Logo
image

উৰণ আৰু পতন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ নৱেম্বৰঃ ২০১৯ চনৰ ১৮ মে’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সম্পূৰ্ণ দিন কেডাৰনাথৰ এটা গুহাত ধ্যানমগ্ন হৈ অতিবাহিত কৰিছিল৷ প্ৰখ্যাত কেডাৰনাথ মন্দিৰৰ পৰা ১ কিলোমিটাৰ দূৰত্বত ‘ৰুদ্ৰ কেভ’ নামৰ শিলৰ গুহাটোত এদিন ধ্যানমগ্ন হৈ প্ৰধানমন্ত্ৰীয়ে ভগৱানক আৰাধনা কৰাত কোনো ব্যতিক্ৰম নাছিল, যদিহে তাৰ পিছদিনা দেশত সাধাৰণ নিৰ্বাচনৰ শেষ পৰ্যায়ৰ ভোটগ্ৰহণ নহ’লহেঁতেন৷ প্ৰধানমন্ত্ৰীৰ সেই পদক্ষেপ ব্যতিক্ৰমী নহ’লেও নিৰ্বাচনী প্ৰচাৰৰ এক কৌশল বুলি প্ৰৱল সমালোচনা হৈছিল এইবাবেই যে মোদীয়ে কৰা সেই ধ্যানৰ দেশৰ মিডিয়াত তুমুল প্ৰচাৰ চলিছিল আৰু তাৰ পিছদিনাই দেশৰ সাধাৰণ নিৰ্বাচনৰ শেষ পৰ্যায়ৰ ভোটগ্ৰহণ আছিল৷ আগদিনাই নিৰ্বাচনী আচৰণবিধিৰ বাবে ভোটৰ প্ৰচাৰৰ সামৰণি পৰিছিল আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱানক আৰাধনা কৰিবলৈ যাওতে এদল সাংবাদিক আৰু ভিডিঅ’ সাংবাদিকক লগত লৈ গৈছিল, যাতে ভোটগ্ৰহণৰ দিনটোত আৰু আগদিনা তেওঁৰ ভক্তিৰ দেশজুৰি প্ৰচাৰ চলে৷ দেশৰ ৰাজনৈতিক বিশেষজ্ঞৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ সেই কৌশলে বিজেপিক বিপুল বিজয়ত অভাৱনীয়ভাৱে সহায় কৰিছিল৷ আজি শনিবাৰে ৰাজস্থানৰ ভোটগ্ৰহণৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় অনুৰূপ কৌশল লৈ দিনজুৰি মিডিয়াৰ চৰ্চা আৰু প্ৰচাৰত থাকিল৷ এইবাৰ হিমালয়ৰ গুহা নহয়, মোদী উৰিল আকাশত; তাকো দেশীয় প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধবিমান তেজছত৷ ফৰ্থ জেনেৰেচন বা চতুৰ্থ প্ৰজন্মৰ দেশত নিৰ্মিত তেজছ যুদ্ধবিমানত পাইলটৰ পূৰ্ণ সাজেৰে যুদ্ধ বিমান উৰাই প্ৰধানমন্ত্ৰী মোদীয়ে আকাশত চমক দেখুৱালে আৰু ইফালে ৰাজস্থানৰ মাটিত ভোটাৰে ভোটদান কৰি ৰাজ্যৰ পৰৱৰ্তী চৰকাৰ কোন হ’ব সেয়া নিৰ্ধাৰণ কৰিলে৷ চমক এইবাবেই যে ইয়াৰ পূৰ্বে দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে আকাশত যুদ্ধবিমান উৰুওৱা নাছিল৷ যুঁজাৰু বিমানৰ পাইলটৰ বেশত, জি-ছ্যুট অৰ্থাৎ জলফাই ৰঙৰ ইউনিফৰ্মেৰে তেজছৰ কো-পাইলটৰ আসনত বহি প্ৰধানমন্ত্ৰী মোদীয়ে সম্পন্ন কৰা এই উৰণে ৰাজস্থানত বিজেপি ক্ষমতালৈ আহিবলৈ যি সামান্য ভোটৰ অভাৱ আছিল, সেয়া পূৰণ কৰিলে বুলি ৰাজনৈতিক বিশ্লেষকে দাঠি মত প্ৰকাশ কৰিছে৷ ৰাজনীতিবিদৰ মতামত, মোদীৰ এই উৰণ তেনেই সাধাৰণ উৰণ নহয়, এখন ৰাজ্যত এটা ৰাজনৈতিক দলক ৫ বছৰৰ বাবে ক্ষমতাত প্ৰতিষ্ঠা কৰিব পৰাকৈ শক্তিশালী উৰণ৷

