Logo
image

আজিৰ পৰা ৰাসোৎসৱ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৬ নৱেম্বৰঃ ৰাজ্যৰ চুকে কোনে আৰম্ভ হৈছে ৰাসৰ উছাহ৷ ইতিমধ্যে ৰাসথলীসমূহ জাকজমকতাৰে সাজু কৰি তোলা হৈছে৷ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাকলৈ এতিয়া সৰ্বত্ৰ ভীষণ ব্যস্ততা৷ শৰত কালৰ পূৰ্ণিমা তিথিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয় ৰাসোৎসৱ৷ জগতৰ সৃষ্টিকৰ্তা শ্ৰীকৃষ্ণই ধৰা ধামত কৰা লীলাসমূহক কলাত্মক ৰূপত উপস্থাপন কৰি ৰাস মহোৎসৱৰ জৰিয়তে ৰাজ্যত ভক্তিৰ ৰস বোৱাই নিয়াৰ প্ৰয়াস কৰা হয়৷ ৰাস মহোৎসৱৰ বাবে এতিয়া ৰাজ্যজুৰি উখল মাখল পৰিৱেশ বিৰাজ কৰিছে৷ এইবাৰ দেওবাৰৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তিনি, চাৰি, পাঁচদিনীয়া কাৰ্যসূচীৰে ৰাসোৎসৱৰ আয়োজন কৰা হৈছে৷ এইবাৰ  সত্ৰনগৰী মাজুলীত ২৬, ২৭ আৰু ২৮ নৱেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাসোৎসৱ আয়োজন কৰা হৈছে৷ সত্ৰনগৰী মাজুলীত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হ’ব৷ শিশু, মহিলাৰ পৰা মিছিং ভাষাৰ নাট অভিনয় কৰিবলৈ সাজু হৈছে ৬৭খন সাংস্কৃতিক মঞ্চ৷  সত্ৰ নগৰী মাজুলীত ৰাস মহোৎসৱ উপলক্ষে দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিছে৷ ইতিমধ্যে আভ্যন্তৰীণ জল পাৰিবহন বিভাগে দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে নিমাতি ঘাটৰ পৰা মাজুলীলৈ বিশেষ ফেৰী সেৱাৰো ব্যৱস্থা কৰিছে৷ মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পীসকলেও ৰাসত প্ৰয়োজনীয় বিভিন্ন মুখা শিল্প সাজি ওলাইছে৷ দীৰ্ঘদিন ধৰি ৰাসৰ আখৰাত ব্যস্ত থকা, শিশু, যুৱক-যুৱতী প্ৰমুখ্যে জ্যেষ্ঠজনেও শনিবাৰৰ দিনটোত শেষ আখৰা সম্পূৰ্ণ কৰিছে৷ এতিয়া উজনীৰ পৰা নামনিলৈ ৰাস মহোৎসৱক লৈ এক উখল -মাখল পৰিবেশ বিৰাজ কৰিছে৷ এইবাৰ নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত উদ্‌যাপিত ৰাস মহোৎসৱলৈ আহিব শ্ৰীকৃষ্ণ৷ নলবাৰী হৰিমন্দিৰত ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৯০সংখ্যক ৰাস মহোৎসৱ৷ ২৬ নৱেম্বৰৰ সন্ধিয়া ৯০সংখ্যক নলবাৰী ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব জগতগুৰু শংকৰাচাৰ্য স্বামী অধোক্ষজনান্দ দেৱতীৰ্থ মহাৰাজে৷ এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব দূৰদৰ্শনৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ৰ শ্ৰীকৃষ্ণ খ্যাত নীতিশ ভৰদ্বাজ৷ তদুপৰি ৰ আৰু ২ ডিচেম্বৰত স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব৷ এই ৰাস প্ৰথম দিনা উদ্বোধন কৰিব অভিনেত্ৰী আইমী বৰুৱাই৷ উল্লেখ্য, নলবাৰীৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হ’ব ৰাস উপলক্ষে ব্যৱস্থা কৰা নলবেইৰা হাটত৷ এইবাৰৰ ৰাসত মুঠ ১৩খন ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট৷ ইফালে হাউলীত চ্ছ নৱেম্বৰৰ পৰা ১৫ দিনীয়া, ছয়গাঁৱত ২৬ নৱেম্বৰৰ পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে৷ সেইদৰে পলাশবাৰী ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী ২৭ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে৷ পলাশবাৰী ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, ধৰ্মালোচনা সভা, সতীৰ্থ সন্মিলন আদিৰ আয়োজন কৰা হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ঠায়ে ঠায়ে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে৷ সেই অনুসৰি পশ্চিম গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰত ২৭ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ বিস্তৃত কাৰ্যসূচীৰে নামবাৰীস্থিত সত্ৰ প্ৰাংগনত সাতদিনীয়াকৈ ৰাস মহোৎসৱ উদ্‌যাপন কৰা হ’ব৷ গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোংস্থিত শ্ৰীশ্ৰী কৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত বিগত বছৰৰ দৰে এইবেলিও অহা চ্ছ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে ২৪সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱ উদ্‌যাপন কৰা হ’ব৷ ৰাস মহোৎসৱৰ আটাইকেইদিনতে পুৱা পূজা আৰম্ভ, বিয়লি গীতা পাঠ আৰু নামতি দলে নাম পৰিৱেশন কৰিব৷ ইফালে ৯ নবেম্বৰৰ দিনা ৰাস মহোৎসৱস্থলীত আগন্তক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়৷ গুৱাহাটীৰ নবীন নগৰত এইবাৰ ৪১সংখ্যক নবীন নগৰ ৰাসমহোৎসৱ ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ চাৰি দিনীয় বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে৷ এইবাৰ দেওবাৰে বৃহত্তৰ গুৱাহাটী ৰাস মহোৎসৱখন অষ্টমবাৰৰ বাবে অনুষ্ঠিত হ’ব৷ এইবেলি গুৱাহাটীৰ লাচিত সংঘৰ প্ৰাংগণত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ৷ এইদৰে গুৱাহাটীৰ বিভিন্ন ঠাইত এতিয়া ৰাস মহোৎসৱ দেওবাৰৰ পৰা উদ্‌যাপন কৰা হ’ব৷ ৰাজ্যৰ চৌদিশে এতিয়া মাথোঁ কৃষ্ণ বন্দনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ কৰ’বাত যদি মৃন্ময় মত্তিৰ্ৰ ৰাস সাজু আন কৰবাত আকৌ জীৱন্ত ৰাসৰ প্ৰস্তুতি সাজু হৈ উঠিছে৷ সমগ্ৰ ৰাজ্যতে ৰাস চাবলৈ এতিয়া উজনি-নামনিত ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে৷ উল্লেখ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘কীৰ্তন ঘোষা’ত ‘শ্ৰীকৃষ্ণৰ ৰাসলীলা’ৰ কৰা অনুপম বৰ্ণনাকে ভক্ত সমাজে আজিও সৰোগত কৰি পালন কৰি আহিছে ৰাসোৎসৱ৷

