Logo
image

বোধশক্তিৰ বিকাশ আন ভাষাৰে কেতিয়াও সম্ভৱ নহয়, শিশুক মানুহ হিচাপে গঢ় দিবলৈ মাতৃভাষাত দিব লাগে প্ৰাথমিক শিক্ষাঃ গৌতম শৰ্মা

ডিজিটেল সংবাদ, চামতাঃ প্ৰত্যেক শিশুক মানুহ হিচাপে গঢ়িবলৈ মাতৃভাষা শিক্ষাৰ মাধ্যম হিচাপে লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ বোধশক্তিৰ বিকাশ আন ভাষাৰে কেতিয়াও সম্ভৱ নহয়৷ গতিকে পৰিৱৰ্তিত পৃথিৱীত খাপ খুৱাবলৈ ইংৰাজী আৰু আন ভাষা প্ৰয়োজনীয় হ’লেও সকলো শিশুকে প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমত প্ৰদান কৰিবলৈ মই অনুৰোধ জনালোঁ ৷ কিয়নো প্ৰকৃত মানুহ গঢ়িবলৈ, মানুহক ভাল পাবলৈ প্ৰথম চৰ্ত হ’ল মাতৃভাষাৰ মাধ্যমত প্ৰাথমিক শিক্ষা৷”- নলবাৰী জিলাৰ গোৱৰাদলস্থিত পূৱ নাম্বৰভাগ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ স্মাৰক বক্তৃতা অনুষ্ঠানৰ উদ্বোধনী ভাষণত এই মন্তব্য প্ৰদান কৰে গীতিকাৰ, সুৰকাৰ, 'আমাৰ অসমৰ' কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই ৷ 

ভাষণত তেওঁ লগতে কয় যে শিক্ষানুষ্ঠানে এটা অঞ্চল পোহৰাই তোলে, এই পোহৰ চিৰযুগমীয়া। গ্ৰন্থ পঢ়াৰ আন্দোলনে আমাক সৱল কৰি তুলিছে। অসম জাতীয় বিদ্যালয় অসমৰ জাতীয় জীৱনৰ এক গণপ্ৰহৰী। অসমৰ শিক্ষা জগতত অসম জাতীয় বিদ্যালয়ে অসমৰ ভাষা সংস্কৃতিৰ বাহক। 

উক্ত অনুষ্ঠানতে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনেশ্যাম মেধিয়ে উপস্থিত থাকি ভাষণত কয় যে চৰকাৰী বিদ্যালয়ৰ প্ৰতি একাংশ অভিভাৱকৰ আস্থা কমি অহাত ১৯৯৪ চনত গুৱাহাটীৰ মাজমজিয়াৰ ৰাজগড়ত অসম জাতীয় বিদ্যালয়ৰ গঢ় লৈ উঠিছিল। এই শিক্ষানুষ্ঠানৰ লক্ষ্য অৰু উদ্দেশ্য মাতৃ ভাষাত আমাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া । পূৱ নাম্বৰভাগ জাতীয় বিদ্যালয়ৰ ৰূপালী অনুষ্ঠানৰ দ্বিতীয় দিনাৰ স্মাৰক বক্তৃতা অনুষ্ঠানটো আঁত ধৰে শিক্ষক জয়ন্ত বৰ্মনে।