Logo
image

মুখ্য সচিবক আন্ধাৰত ৰাখি জাৰি কৰা হয় নিৰ্দেশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰঃ ‘বৰ্তমান চৰকাৰৰ কাৰ্যকালত মুখ্য সচিবৰ পদমৰ্যাদাক অৱমাননা কৰি কোনো চৰকাৰী বিভাগে পোনে পোনে চৰকাৰী জাননী জাৰি কৰিছে নেকি?’ ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰে যোৱা ২১ নৱেম্বৰত সকলো বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত-সচিব, সচিবলৈ এখন জৰুৰী পত্ৰ (চি এছ /২০২৩/৪৬) প্ৰেৰণ কৰাৰ পাছতেই এই প্ৰশ্নৰ অৱতাৰণা হৈছে৷ মুখ্য সচিবৰ পত্ৰখনে একপ্ৰকাৰে ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ দিছপুৰৰ জনতা ভৱনত ধুমুহাৰ সৃষ্টি কৰিছে৷ পত্ৰখনৰ ভাব-ভাষাৰ পৰা স্পষ্ট হৈছে যে ৰাজ্য প্ৰশাসনৰ মুৰব্বী মুখ্য সচিব৷কিন্তু মুখ্য সচিব পদমৰ্যাদাকে গুৰুত্বহীন কৰা হৈছে৷ মুখ্য সচিবে পত্ৰখনত সকলো বিভাগৰ মুৰব্বীসকলক সোঁৱৰাই দিবলগা হৈছে যে প্ৰশাসনৰ নিয়ম অনুসৰি সকলো বিভাগৰ সিদ্ধান্তৰ ওপৰত মুখ্য সচিবৰ অনুমোদন লাগে৷ ৰাজ্য প্ৰশাসনৰ প্ৰশাসনিক দক্ষতা নিশ্চিত কৰিবৰ বাবে মুখ্য সচিবজন দায়বদ্ধ৷ লক্ষণীয় যে হঠাৎ ৰাজ্যৰ মুখ্য সচিবে এনেদৰে নিজৰ পদমৰ্যাদা তথা চৰকাৰী বিধি-ব্যৱস্থাৰ সন্দৰ্ভত বিভাগীয় মুৰব্বীসকলক সোঁৱৰাই জাননী জাৰি কৰিব লগা হোৱাৰ আঁৰতো আছে এক ৰহস্য৷ জানিব পৰা মতে, ৰাজ্যৰ  গৃহবিভাগৰ দুগৰাকীকৈ গৃহ সচিবে দুখনকৈ জাননী জাৰি কৰি সাংস্কৃতিক অনুষ্ঠান সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মাচুল আৰোপ কৰিছিল৷ ইয়াৰে প্ৰথমখন জাননী জাৰি হৈছিল ছমাহ পূৰ্বে দেৱপ্ৰসাদ মিশ্ৰ গৃহবিভাগৰ সচিব হৈ থকা সময়ত৷ দ্বিতীয়খন জাননী জাৰি হৈছে শেহতীয়াকৈ বিশ্বজিৎ পেগু গৃহ সচিব হৈ থকাৰ সময়ত৷ কিন্তু এই দুয়োখন জাননীৰ কোনো ভূ পোৱা নাছিল মুখ্য সচিব পৱন বৰঠাকুৰে৷ গৃহবিভাগে নিজাকৈ জাননী প্ৰস্তুত কৰি মুখ্য সচিবৰ অগোচৰে গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ অনুমতি সাপেক্ষে হয়তো জাননী প্ৰকাশ কৰিছিল৷ ২৯ মে’ ২০২৩ত দেৱপ্ৰসাদ মিশ্ৰ গৃহ বিভাগৰ সচিব হৈ থকা সময়ত প্ৰকাশ পোৱা জাননীৰ তুলনাত ১৫ নৱেম্বৰ ২০২৩ তাৰিখে বৰ্তমানৰ গৃহ সচিব বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰা জাননীত মাচুল দহগুণ পৰ্যন্ত বৃদ্ধি কৰা হ’ল৷ প্ৰথম জাননীত ৰাজনৈতিক দলৰ সভা-সমদল আদিৰ বাবে ১০০ টকা ধাৰ্য কৰা হৈছিল যদিও দ্বিতীয় জাননীত ইয়াত ২০০০ টকালৈ বৃদ্ধি কৰা হ’ল৷ একেদৰে ক্ৰীড়া অনুষ্ঠানৰ বাবে প্ৰথম জাননীত  ৩০০ টকাৰ মাচুল লগোৱা হৈছিল যদিও দ্বিতীয় জাননীত ইয়াত ২০০০ টকালৈ বৃদ্ধি কৰা হ’ল৷  বাণিজ্যিক মেলা প্ৰদৰ্শনী আদিৰ বাবে প্ৰথম জাননীত ১০০০ টকা ধাৰ্য কৰা হৈছিল যদিও দ্বিতীয় জাননীত ইয়াক ৫০০০ টকালৈ বৃদ্ধি কৰা হ’ল৷ গুৱাহাটীত বাণিজ্যিক নিৰ্মাণ ক্ষেত্ৰত প্ৰথম জাননীত  ১০,০০০ টকা ধাৰ্য কৰা হৈছিল যদিও দ্বিতীয় জাননীত ইয়াত ৫০,০০০ টকালৈ বৃদ্ধি কৰা হ’ল৷ পেট্ৰ’ল পাম্প গেছ, এজেন্সিৰ আদিৰ ক্ষেত্ৰত প্ৰথম জাননীত ২,০০০ টকাৰ মাচুল লগোৱা হৈছিল যদিও দ্বিতীয় জাননীত ইয়াত ১০,০০০ টকালৈ বৃদ্ধি কৰা হ’ল৷ স্বাভাৱিকতে মুখ্য সচিবৰ অজ্ঞাতে দিছপুৰৰ একেটা বিভাগৰ দুগৰাকী মুৰব্বীয়ে এনেদৰে জাননী জাৰি কৰাক লৈ ক্ষুব্ধ হৈ উঠিছে ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰ৷ তেওঁক আন্ধাৰত ৰাখি যাতে চৰকাৰী বিভাগে জাননী জাৰি নকৰে সেই কথা এক পত্ৰৰ জৰিয়তে সোঁৱৰাই দিব লগা হৈছে মুখ্য সচিবে৷   উল্লেখ্য যে ৰাজ্যৰ এই গৃহবিভাগৰ জাননীক লৈ ইতিমধ্যে বিৰোধীয়ে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰাৰ লগতে শাসকীয় পক্ষই জাননীখনক ন্যায্যতা দিবলৈ উঠিপৰি লাগিছে৷ কাৰ্যতঃ ছমাহ আগৰ পৰাই যে সভা-সমিত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গৃহবিভাগে গোপনে মাচুল আৰোপ কৰিছিল সেই কথাও মুখ্য সচিবৰ পত্ৰখনে পোহৰলৈ আনিলে৷