আজিৰ পৰা নলবাৰীত তেৰদিনীয়া ৰাস মহোৎসৱ

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি আৰু বৰভাগৰ প্ৰতিবেদক, ২৬ নৱেম্বৰঃ ১৯৩৩চনৰ পৰা নীৰৱচ্ছন্নভাৱে উদ্‌যাপিত হৈ অহা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলিৰ ৯০সংখ্যক ৰাস মহোৎসৱক লৈ প্ৰস্তুতি তুংগত তুলিছে উদ্‌যাপন সমিতিয়ে৷ কাইলৈৰ পৰা তেৰদিনীয়াকৈ আৰম্ভ হ’ব ৯০সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ৷ ৯০সংখ্যক ৰাস মহোৎসৱ সূচাৰুৰূপে চলাই নিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদ্‌যাপন সমিতিয়ে৷ কাইলৈ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হ’ব৷ প্ৰথমে শ্ৰী শ্ৰী হৰিমন্দিৰৰ পতাকা উত্তোলনৰ পাছতে ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰিব ৯০সংখ্যক ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ ইয়াৰ পাছতে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত সন্ধিয়া ৫ বজাত চহৰখনৰ চৰকাৰী গৰ্ডন স্কুল খেলপথাৰৰ পৰা উলিয়াবলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জিলা আয়ুক্ত বৰ্ণালী ডেকাই৷  সন্ধিয়া ৫.৩০ বজাত ফিতা কাটি ৯০সংখ্যক ৰাস মহোৎসৱ উদ্বোধন কৰিব জগতগুৰু শংকৰাচাৰ্য স্বামী অধোক্ষজনান্দ দেৱতীৰ্থজী মহাৰাজে৷ ইয়াৰ পাছতে ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতৰ শ্ৰীকৃষ্ণখ্যাত নীতিশ ভৰদ্বাজ৷ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ আৰু চন্দ্ৰমোহন পাটোৱাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ উদ্বোধনী অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিবলৈ ইতিমধ্যে উদ্‌যাপন সমিতিয়ে প্ৰস্তুতি তুংগত তোলা দেখা গৈছে৷ এইবেলিৰ ৯০সংখ্যক ৰাস মহোৎসৱ উপলক্ষে চহৰখনৰ চৌদিশে আটকধুনীয়াকৈ তোৰণ নিৰ্মাণৰ লগতে চৌদিশে পোহৰেৰে উজ্জ্বলাই তোলাৰ বাবে উদ্‌যাপন সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে৷ মৃন্ময় মূৰ্তিপ্ৰধান নলবাৰী ৰাস মহোৎসৱত এইবেলি জীৱন্ত ৰাস প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে পুতলা নাচ প্ৰদৰ্শনেৰে ৰাস মহোৎসৱথলী উজ্জীৱিত কৰি তুলিব বুলি জনাইছে উদ্‌যাপন সমিতিৰ বিষয়ববীয়াই৷

নলবাৰী ৰাসত প্ৰদৰ্শনী, বিক্ৰী মেলা অন্য স্থানলৈ স্থানন্তৰিত কৰাত প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ নলবাৰী শ্ৰীশ্ৰীহৰিমন্দিৰত অনুষ্ঠিত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা হস্তঁতাত বস্ত্ৰ প্ৰদৰ্শনীখন অন্য ঠাইলৈ স্থানন্তৰিত কৰাৰ খবৰ লাভ কৰাত জাঙুৰ খাই উঠিছে নলবাৰী জিলাৰ শিপিনীসকলৰ উপৰিও নলবাৰী জিলা শিপিনী সন্থা৷ সমাগত ৯০সংখ্যক ৰাস মহোৎসৱতো অইন বছৰৰ দৰে RRAEFED ৰ দ্বাৰা ৰাজ্যিক পৰ্যায়ৰ এখন বস্ত্ৰমেলা অনুষ্ঠিত হ’ব বুলি নলবাৰী জিলা শিপিনী সন্থাই আশা কৰিছিল৷ শিপিনীসকলে ইয়াৰ বাবে বিভিন্ন বস্ত্ৰসম্ভাৰ লৈ সাজু হৈ উঠা সময়তে প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা হস্তঁতাত বস্ত্ৰ প্ৰদৰ্শনীখন অন্য ঠাইলৈ স্থানন্তৰিত কৰাৰ খবৰ লাভ কৰাত নলবাৰী জিলাৰ শিপিনীসকল ক্ষোভিত হৈ পৰিছে৷ আজি নলবাৰী জিলা শিপিনী সন্থাই উইভাৰ্ছ ছাৰ্ভিচ চেণ্টাৰৰ সঞ্চালকক এক পত্ৰৰ জৰিয়তে কয় হস্ততাঁত খণ্ডৰ নলবাৰী জিলা এখন গুৰুত্বপূৰ্ণ ঠাই৷ অসম চৰকাৰৰ স্ব-নিৰ্ভৰ আঁচনিত প্ৰায় ৩৩ হাজাৰ শিপিনী পঞ্জীয়নভুক্ত হৈ আছে৷ এই শিপিনীসকলৰ উৎপাদিত বস্ত্ৰসম্ভাৰ বিভিন্ন অসুবিধাস্বত্ত্বেও বজাৰমুখী কৰাৰ বাবে নীৰৱচ্ছিনভাৱে নলবাৰী জিলা শিপিনী সন্থাই কাম কৰি আহিছে৷  ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বস্ত্ৰমেলাত শিপিনীসকলক উৎসাহিত কৰি আহিছে৷ যোৱা বৰ্ষতো এনেধৰণৰ বস্ত্ৰমেলাই ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও শিপিনীসকলক আৰ্থিকভাৱে কিছু সকাহ দিবলৈ সক্ষম হৈছিল৷ কিন্তু প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা হস্তঁতাত বস্ত্ৰ প্ৰদৰ্শনীখন অন্য ঠাইলৈ স্থানন্তৰিত কৰাত নলবাৰী জিলা শিপিনী সন্থাই কি কাৰণত নতুবা কাৰ প্ৰৰোচনাত পৰি প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা বস্ত্ৰমেলাখন অন্য ঠাইলৈ স্থানন্তৰিত কৰিলে তাৰ উত্তৰ বিচাৰিছে৷ বস্ত্ৰমেলাখন অন্য ঠাইলৈ স্থানান্তৰিত নকৰি নলবাৰী ৰাস মহোৎসৱত হস্ততাঁত শিল্পৰ বিক্ৰী আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে নলবাৰী জিলা শিপিনী সন্থাই৷

