Logo
image

ইউপিপিএলৰ সূৰ্য্য উদয় হৈছে, হাগ্ৰামা মহিলাৰীৰ বিপিএফ অস্ত হোৱাৰ পথত : প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ "আমি বিটিচিৰ শাসনভাৰ লোৱাৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে আমাৰ দলৰ মানুহ তেওঁৰ দললৈ যাব, বিটিচি চৰকাৰ ভংগ হ'ব এনেদৰে বিভিন্ন মেছেজ দি বিপিএফ দলটোক জীয়াই ৰাখিছে।"- এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ৷ দেওবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত ইউপিপিএলৰ অভিলেখ সংখ্যক বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োই উক্ত মন্তব্য কৰি কয় যে বিপিএফ দল দুৰ্বল হৈছে ৷ বিপিএফক জীয়াই ৰাখিবলৈ হামাগ্ৰা মহিলাৰীয়ে বিভিন্ন ঋণাত্মক বাৰ্তা দি থকাৰ মাজতে আমি তিনি বছৰ শাসন কৰিলোঁ৷

প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত বিপিএফ দল থাকিব নে নাথাকে সেয়া সন্দেহৰ বিষয় হৈ পৰিছে বুলি কটাক্ষ কৰি কয় যে ফকিৰাগ্ৰামত বিপিএফ-এআইইউডিএফৰ ৩ হাজাৰৰো অধিক নেতা-কৰ্মীয়ে ইউপিপিএলত যোগদান কৰি ৰাইজে বুজাই দিলে যে ইউপিপিএলৰ সূৰ্য্য উদয় হৈছে আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফ অস্ত হোৱাৰ পথত। প্ৰমোদ বড়োৱে লগতে কয় যে এদিনতে অভিলেখ সংখ্যক বিপিএফ-এআইইউডিএফৰ নেতা-কৰ্মী, সমাজৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সেৱক আৰু সাধাৰণ ৰাইজে হিলদল ভাঙি আহি ইউপিপিএলত যোগদান কৰা কাৰ্যই বড়োভূমিৰ ৰাজনীতিত আন নতুন দিগন্তৰ সূচনা কৰিছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম চহৰৰ পুৰণি বজাৰ পাব্লিক হাইস্কুল খেলপথাৰত আয়োজন কৰা এক বৃহৎ যোগদান কাৰ্যসূচীত তিনি সহস্ৰাধিকে ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক লৰেন্স ইছলাৰীৰ উপস্থিতিত ইউপিপিএলত যোগদান কৰে ৷ যোগদান কাৰ্যসূচীত ভাষণ প্ৰসংগত প্ৰমোদ বড়োই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ বিটিচিৰ প্ৰতিটো অঞ্চল, গাঁৱত উন্নয়নৰ সোঁত বৈছে৷