Logo
image

আছুৰ পৰা ওলায়েই বিজেপিৰ পদূলিত দিব্যজ্যোতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰঃ দিব্যজ্যোতি মেধি৷ কিছুদিন আগলৈকে আছিল আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া৷ আছুৰ সংবিধান উলংঘা কৰাৰ অপৰাধত সংগঠনটোৱে মেধিক এবছৰৰ বাবে আছুৰ পৰা অব্যাহতি দিয়ে৷ ইয়াৰ পাছতেই আছুৰ বিৰুদ্ধে সৰব হৈ পৰে দিব্যজ্যোতি মেধি৷ যিসকল আছুনেতাৰ সৈতে দুদিন আগলৈকে আছিল মেধিৰ উঠা-বহা, সেইসকলৰ বিৰুদ্ধেই তেওঁ ৰাজহুৱাভাৱে বয়স আৰু শিক্ষাগত অৰ্হতাকে ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰিবলৈ ধৰিলে– অৱশ্যে তেওঁক আছুৱে অব্যাহতি দিয়াৰ পাছত৷ আছুত থকা সময়ছোৱাত সেইসকল সতীৰ্থৰ বিৰুদ্ধে দিব্যজ্যোতি মেধিয়ে টু শব্দও উচ্চাৰণ কৰা নাছিল৷ কেৱল অভিযোগ উত্থাপন কৰিয়েই ক্ষান্ত নহ’ল দিব্যজ্যোতি মেধি, আছুৰ বিৰুদ্ধে আদালতত গোচৰো ৰুজু কৰিলে৷ আছুৰ মৰিগাঁও অধিৱেশন স্থগিত কৰাৰ বাবে আদালতক প্ৰাৰ্থনা জনালে৷ এই ঘটনা প্ৰৱাহৰ মাজতে সুকলমে অনুষ্ঠিত হৈ গ’ল আছুৰ অষ্টাদশ মৰিগাঁও অধিৱেশন৷ এনে সময়তে বিজেপিৰ এটা উচ্ছস্তৰীয় সূত্ৰই সদৰী কৰিছে যে দিব্যজ্যোতি মেধিয়ে বিজেপিত যোগদান কৰিবৰ বাবে ইচ্ছা কৰিছে আৰু সেইসূত্ৰে দুজন মন্ত্ৰীকে ধৰি কেইবাজনো বিজেপি নেতাৰ সৈতে তেওঁ যোগাযোগ অব্যাহত ৰাখিছে৷ সূত্ৰটোৱে জনোৱা মতে, এইসকল বিজেপি নেতাৰ সৈতে দিব্যজ্যোতি মেধিৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ লক্ষণীয়ভাৱে সংবিধান উলংঘা কৰাৰ উপৰি দিব্যজ্যোতি মেধিৰ বিৰুদ্ধে আছুৰ মজিয়াত উত্থাপিত হৈছে আন কেতবোৰ অভিযোগো৷ ইফালে, আছুৰ মৰিগাঁও অধিৱেশনৰ সমান্তৰালভাৱে দিব্যজ্যোতি মেধিৰ তৎপৰতাত ডিমৰীয়া ছাত্ৰ সন্থাই বিশেষ অনুষ্ঠানৰো আয়োজন কৰিলে– যি ডিমৰীয়া ছাত্ৰ সন্থাক আছুৱে ইতিমধ্যে নিষ্ক্ৰিয় কৰিছে৷ আছুৰ মৰিগাঁও অধিৱেশন আৰম্ভ হোৱাৰ পাছতে দিব্যজ্যোতি মেধিয়ে আছুৰ পৰা পদত্যাগ কৰা বুলিও ঘোষণা কৰিলে– আছুৱে তেওঁক অব্যাহতি দিয়াৰ বেছ কিছুদিন পাছত৷ এনে সময়তে বিজেপিৰ পদূলিত দিব্যজ্যোতি মেধিৰ অৱস্থানে নিঃসন্দেহে বহন কৰিছে বিশেষ তাৎপৰ্য৷