ৰহাত ৰাস মহোৎসৱৰ সোণালী জয়ন্তী আৰম্ভ

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদকঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত সৰাগাঁও আৰু ববৰাআটি শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ পঞ্চাশবৰ্ষীয় সোণালী জয়ন্তী উপলক্ষে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি শুভাৰম্ভ হয়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ নাথে৷ ইয়াৰ পাছতে পঞ্চাশজন ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন শিক্ষক প্ৰফুল্ল চন্দ্ৰ বৰদলৈয়ে৷ ইয়াৰ পাছতে পঞ্চাশগৰাকী মহিলাৰ দ্বাৰা পৰিৱেশন কৰা হয় এক সমবেত সংগীত৷ ইয়াৰ লগে লগে ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰী শিক্ষক তৰুণ চন্দ্ৰ ডেকাই৷ এই শোভাযাত্ৰাত পঞ্চাশগৰাকী আয়তী, পঞ্চাশজন গায়ন-বায়ন, যুৱতী, আঠযোৰ ৰাধাকৃষ্ণ, শংখচোৰকে আদি কৰি বিভিন্ন সাংস্কৃতিক সমাহাৰে ভাগৱত শোভাযাত্ৰা কৰে৷ এই বৰ্ণিল ভাগৱৎ ভ্ৰমণ আৰু সাংস্কৃতিক আকৰ্ষণীয় শোভাযাত্ৰাই সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ সোণালী জয়ন্তী ৰাস মহোৎসৱৰ দেওবাৰে নিশা কেলিগোপাল নাট পৰিৱেশন কৰা হ’ব৷ একেদৰে পাঁচদিনীয়া এই কাৰ্যসূচীৰ নাম-প্ৰসংগ, ধৰ্মালোচনী সভা, অংকীয়া ভাওনা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব৷ এই ৰূপালী জয়ন্তী ৰাস মহোৎসৱক লৈ অঞ্চলটোত এক উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰা দেখা গৈছে৷

হেলনাত আঠদিনীয়াকৈ ১০৬সংখ্যক ৰাস মহোৎসৱ

‘আমাৰ অসম’ৰ পাটাছাৰকুছিৰ প্ৰতিবেদকঃ পাটাছাৰকুছিৰ ওচৰৰ হেলনাত অসমৰ প্ৰাচীন তথা ঐতিহ্যপূৰ্ণ ১০৬সংখ্যক ৰাস মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে৷ আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ ৰাস উদ্‌যাপন কৰা হ’ব৷ আজি পুৱা ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি নীৰেন্দ্ৰ মোহন গোস্বামীয়ে পতাকা উত্তোলনেৰে ৰাসৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে৷ ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠান সম্পন্ন কৰা হয়৷ সন্ধিয়া ৰাধাকৃষ্ণৰ প্ৰতিমা স্থাপন, পূজা অৰ্চনা আৰু নাম-প্ৰসংগ কৰা হয়৷ পৰিচালনা সমিতিৰ সভাপতি নীৰেন্দ্ৰ মোহন গোস্বামী, উপ-সভাপতি প্ৰ!াদ কলিতা, সম্পাদক গৌতম চন্দ্ৰ ৰয় আৰু সহকাৰী সম্পাদক মনোজ কুমাৰ ডেকাই ৰাস উদ্‌যাপনৰ বাবে আধ্যাত্মিক দিশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কাৰ্যসূচী প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে৷ কাইলৈ স্বচ্ছ অভিযান, গছপুলি ৰোপণ পানীতোলা উৎসৱৰ পাছতে সন্ধিয়া জ্জ বজাত পূজা মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ভবানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ উদ্বোধনী অনুষ্ঠানৰ লগতে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শ্ৰীৰাম একাডেমিৰ সঞ্চালক দুলাল তালুকদাৰ আৰু এ এন পি এলৰ স্বত্বাধিকাৰী অনুপম শৰ্মা৷ মহোৎসৱৰ ২৭নৱেম্বৰত আৰতিৰ দিহানাম প্ৰতিযোগিতা, ঢুলীয়া প্ৰদৰ্শন,  আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ ২৮নৱেম্বৰত ঢুলীয়া আৰু যাত্ৰাভিনয় প্ৰদৰ্শন কৰা হ’ব৷ ২ ডিচেম্বৰত সাংস্কৃতিক অনুষ্ঠানেৰে ৰাস মহোৎসৱৰ সামৰণি মৰা হ’ব৷