প্ৰধানমন্ত্ৰী মোদীৰ এই শক্তিশালী উৰণৰ সময়তে স্বয়ং তেওঁ নিজহাতে মুকলি কৰা ‘উড়ান’ আঁচনিৰ অসম আৰু সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলত পতন ঘটিছে৷ ‘উড়ে দেশ কি আম নাগৰিক’ বা ‘উড়ান’ (ইউডিএএন) নামৰ যি আঁচনি মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে চেণ্ডেল পিন্ধা আম-নাগৰিকক বিমানত উৰুওৱাৰ প্ৰতিশ্ৰুতি দিছিল, অসমত এতিয়া সেই ‘উড়ান’ৰ আচম্বিত পতন ঘটিছে, বিমান পৰিৱহণ সংস্থা ‘ফ্লাই বিগ’ৰ ৰাজসাহায্য হজম কৰি পলায়নৰ বাবে৷ পিছে প্ৰধানমন্ত্ৰী মোদীৰ বা তেওঁৰ চৰকাৰৰ তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই৷ মোদী যুদ্ধ বিমানত উৰি আছে আৰু তেওঁৰ ‘উড়ান’ৰ পতন ঘটিছে৷ আজি শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ‘হাল’ বা ‘হিন্দুস্তান এৰোনটিক্স লিমিটেড’ৰ বিমানঘাটিৰ পৰা ‘তেজছ’ নামৰ ‘লাইট কম্বেট’ যুদ্ধবিমানত আকাশলৈ উৰা মাৰে৷ সেই অভিজ্ঞতা আৰু ফটো মোদীয়ে নিজেই ‘এক্স হেণ্ডেল’ত প্ৰকাশ কৰিছে৷ তেওঁ কয়– ‘তেজছত সফল যাত্ৰা সম্পন্ন কৰিলোঁ৷ এই অভিজ্ঞতাই মোক ভীষণ সমৃদ্ধ কৰিছে৷ দেশবাসীৰ ক্ষমতাৰ প্ৰতি আস্থা বৃদ্ধি কৰিছে৷ আমাৰ জাতীয় সম্ভাৱনা সম্পৰ্কে নতুনকৈ গৰ্ব আৰু আশাৰ পোহৰ আনি দিছে৷ কিয়নো ‘তেজছ’ দেশীয় প্ৰযুক্তিৰে ‘হালে’ দেশতে নিৰ্মাণ কৰিছে৷’ উল্লেখ্য, ‘লাইট কম্বেট’ বা লঘূ ওজনৰ যুদ্ধবিমান তেজছৰ গতি ছুপাৰছ’নিক অৰ্থাৎ শব্দতকৈ বেছি৷ চতুৰ্থ প্ৰজন্মৰ এই তেজছ হৈছে ‘মাল্টি-ৰোল ছুপাৰছ’নিক’ যুদ্ধ বিমান৷ যোৱা অক্টোবৰত দুখন আসনযুক্ত তেজছ মাৰ্ক-১ যুদ্ধবিমান দেশৰ বায়ুসেনা বাহিনীৰ হাতত তুলি দিয়া হৈছিল৷ তেনে এখন তেজছ মাৰ্ক-ৰতে প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে এই দুঃসাহসিক উৰণ সম্পন্ন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আৰোহণ কৰা বিমানখন চলাইছিল গ্ৰুপ কেপ্টেইন দেবাঞ্জন মণ্ডলে৷ কৰ্ণাটকৰ আকাশত ডাঁৱৰৰ মাজত মোদী তেজছত আছিল ৩০ মিনিট৷

ইপিনে, ৰাজস্থানৰ মুঠ ২০০টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ হোৱা ১৯৯টা সমষ্টিত ৭০ শতাংশ ভোটাৰে শনিবাৰে ভোটদান কৰে৷ ২০১৮ চনত ৭৪.০৬ শতাংশ ভোটাৰে ভোটদান কৰিছিল৷ পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়৷ উল্লেখ্য, ২০১৮ চনত ১০০খন আসন লাভ কৰি কংগ্ৰেছে ৰাজস্থানৰ ক্ষমতা অৰ্জন কৰিছিল৷ ১৯৮৫ চনৰ পৰা ৰাজস্থানত প্ৰতি ৫ বছৰত ক্ষমতাসীন দল পৰাস্ত হৈছে আৰু আন দলে চৰকাৰ গঠন কৰিছে৷ ১৯৮৫ত কংগ্ৰেছে ক্ষমতা অক্ষুন্ন ৰাখিছিল৷ এইবাৰ ৰাজস্থানত সেই পৰম্পৰা অটুত থাকে নে অশোক গেহলটে দ্বিতীয়বাৰৰ বাবে ক্ষমতা হাতত ৰাখে সেয়া চূড়ান্ত হ’ব অহা ৩ ডিচেম্বৰত মুঠ ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনা৷