Logo
image

চামগুৰিত কংগ্ৰেছৰ বিশাল সমাবেশ, ২৪ত মোদী চৰকাৰক আঁতৰাব নোৱাৰিলে সংবিধান নোহোৱা কৰি পেলাবঃ ভূপেন বৰা

ডিজিটেল সংবাদ, চামগুৰিঃ ভাৰতীয় সংবিধান দিৱসৰ দিনাই দেশৰ সংবিধান ৰক্ষাৰ শপত লৈ দেওবাৰে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰিৰ আমণিত আগন্তুক লোকসভাৰ প্ৰাক নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছ দলে। চামগুৰি, কলিয়াবৰ আৰু বঢ়মপুৰ বিধান সভা সমষ্টিৰ বুথ কমিটিৰ সদস্যসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা ৰণশিঙা বজাই কংগ্ৰেছ দলে। বুথ কমিটিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়-"আজি সংবিধান দিৱসৰ দিনা সংবিধান ৰক্ষাৰ সংকল্প লৈ দিল্লীৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰক যদি আঁতৰাব নোৱাৰোঁ, আমি যিখন সংবিধান ৰক্ষা কৰিম বুলি আজি সংকল্প লৈছোঁ সেই সংবিধানখনো তেওঁলোকে আঁতৰাই পেলাব। সংবিধান ৰক্ষাৰ বাবে আমি যিকোনো ত্যাগৰ বিনিময়ত দেশৰ ভৱিষ্যতৰ স্বাৰ্থত, আমাৰ যুৱ প্ৰজন্মৰ স্বাৰ্থত ,দেশৰ সম্প্ৰীতি, ভাতৃত্ব, সমন্বয় ৰক্ষাৰ ২০২৪ৰ নিৰ্বাচনৰ যুদ্ধত কংগ্ৰেছ দল আৰু 'ইণ্ডিয়া' এলায়েন্স দল জয়যুক্ত হ'বই লাগিব।" 

বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই উদ্দেশ্য বাখ্যা কৰা সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই পুনৰ কয়, "ব্ৰিটিছৰ লাঠী, গুলি খাই কংগ্ৰেছ দলে দেশ স্বাধীন কৰিছিল। বানপানীৰ সমস্যা, নিৱনুৱা সমস্যা, মূল্যবৃদ্ধিৰ সময়ত কংগ্ৰেছ দল ৰাইজৰ লগত থাকে, কিন্তু এতিয়া দুৰ্নীতি মুক্ত, ছিণ্ডিকেট মুক্ত অসম বুলি কৈ ২৭টা টোলগেটেৰে যাওতে টকা দিবলগীয়া হোৱাত শাসনৰ নামত শোষণ চলাইছে বিজেপি চৰকাৰে। তেওঁলোকে কৈছে অৰুণোদয় আঁচনি দি নিৰ্বাচন জিকিব। আজি ইয়াত আই মাতৃ, মহিলাসকল বহি আছে৷ মই তেওলোকক কৈছোঁ অৰুণোদয় আঁচনিৰ ১২শ টকা লৈ এটা গেছ চিলিণ্ডাৰ কিনোতেই অৰুণোদয়ৰ টকা দিনটোতে শেষ হৈ যাব। আমাৰ কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে প্ৰতি মাহৰ ৯ তাৰিখে 'ন লখিমী' আঁচনিৰ জৰিয়তে একাউণ্টত আঢ়ৈ হেজাৰ টকা সোমাব, পাঁচ শ টকাত গেছ চিলিণ্ডাৰ পাব, ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ লাভ কৰিব। যিটো ইতিমধ্যে কংগ্ৰেছ শাসিত ৰাজ্যত কৰা হৈছে আৰু আজি চামগুৰিৰ পবিত্র মাটিৰ পৰা কৈ গৈছোঁ অহা ৩ ডিচেম্বৰত বিজেপি দল ৫-০ গ'লত পৰাজয় হ'ব।" 

চামগুৰি বিধানসভা সমষ্টিৰ অধীনস্থ আমণিৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসমৰ প্ৰভাৰী পৃথ্বীৰাজ সাথে কয়- "বৰ্তমানৰ চৰকাৰখনে আচৰিত ধৰণে নিৰ্বাচনত যুজঁ দিয়ে। এই কাৰণে কৈছোঁ যে নিৰ্বাচন আহিলে দেখিব ভোটাৰ তালিকাত আপোনাৰ নাম আছে অথচ পৰিয়ালৰ কাৰোবাৰ নাম নাই। ওচৰ চুবুৰীয়াৰ নাম নাই। এবাৰ ভোটাৰ তালিকাৰ পৰা নাম নাইকিয়া হ'লে আপুনি ৰাষ্ট্ৰপতি হ'লেও ভোট দিব নোৱাৰে। এইবোৰ কৰে বিজেপি বিৰোধীসকলৰ ক্ষেত্ৰত যাতে ভোট দিব নোৱাৰে। অহা নিৰ্বাচনত মুছলমান ভাইসকলক উচতাই কংগ্ৰেছৰ ভোট বিভাজন কৰিবৰ বাবে ইউডিএফৰ নিচিনা দলৰ সহায় লৈ ইউডিএফৰ প্ৰাৰ্থী থিয় কৰাব, যাতে কংগ্ৰেছৰ ভোট বিভাজন কৰি বিজেপিৰ প্ৰাৰ্থী জয়ী হয়। 

সভাত মধ্য প্ৰদেশত ভুৱা ভোটৰ দ্বাৰা কেইবাটাও সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী জিকিছিল বুলি উল্লেখ কৰি বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে হাৰদা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থীজন ৮ হাজাৰ ভোটত হাৰিছিল যেতিয়া পৰীক্ষা কৰা হ'ল তাত ১৫ হাজাৰ ভুৱা ভোট পৰিছিল। নগাঁও জিলাৰ কংগ্ৰেছ দলৰ সভাপতি সুৰেশ বৰাই বিজেপি দলত যোগদান কৰাৰ প্ৰসংগ উল্লেখ কৰি ৰকিবুল হুছেইনে কয়- "সুৰেশ বৰা যোৱাৰ পাছত হিন্দু জাগৰণ মঞ্চৰ উপৰিও কামপুৰৰ বহু লোকে কৈছে ৰকিবুল হুছেইন আপোনাক বহুত বেয়া পাইছিলোঁ। আমি কংগ্ৰেছ কৰোঁ, আপোনাক ভাল পাওঁ সেইকাৰণে আমি আহিছিলোঁ, কংগ্ৰেছক ভোট দিছিলোঁ, কিন্তু তেওঁৰ ফটো থকা কেলেণ্ডাৰখন আমাৰ ড্ৰয়িং ৰুমত লগাবলৈ নকব। তেওঁক বহুত বেয়া পাই মানুহে। তেওঁ এনেকুৱা কাম কৰি থৈছে আমাৰ বুকু এতিয়াও কঁপি যায়।"  সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও ভাষণ দিয়াৰ উপৰিও ৰূপহী হাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডা° জয় প্ৰকাশ দাস আদি উপস্থিত আছিল।