ৰামদিয়াত ১২২সংখ্যক ৰাস মহোৎসৱ

‘আমাৰ অসম’ৰ হাজোৰ প্ৰতিবেদকঃ পৰম্পৰাগতভাৱে চলি অহা ঐতিহ্যমণ্ডিত ১২২সংখ্যক ৰামদিয়া ৰাস মহোৎসৱ আজিৰ পৰা এঘাৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়৷ কাৰ্যসূচী অনুসৰি বিয়লি ছয় বজাত ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে আৰু বন্তি প্ৰজ্বলন কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই৷ ইয়াৰ পাছতে ৰাস মহোৎসৱৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয়৷ হিতসাধিনী সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ কাকতিয়ে আঁতধৰা সভাত স্মৰণিকা উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই কয় মানুহৰ মাজত প্ৰকৃততে মানৱপ্ৰেম নাইকিয়া হৈ আহিছে৷ আস্থা আৰু বিশ্বাসৰ ক্ৰমশঃ অভাৱ ঘটিছে৷ জাতীয় জীৱনলৈ সংকট নামি আহিছে৷ ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় মহাপুৰুষসকলৰ সৃষ্টিৰাজি নৱ-প্ৰজন্মৰ মাজত জাগ্ৰত কৰিব পাৰিলেহে পাছলৈ ভাষা-সংস্কৃতি সুৰক্ষিত হৈ থাকিব৷ তেওঁ অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰখাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়৷ সভাত শ্ৰী শ্ৰীহাটী সত্ৰৰ সত্ৰাধিকাৰ ভগৱান গোস্বামীয়ে ভাষণত কয় ধৰ্মই মানুহক প্ৰভাৱিত কৰি সমাজ জীৱন জাগ্ৰিত কৰি তোলে৷ সম্প্ৰতি বৰ্তমান সমাজত দেখা হিংসা, অসুয়া, খাম-খেয়াল, ভেদা-ভেদ ভাব নিৰ্মূল কৰি সমাজখনক আগবঢ়াই নিব লাগিব৷ সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৰামদিয়াৰ ৰাস মহোৎসৱে পৰৱৰ্তী সময়ত নতুন মাত্ৰা প্ৰদান কৰি সমাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে৷ বিধায়িকা সুমন হৰিপ্ৰিয়াই কয় ৰাস মহোৎসৱ ভক্তৰ এক মিলনক্ষেত্ৰ৷ এইসকল ভক্তৰ ধূলিকণাই সত্ৰনগৰী ৰামদিয়াৰ ৰাসথলী মহীয়ান কৰিব৷ সভাত  কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই অংশগ্ৰহণ কৰি কয় ভক্তিপ্ৰেমৰ ভাৱধাৰা মানুহৰ মনত জাগ্ৰত কৰি তোলে ৰাস মহোৎসৱে৷ আধ্যাত্মিক চিন্তাধাৰাই উঠি অহা প্ৰজন্মক আহ্লাদিত কৰিব বুলি আশা প্ৰকাশ কৰে৷ ২৬ নৱেম্বৰৰ আইসকলৰ নাম-প্ৰসঙ্গৰ পাছতে পানীতোলন আৰু বাপুসকলৰ নাম-প্ৰসঙ্গ অনুষ্ঠিত হ’ব৷