অধিৱেশন৷ বিধানসভা সচিবালয়ৰ এক সূত্ৰৰ মতে বড়োলেণ্ড প্ৰাদেশীয় বিধানসভা পৰিষদ ভৱনত ৪০জন পাৰিষদহে বহিব পৰা ব্যৱস্থা আছে৷ ভৱনটোত আৰু অধিক আসনৰ ব্যৱস্থা কৰাৰ সুবিধা নাই৷ কিন্তু অসম বিধানসভাৰ বিধায়কৰে সংখ্যা ১২৬জন৷ অধিৱেশন হ’লে এই ১২৬জন বিধায়ক ক’ত বহিব তাক কেন্দ্ৰ কৰি জটিল সমস্যাৰ সৃষ্টি হয়৷ পৰিষদ ভৱনত যি ৪০খন আসনৰ ব্যৱস্থা আছে তাৰ সংখ্যা ১২৬খনকৈ বৃদ্ধি কৰিবলৈ হ’লে সমস্ত ভৱনটোৱে নতুনকৈ নিৰ্মাণ কৰিব লাগিব বৰ্তমানৰটোক ভাঙি৷ ইয়াৰ বাবে কোটি কোটি টকাৰ প্ৰয়োজন হ’ব৷ এইমুহূৰ্তত অসম চৰকাৰৰ ৰাজকোষৰ অৱস্থা ইমান টনকীয়াল নহয় যে মাত্ৰ ৪/৫ দিনৰ বাবে বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব৷ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ হ’লে প্ৰয়োজনীয় আন্তঃগাঁথনিৰো অভাৱ বৰ্তমানৰ বিটিআৰৰ বিধানসভা ভৱনটো৷ মন্ত্ৰী-বিধায়কৰ উপৰি বৃহৎসংখ্যক আমোলা-বিষয়া, সংবাদকৰ্মী আদিৰো বহাৰ ব্যৱস্থা থাকিব লাগিব মূল ভৱনটোত৷ বৰ্তমানৰ ভৱনটোত এই সুবিধা যথেষ্ট সীমিত৷ এনেধৰণৰ সা-সুবিধা বা আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ হ’লে যথেষ্ট সময় আৰু পুঁজিৰ প্ৰয়োজন হ’ব৷ যাৰবাবে চৰকাৰে কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ দৰে অভিলাষী আঁচনি আদবাটতে ত্যাগ কৰিবলৈ বাধ্য হয়৷ পৰিষদীয় সদনৰ আন্তঃগাঁথনিৰ উপৰি মন্ত্ৰী-বিধায়ক, আমোলা-বিষয়া, নিৰাপত্ত ৰক্ষী আদিৰ বাবে কোকৰাঝাৰ চহৰত থকাৰ ব্যৱস্থা কৰাটোও যথেষ্ট প্ৰত্যাহ৩ানমূলক হ’ব বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ ৰাজ্য প্ৰশাসনৰ আমোলা-বিষয়াৰ উপৰি সচিবালয়ৰ বৃহৎসংখ্যক বিষয়া-কৰ্মচাৰীও উপস্থিত থাকিব লাগিব অধিৱেশনস্থলীত৷ অধিৱেশনৰ কেইদিন তথা ইয়াৰ বহু আগৰ পৰা কোকৰাঝাৰত অস্থায়ীভাৱে গঢ়ি তুলিব লাগিব বিধানসভা সচিবালয়৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব বৃহৎ অংকৰ পুঁজি আৰু আন্তঃগাঁঠনিৰ৷ কিন্তু ৰহস্যজনকভাৱে কোকৰাঝাৰত বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা ত্যাগ কৰিবলৈ বাধ্য হ’লেও বিধানসভাৰ গুৱাহাটীৰ স্থায়ী চৌহদতো এই অধিৱেশন অনুষ্ঠিত কৰাৰ কৌশল গ্ৰহণ কৰিছে চৰকাৰে৷ মূলতঃ বিৰোধীৰ সমালোচনা আৰু আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কৌশল হিচাপে চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশন এইবাৰ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মাজত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে চৰকাৰে ফেব্ৰুৱাৰী মাহত একেবাৰে বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ ৰণকৌশল গ্ৰহণ কৰিছে৷ চৰকাৰৰ অনিয়ম, ব্যৰ্থতা, দুৰ্নীতি আদিৰ বিৰুদ্ধে যাতে বিধানসভাৰ মজিয়াত বিৰোধীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে চৰকাৰী পক্ষই গ্ৰহণ কৰিছে এই ৰণকৌশল৷