Logo
image

আজমলৰ মানসিক চিকিৎসাৰ প্ৰয়োজন

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদক, ২৬ নৱেম্বৰঃ ‘লোকসভাৰ আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ মিত্ৰশক্তিয়ে অতি ক’মেও ১২টা সমষ্টিত জয়লাভ কৰিব৷’ –এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ শনিবাৰে ৰঙিয়াত বিজেপিৰ যোগদান সমাৰোহ আৰু কাৰ্যকৰ্তা সন্মিলনত দিয়া ভাষণত এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ মন্ত্ৰী হাজৰিকাই কয়– ‘যোৱা ২০দিন ধৰি অসমৰ কেইবাখনো জিলাত ৰাজহুৱা সভা কৰি ঘূৰি ফুৰিছোঁ৷ এই ২০ দিনত এইখন মোৰ ১০নম্বৰ ৰাজহুৱা সভা৷ এই ২০দিনৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে অহা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু বিজেপিৰ মিত্ৰশক্তিয়ে অতি ক’মেও ১২টা সমষ্টিত জয়লাভ কৰিব৷ আজি অসমৰ চাৰিওফালে কেৱল বিজেপি বিজেপি পৰিৱেশ, য’তেই সভালৈ গৈছোঁ, তাতেই হাজাৰ হাজাৰ মানুহৰ সমাৱেশ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে যদি কাম নকৰিলেহেঁতেন, এনেদৰে হাজাৰ হাজাৰ মানুহ তেওঁলোকৰ সভালৈ নাহিলহেঁতেন৷ চৰকাৰখনে জনতাৰ বাবে কাম কৰাৰ বাবে এনেদৰে ৰাইজ আজি সভালৈ ওলাই আহিছে৷ যোৱা ৯টা বছৰত নৰেন্দ্ৰ মোদীয়ে, যোৱা ৭টা বছৰত অসমত বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যদি অসমৰ মানুহক সহায় নকৰিলেহেঁতেন, তেন্তে আজি ৰঙিয়াত ২হাজাৰতকৈ বেছি মানুহে বিজেপি দলত যোগদান নকৰিলেহেঁতেন৷ আজি কংগ্ৰেছ দল মানুহে কৰিবলৈ বেয়া পায়, অন্য দল বিলাকৰ নামেই নাজানে ৰাইজে৷ এজেপিৰ এজনো বিধায়ক ক’তো নাই, এজনো জিলা পৰিষদৰ সদস্য ক’তো নাই, সাংসদতো দূৰৰ কথা৷ ৰাইজৰ দল বুলি এটা দল আছে, তেওঁলোকৰ এজনেই বিধায়ক আৰু দ্বিতীয়জন কোন অসমৰ মানুহে চিনি নাপায়৷ সেয়ে ৰাইজৰ দলৰ অখিল গগৈয়ে ৰাইজৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছে৷ অখিল গগৈৰ দুবছৰত ৰাইজৰ লগত কোনো সংযোগ নাছিল, সংযোগ বিচ্ছিন্ন হৈ আছিল৷ সেয়ে এতিয়া কেইখনমান চাইকেল লৈ অখিলে সংযোগ স্থাপনৰ চেষ্টা চলাবলগা হৈছে৷ কংগ্ৰেছে লগত ১৫টা দল আছে বুলি কয় যদিও সেই দলবিলাকৰ ৰাইজে নামো নাজানে৷ এই দলবিলাক হ’ল দুটা, তিনিটা মানুহৰ একো একোটা গোট বা সমষ্টি৷ এই দলবোৰৰ প্ৰতি ৰাইজৰ মোহভংগ ঘটিছে আৰু বিজেপিৰ প্ৰতি আস্থা বাঢ়িছে, যাৰ বাবে আজি কংগ্ৰেছ, এজেপি, ৰাইজৰ দলৰ কাৰ্যকৰ্তাই বিজেপি দলত যোগদান কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত আজি অসমৰ চোকে-কোণে, গাঁৱে-ভূঞে বিজেপি দল শক্তিশালী হৈ পৰিছে আৰু অধিক শক্তিশালী হ’ব৷ আমি অৰুণোদয় আঁচনিৰ ধন দুবাৰ বঢ়ালোঁ৷ ৮৫০১ পৰা ১০০০টকা, ১০০০ৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰিছোঁ৷ দুমাহৰ ভিতৰত এই ধন ১৪৫০টকালৈ বৃদ্ধি কৰা হ’ব৷ আমি আঢ়ৈ বছৰত ৮৭হাজাৰ নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিলোঁ৷ আগন্তুক আঢ়ৈটা বছৰত আৰু ৪৫হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হ’ব৷ আমি প্ৰতিশ্ৰুতি পালন কৰি কাম কৰাৰ ৰেকৰ্ড গঢ়িম৷ আমাৰ চৰকাৰৰ দিনত দুৰ্নীতি ক’তো হোৱা নাই৷ কংগ্ৰেছ চৰকাৰৰ দিনত এপিএছচি, এচিএছৰ চাকৰিৰ নামত কেনেকুৱা দুৰ্নীতি সংঘটিত হৈছিল সকলোৱে জানে৷ এটা পদৰ নামত ৫০লাখ, ৭০লাখ টকালৈকে দৰ-দাম উঠিছিল৷ কিন্তু আমি এই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’লোঁ৷ আমি মেধাৰ ভিত্তিত চাকৰি দিয়াৰ ব্যৱস্থা কৰিলোঁ, ইয়াত কোনো ধনী-দুখীয়াৰ কথা নাই৷ এনেদৰে আমি অসমৰ পৰিৱেশ সলনি কৰিলোঁ৷ এনেদৰে আমি অসমক আগুৱাই লৈ যাবলৈ সক্ষম হ’লোঁ৷  মুখ্যমন্ত্ৰীয়ে যেনেদৰে প্ৰতিশ্ৰুতি দিছিল তেনেদৰে চৰকাৰ গঠন কৰিয়েই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছিল৷ মাইক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক পৰিত্ৰাণ দিছিল৷ অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এতিয়ালৈ ১৮খন মেডিকেল কলেজ নিৰ্মাণ কৰিলে৷ আমি অসমত অৰুণোদয় দিছোঁ, উন্নয়নতো স্থবিৰ হোৱা নাই, আমি মাইক্ৰ’ফাইনেন্সৰ ঋণ মাৰিছোঁ, উন্নয়নতো স্থবিৰ হোৱা নাই৷ বৰ্তমান সময়ত প্ৰতিবছৰে আমি এটা সমষ্টিত প্ৰায় ৫০কোটি টকা অকল ৰাস্তা আৰু দলং বনাবৰ বাবে দিওঁ৷ আগতে অসম চৰকাৰে কেতিয়াও ৰে’লৱে অভাৰব্ৰীজৰ কাম কৰা নাছিল৷ এতিয়া অসম চৰকাৰে ৰে’লৱে অভাৰব্ৰীজৰ কাম কৰা হ’ল৷ আগতে অসম চৰকাৰে কেতিয়াও ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱা নাছিল, এতিয়া উত্তৰ গুৱাহাটী আৰু ফাঁচী বজাৰৰ মাজত দলং নিৰ্মাণ কৰি থকা হৈছে৷’ সভাত মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ, ৰাইজৰ দল, অজাপৰ সমান্তৰালভাৱে ইউডিএফকো আক্ৰমণ কৰি কয়– ‘আজমলৰ মূৰৰ বিকৃতি ঘটিছে৷ সেয়ে তেওঁক মানসিক চিকিৎসাৰ প্ৰয়োজন আছে৷ গুৱাহাটীৰ কোনোবা এজন ভাল মানসিক চিকিৎসকক দেখুৱাই তেওঁ চিকিৎসা কৰক৷ ঔৰংগজেৱ, বাবৰৰ আদৰ্শৰে গঠিত কংগ্ৰেছ দলে বিহু-পূজাত টকা দিয়াৰ কথা ভাবিবই নোৱাৰে৷ কংগ্ৰেছ দলে বাংলাদেশী থকা এলেকাতহে দুই-এটা ছীট পাব৷’ মন্ত্ৰী পীয়ূষ হাজৰিকাই প্ৰথমে ৫৭নং ৰঙিয়া বিধানসভা সমষ্টিৰ হিন্দী হাইস্কুল খেলপথাৰলৈ এক পদযাত্ৰাতো অংশগ্ৰহণ কৰে৷ পদযাত্ৰাৰে মন্ত্ৰীজন হিন্দী হাইস্কুল খেলপথাৰত উপস্থিত হয় আৰু তাত এক যোগদান সমাৰোহৰ লগতে কাৰ্যকৰ্তা সন্মিলন সম্বোধন কৰে৷ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ আৰু মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দল-সংগঠনৰ ১,৫০০জনৰ অধিক ব্যক্তিয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ মন্ত্ৰীজনে তেওঁলোকক আদৰণি জনাই আগন্তুক সময়ত দলৰ নীতি-আদৰ্শৰ প্ৰতি আস্থা ৰাখি সমাজৰ হকে উন্নয়নমূলক কাম কৰি যাবলৈ আহ্বান জনায়৷ তদুপৰি, আজি হৈ যোৱা এই অনুষ্ঠানতে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতেও মন্ত্ৰীজনে মত বিনিময় কৰে৷ অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও উপস্থিত থাকে৷

চাহ বনুৱাৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰেঃ মন্ত্ৰী পীয়ূষ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ নৱগঠিত ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৩ নং নোনাই চেৰফাং মণ্ডলৰ কালিখোলাত অনুষ্ঠিত এক জনজাগৰণ সভাত শনিবাৰে মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত থাকে৷ ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই কয়– বিগত সাতটা বছৰত আমি বাগানৰ বনুৱাসকলৰ যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ৷ ২০১৫ চনলৈকে আমাৰ বনুৱা ভাইসকলে দৈনিক মজুৰি পাইছিল ১১৫ টকা, এতিয়া পায় ২৫০ টকা৷ আজি ৭ টা বছৰত বিজেপিৰ কাৰ্যকালত এই মজুৰি ২৫০ টকালৈ বৃদ্ধি হ’ল৷ গতিকে ইয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে অসমৰ চাহ বনুৱাসকলৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰে৷ আজিৰ পৰা ৫ বছৰ আগত কোনেও বাগানৰ ৰাস্তা বনোৱা নাছিল, কিন্তু বিজেপি চৰকাৰে বনাইছিল৷ আনহাতে, বিজেপি চৰকাৰে অসমৰ মানুহক বিনামূলীয়া চাউল দি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীজনীয়ে কয় যে এনেদৰে ভাৰতৰ ক’তো বিনামূলীয়া চাউল দিয়াৰ নজিৰ নাই, এয়া একমাত্ৰ অসমতহে দি আছে৷ আগতে বাগানৰ ল’ৰাই চাকৰি পোৱা নাছিল৷ এতিয়া চৰকাৰে বাগানৰ ল’ৰা-ছোৱালীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰখাৰ বাবে বাগানৰ ল’ৰা-ছোৱালীয়ে চাকৰি পোৱাৰ পথ প্ৰশস্থ হ’ল৷ আজিৰ পৰা প্ৰায় ৩ বছৰ পূৰ্বে আমি অৰুণোদয় দিছিলোঁ প্ৰায় ২১ লাখ পৰিয়ালক, এতিয়া এই সংখ্যা বাঢ়ি গৈ ২৬ লাখ হ’ল৷ পূৰ্বৰ অৰুণোদয়ৰ ধন ৮৫০ টকাৰ পৰা বৃদ্ধি হৈ এতিয়া ১২৫০ টকা হ’ল৷ কংগ্ৰেছে টকা লৈ চাকৰি দিছিল, কিন্তু আমি সেই কাম নকৰোঁ৷ আমি দুখীয়া পৰিয়ালৰ মেধাসম্পন্ন যুৱক-যুৱতীক চাকৰি পোৱাৰ ব্যৱস্থা কৰি দিছোঁ৷ গতিকে এইবোৰ দেখি ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছেই যে আগন্তুক নিৰ্বাচনত কাক ভোট দিব৷ সভাত সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিজেপিৰ ওদালগুৰি জিলা সভাপতি ৰূপম গোস্বামী তথা দলৰ কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷

আজমলৰ সভা, কংগ্ৰেছ-ইউডিএফৰ তুমুল মাৰপিট

‘আমাৰ অসম’ৰ কৰিমগঞ্জৰ প্ৰতিনিধিঃ বদৰুদ্দিন আজমলৰ কৰিমগঞ্জ ভ্ৰমণক কেন্দ্ৰ কৰি কংগ্ৰেছ, এআইইউডিএফ কৰ্মীৰ ব্যাপক সংঘাত৷ কৰিমগঞ্জ চহৰৰ নিলগত পোৱামাৰা এলাকাত কংগ্ৰেছ কৰ্মীকেইজনে ক’লা পতাকা লৈ বদৰুদ্দিনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰি শ্লোগান দিয়ে৷  আনহাতে, বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ থিয় হৈ থকা এআইইউডিএফ কৰ্মীয়ে কংগ্ৰেছ কৰ্মীকেইজনক মাৰপিট কৰি খেদি পঠিয়ায়৷ এআইইউডিএফ কৰ্মীৰ মাৰ খাই উক্ত স্থানৰ পৰা পলাই পত্ৰং দিয়ে কংগ্ৰেছ কৰ্মীয়ে৷ কংগ্ৰেছ, এআইইউডিএফ কৰ্মীৰ এনে নিৰ্বাচনকেন্দ্ৰিক সংঘাতে চেপা উত্তেজনা বিৰাজ কৰি আছে কৰিমগঞ্জত৷ কৰিমগঞ্জৰ নিলামবজাৰ খেলপথাৰত এআইইউডিএফ দলৰ বিশাল কৰ্মী সন্মিলন অনুষ্ঠিত হয়৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সন্মিলন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে৷ নিজৰ ভাষণত এআইইউডিএফপ্ৰধান বদৰুদ্দিন আজমলে কয় অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে৷ সংখ্যালঘু মুছলমানৰ শিক্ষাৰ ক্ষেত্ৰত কঁকাল ভাঙি দিয়া হৈছে৷ মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক অধিকাৰ খৰ্ব কৰিছে৷ কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰী ছীটত এআইইউডিএফ দলে প্ৰতিদ্বন্দ্বিতা কৰিব৷ এআইইউডিএফ দলে ভোট বিভাজন বন্ধ কৰাৰ বাবে তিনিটাকৈ ছীটত প্ৰতিদ্বন্দ্বিতা কৰিব৷ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ২৪ৰ নিৰ্বাচনত কৰিমগঞ্জ ছীট সংখ্যালঘুৱে জিকাৰ সুযোগ পাইছে৷ সমগ্ৰ দেশৰ মানুহকে তেওঁ আজমল বনাব বিচাৰে৷ কংগ্ৰেছে আৰু বিজেপিয়ে কোনো স্কুল আৰু বিশ্ববিদ্যালয় দিয়া নাই৷ ৭৫বছৰ ধৰি ভোট দিয়াৰ পাছত ভিক্ষাৰী বনোৱা হৈছে মুছলমানক৷ মুছলমানক চাকৰি দিব লাগিব৷ ২০ বছৰ পাছত শিক্ষিত হৈ মুছলমানসকল আই এছ, আই পি এছ হ’ব আৰু দেশ শাসন কৰিব৷ বিজেপিক কিক মাৰি বাহিৰত পেলাব লাগিব৷ তেওঁ কয় যোৱা দিনত কংগ্ৰেছৰ বেইমানিৰ কাৰণে ছীট হাৰিবলগা হৈছে৷ এইবাৰ ৰাইজে এআইইউডিএফ প্ৰাৰ্থীক জিকাব লাগিব৷