Logo
image

আজমলক প্ৰশ্ন কৰি প্ৰহৃত হ’ল যুৱক

‘আমাৰ অসম’ৰ হাইলাকান্দিৰ প্ৰতিনিধি, ২৫ নৱেম্বৰঃ হাইলাকান্দিত এআইউডিএফৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ উপস্থিতিত দুই ফৈদৰ মাজত কাজিয়াৰ ফলতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ স্থানীয় এজন যুৱকে মঞ্চত বহি থকাসকলক উদ্দেশ্যি এটা প্ৰশ্ন কৰাৰ বাবে তাৰ ওপৰত উপৰ্যুপৰি প্ৰহাৰ কৰে কেইজনমান এআইইউডিএফ কৰ্মীয়ে৷ লগে লগে হাতে হাতে চকী লৈ কাজিয়া আৰম্ভ হয় দুই ফৈদৰ মাজত৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি মুহূৰ্তৰ ভিতৰতে উত্তেজনাৰ সৃষ্টি হয় সভাস্থলীত৷ আজি হাইলাকান্দিজিলাৰ আমালা গাঁৱত আয়োজিত হৈছিলে এআইইউডিএফৰ এই কৰ্মীসভা৷ ইপিনে, এই ঘটনাক প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলৰ কেন্দ্ৰীয় সম্পাদক দিলোৱাৰ হুছেইন লস্কৰে জনায় যে এইজন যুৱক তেওঁলোকৰ দলৰ এজন কৰ্মী৷ কিন্তু সভাত বহিবলৈ চকী কম থকাত চকীৰ ব্যবস্থা কৰি দিয়াৰ বাবে তেওঁ প্ৰতিবাদ জনাইছিল৷ ফলত সভাৰ সৌন্দৰ্য ব্যাহত হোৱাৰ আশংকাত তাতে থকা সেচ্ছাসেৱকসকলে যুবকজনক সভাৰ পৰা আঁতৰাই লৈ যায়৷ আৰু উপস্থিত ৰাইজে ইয়াক দেখি কাজিয়া হৈছে বুলি ভাবি লৈছিল বুলি জনায় দিলোৱাৰ হুছেইনে৷ ইপিনে, ইয়াৰ আগতে সভাস্থলীত অহাৰ সময়ত হাইলাকান্দি জিলাৰ আলগাপুৰ, বাউৰঘাট বজাৰ আদিকে ধৰি বিভিন্ন ঠাইত মৌলানা বদৰুদ্দিন আজমলক উদ্দেশ্য কৰি একাংশই ক’লা পতাকা দেখুৱাই আৰু মুৰ্দাবাদ ধবনি দি প্ৰতিবাদ জনায়৷ অৱশ্যে আজমলেও সভাত নিজৰ বক্তব্যত এই কথা স্বীকাৰ কৰি হাইলাকান্দিৰ তিন দলীয় বিধায়কৰ মাজতে চলা কাজিয়াৰ ফলতে ৰাইজৰ মাজতে এআইইউডিএফৰ প্ৰতি এনে ক্ষোভৰ সৃষ্টি হৈছে বুলি দাবী কৰে৷ লগতে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষোভ সমাপ্ত কৰাৰ পিছতহে তেওঁ ৰাইজৰ ওচৰলৈ ভোট চাবলৈ যাব বুলিও নিজৰ বক্তব্যত দাবী কৰে এআইইউডিএফ প্ৰধান আজমলে৷ আনহাতে, সভাৰ অন্তত সংবাদ মাধ্যমৰ আগতে মন্তব্য আগবঢ়াই বদৰুদ্দিন আজমলে কয়– ৰাজ্যৰ তিনি লোকসভা সমষ্টি ক্ৰমে কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰীত প্ৰাৰ্থিত্ব আগবঢ়াব এআইইউডিএফে৷ বাকী ১১খন আসনত কংগ্ৰেছ বা ‘ইণ্ডিয়া’ জোঁটৰ প্ৰাৰ্থীক সহায় কৰিব এআইইউডিএফে৷ লগতে অহা নিৰ্বাচনৰ পিছতে ৰাহুল গান্ধীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দেখিব বিচাৰে বুলিও জনায় তেওঁ৷ যোৱা ২০ বছৰ ইউপিএ আৰু ছোনিয়া গান্ধীৰ লগতে আছিলে আৰু এতিয়া এইখন দল ক্ষমতাত অহাটো বিচাৰে বুলিও জনায় মৌলানা বদৰুদ্দিন আজমলে৷