Logo
image

মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ ধেমাজিৰ যুৱতীৰ মৃতদেহ

ডিজিটেল ডেস্কঃ  পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখত এটা ভাড়াঘৰত  সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীৰ নাম অনুষ্কা শইকীয়া বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, মৃত যুৱতীগৰাকীৰ ঘৰ ধেমাজিত আছিল। প্ৰায় এক বছৰ পূৰ্বে গুৱাহাটীলৈ অহা অনুষ্কাই এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল। ঘটনাস্থলীত ফৰেনছিক আৰু আৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। জানিব পৰা মতে অনুষ্কাৰ সৈতে থকা  জোন বৰা নামৰ বনকৰা মহিলা গৰাকীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি  সোধাপছ অব্যাহত ৰাখিছে যদিও এতিয়াও কোনো তথ্যই লাভ কৰা নাই।