Logo
image

ৰাজস্থান বিধানসভা নিৰ্বাচনঃ মুখ্যমন্ত্ৰী অশোল গেহলটৰ দাবী, "আকৌ আহিব কংগ্ৰেছ চৰকাৰ"

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে৷ নিৰ্বাচনী আয়োগে জনোৱা অনুসৰি, আবেলি ৫ বজালৈ ৬৮.২৪ শতাংশ ভোটদান সম্পূৰ্ণ হয়৷ ২০০খন আসনৰ ভিতৰত ১৯৯ খন  আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। ৰাজ্যখনৰ ৫ কোটিৰো অধিক ভোটাৰে আজি ভাগ্য নিৰ্ণয় কৰিব ১৮৬২ জন প্ৰাৰ্থীৰ৷ ৰাজস্থানত নিৰ্বাচন আয়োগে স্থাপন কৰিছে ৫১,৮৯০টা ভোটকেন্দ্ৰ৷ শান্তিপূৰ্ণভাৱে ভোটদানৰ বাবে কটকটীয়া কৰা হৈছে নিৰাপত্তাৰ ব্যৱস্থা।

নিৰ্বাচনী আয়োগে জনোৱা অনুসৰি, আবেলি ৫ বজালৈকে ৬৮.২ শতাংশ ভোটদান সম্পূৰ্ণ হৈছে। জৈছলমেৰত সৰ্বাধিক ৭৬.৬ শতাংশ ভোটদান আৰু পালি জিলাত সৰ্বনিম্ন ৬০.৭ শতাংশ ভোটদান হয়৷ 

ভোটগ্ৰহণৰ মাজতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দাবী কৰিছে যে ৰাজস্থানত পুনৰ শাসনলৈ আহিব কংগ্ৰেছ৷ জনতাৰ আৰ্শীবাদ আৰু মৰম লাভ কৰিছে কংগ্ৰেছে৷ লগতে কংগ্ৰেছৰ ভিতৰচ'ৰাত কোনো কন্দল নাই বুলিও দাবী কৰে মুখ্যমন্ত্ৰী গেহলটে৷