Logo
image

চীনত ৰহস্যময় ৰোগ অসমতো সতৰ্ক-বাৰ্তা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ নৱেম্বৰঃ চীনত শিশুসকলৰ মাজত দেখা দিয়া ৰহস্যজনক ৰোগে ক’ভিডসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি তাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ যাৰ বাবে চৰকাৰখনে ৰাজ্য চৰকাৰসমূহক আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷ অসমতো চীনৰ এই ৰোগবিধে যাতে ক’ভিডৰ দৰে জটিল পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰ সষ্টম হৈ পৰিছে৷ উল্লেখ্য যে ক’ভিডৰ প্ৰভাৱ সম্পূৰ্ণৰূপে আঁতৰি নৌযাওতেই চীনত ‘ৰহস্যময় নিউম’নিয়া’ ৰোগে দেখা দিছে৷ শিশুসকলৰ মাজত বিশেষকৈ দেখা দিছে এই ৰোগে৷ বিশ্ব স্বাস্থ্য সংস্থায়ো এই ৰহস্যময় ৰোগক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ এনে পৰিস্থিতিত কেন্দ্ৰীয়  চৰকাৰে দেশৰ সকলো ৰাজ্যৰ চিকিৎসালয়সমূহ যাতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে তাৰ বাবে সাজু থাকিবলৈ ৰাজ্য চৰকাৰসমূহক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে৷ চিকিৎসালয়সমূহত ‘নিউম’নিয়া’ ৰোগৰ লক্ষণ দেখা দিলেই যাতে লগে লগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে সাজু থাকিবলৈ কোৱা হৈছে৷ তদুপৰি  কোনো কাৰণতে যাতে এই ৰোগবিধ অন্য ঠাইলৈ বিয়পি পৰিব নোৱাৰে তাৰ বাবেও আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে৷ সতৰ্ক বাৰ্তাটোত লগতে চিকিৎসালয়সমূহত যাতে ৰোগীৰ বাবে পৰ্যাপ্তসংখ্যক বিচনা, ঔষধ, অক্সিজেন, এণ্টিবায়’টিক, ভেণ্টিলেটৰ, স্বাস্থ্য পৰীক্ষাৰ সা-সৰঞ্জাম মজুত থাকে তাৰ বাবেও ব্যৱস্থা ল’বলৈ কোৱা হৈছে৷ একেদৰে ইনফ্লুয়েঞ্জাৰ দৰে জ্বৰ, চৰ্দি-কাহৰ উপসৰ্গই দেখা দিলে সেই তথ্য নথিভুক্ত কৰি চৰকাৰী পৰ্টেলত নিয়মীয়াকৈ আপলোড কৰিবলৈ কোৱা হৈছে৷ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা যেন অনুভৱ হ’লেই লগে লগে ৰোগীৰ কফ আদি গৱেষণাগাৰলৈ প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবেও সতৰ্ক বাৰ্তাটোত উল্লেখ কৰা হৈছে৷ স্মৰ্তব্য যে বিগত কিছুদিন ধৰি চীনৰ চিকিৎসালয়সমূহত নিউম’নিয়া ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এনে ৰোগীৰ অধিকাংশই শিশু আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী৷ ৰহস্যময় এই ৰোগত আক্ৰান্ত হ’লে কাহ বা পানীলগা জাতীয় উপসৰ্গই দেখা নিদিয়ে৷ মাথোঁ প্ৰৱল জ্বৰৰ সৈতে শ্বাস কষ্ট, সমগ্ৰ শৰীৰত বিষ হয়৷ বেইজিং আৰু লিয়াঅনিং প্ৰদেশৰ শিশু চিকিৎসালয়সমূহত শেহতীয়াকৈ এই ৰোগত আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিত উক্ত অঞ্চল দুটাৰ বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ অৱশ্যে প্ৰাপ্তবয়স্কসকল এই ৰোগত আক্ৰান্ত হোৱা নাই৷ ক’ভিডৰ পাছত এই ৰহস্যময় ৰোগক লৈ স্বাভাৱিকতেই চীনত এতিয়া বিৰাজ কৰিছে আতংকময় পৰিৱেশে৷