Logo
image

সুৰাপানৰ প্ৰকোপ দেখি আবকাৰী মন্ত্ৰীৰ খেদ

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ২৬ নৱেম্বৰঃ খ৷ আজি দুখত যেন ম্ৰিয়মান হৈ পৰা দেখা গ’ল মন্ত্ৰীজনক৷ তেওঁৰ অন্তৰত দুখ থাকিলেও ৰাজনীতিত থকাৰ বাবে সেয়া প্ৰকাশ কৰিব নোৱাৰে প্ৰকৃততে তেওঁ সুখী নে দুখী৷ শনিবাৰে মন্ত্ৰীজনে বজালীত উপস্থিত হৈ নিজৰ মনৰ ভাব ব্যক্ত কৰি কয় যে মন্ত্ৰী হিচাপেআবকাৰী বিভাগৰ দায়িত্ব মোক দিয়া হৈছে কিন্তু ৰাজ্যখনৰ চুকে-কোনে সুৰাৰ দোকান৷ সুৰা বন্ধ কৰিবও নোৱাৰোঁ৷  কাৰণ ইয়াত চৰকাৰী আইন আছে৷ জনজাতীয় সুৰা ও আছে, কিন্তু আমি বন্ধ কৰিব নোৱাৰোঁ৷ সুৰাপান কৰি গাড়ী চলাই ইতিমধ্যে বহুতো লোকৰ প্ৰাণহানি হৈছে বুলি উল্লেখ কৰি কয় যে  মদপী মানুহে নিজৰ শৰীৰটোৱেই  নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ তেওঁ কেনেকৈ  গাড়ী নিয়ন্ত্ৰণ কৰিব! সেইবাবেই সুৰাপান কৰি  গাড়ী নচলাবলৈ মন্ত্ৰী শুক্লবৈদ্যই ৰাইজক অনুৰোধ জনাইছে৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাইজক সুৰাপান নকৰিবলৈ আহ৩ান জনাই নিজৰ ঘৰত আলহী আহিলে গাখীৰ আৰু পানীৰ বাদে আন একো পানীয় নাযাচে বুলিও উল্লেখ কৰে৷ আনকি মন্ত্ৰীজনৰ ঘৰলৈ সাংবাদিক আহিলেও সুৰাৰ পৰিৱৰ্তে গাখীৰ খাবলৈ দিয়ে বুলিহে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পৰিমল শুক্লবৈদ্যই৷ আজি বজালী জিলা আয়ুক্তৰ নেতৃত্বত বজালীৰ ভবানীপুৰ আৰু বজালী জিলা আয়ুক্ত কাৰ্যালয়ত দুখনকৈ সভা অনুষ্ঠিত কৰি সাংবাদিকৰ আগত উক্ত মন্তব্য কৰে৷ অসমৰ লগতে বজালীবাসী ৰাইজক হেলমেট পিন্ধি বাইক চলাবলৈ আহ্বান জনায় আৰু জিলা কতৃৰ্পক্ষই বাট-পথসমূহ ভালকৈ মেৰামতিত গুৰুত্ব দিয়া দৰকাৰ বুলিও জানিবলৈ দিয়ে৷ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে পালন কৰা বিশ্ব স্মৃতি দিৱস উপলক্ষে পৰিবহণ আবকাৰীমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা জনসচেতনতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজক নিজৰ সুৰক্ষাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ আজি মন্ত্ৰীজন পাঠশালাত উপস্থিত হৈ বজালীৰ উপায়ুক্ত কাৰ্যালয়ত পথ সুৰক্ষা সন্দৰ্ভত এক আলোচনাত অংশগ্ৰহণ কৰে৷ গুৱাহাটী ধুবুৰী, বিজনী, বঙাইগাঁও, বৰপেটা আদিকে ধৰি তেওঁ ইতিমধ্যে ১১০০ কিমি পথ অতিক্ৰম কৰি নিজকে সুখী বুলি কয়৷ আনহাতে, ৰাজ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে দুৰ্ঘটনা বৃদ্ধি হোৱা বুলিও স্বীকাৰ কৰে তেওঁ৷ গুৱাহাটীৰ খানাপাৰা বাছষ্টেণ্ডত যান-বাহন আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত অবৈধ চিণ্ডিকেট চলি থকাৰ অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰি কয় যে তেওঁ নিজে কিছুদিন পূৰ্বে খানাপাৰাত গৈ সভা পাতি আহিছে, কিন্তু কোনো বাছ মালিকে তেওঁক অভিযোগ দিয়া নাই৷ অভিযোগ দাখিল কৰিলে বিভাগীয়ভাৱে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে৷ আনহাতে, ৰাষ্টীয় ঘাইপথত বিজ্ঞানসন্মতভাৱে স্পীডব্ৰেকাৰ নোহোৱাৰ বাবে দুৰ্ঘটনা বৃদ্ধি হোৱা বুলি মন্তব্য কৰি স্পীডব্ৰেকাৰ দিলে নীতি-নিয়মসমূহ মানি দিব লাগে বুলি তেওঁ কয়৷ এতিয়াৰে পৰা যাতে বিজ্ঞানসন্মতভাৱে স্পীডব্ৰেকাৰ দিয়া হয় সেইখিনি কাম কৰাৰ কাৰণে তেওঁৰ এই যাত্ৰা বুলি মন্তব্য কৰে৷