Logo
image

নলবাৰীৰ ৰাসত ‘সন্দেহযুক্ত’ শংকৰাচাৰ্য!

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ নৱেম্বৰঃ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৯০ সংখ্যক ৰাস মহোৎসৱ আজি সন্ধিয়া জগতগুৰু শংকৰাচাৰ্য স্বামী অধ্যোক্ষজানন্দ দেৱতীৰ্থ মহাৰাজে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ পৰম্পৰা ৰক্ষা কৰি আজিৰে পৰা তেৰ দিনীয়া কাৰ্যসূচীৰে এই ৰাস উৎসৱ অনুষ্ঠিত হ’ব৷ উল্লেখ্য, ১৯৩৩ চনৰ পৰাই নিৰৱছিন্নভাৱে এই ৰাস মহোৎসৱ উদ্‌যাপিত হৈ  আহিছে৷ কিন্তু এইবাৰৰ ৰাস উৎসৱৰ উদ্বোধক জগতগুৰু শংকৰাচাৰ্য স্বামী অধ্যোক্ষজানন্দ দেৱতীৰ্থ মহাৰাজক লৈ সৃষ্টি হৈছে অনেক ৰহস্য, বিতৰ্ক৷ বহুতৰ মতেগোৱৰ্ধন পীঠৰ পৰম পূজনীয় শংকৰাচাৰ্য বুলি আমন্ত্ৰণ কৰা অধ্যোক্ষজানন্দ দেৱতীৰ্থ মহাৰাজ প্ৰকৃত শংকৰাচাৰ্য নহয়৷ তেওঁক লৈ যথেষ্ট বিতৰ্ক আছে৷ অধ্যোক্ষজানন্দ সন্দেহজনক শংকৰাচাৰ্য৷ লক্ষণীয় যে নলবাৰী ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য বুলিয়েই অধ্যোক্ষজানন্দ দেৱতীৰ্থ মহাৰাজক ৰাস উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছে৷ আনকি নলবাৰী ৰাস মহোৎসৱৰ বাবে ছপা হোৱা আমন্ত্ৰণী পত্ৰতো অধ্যোক্ষজানন্দই পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য বুলি স্পষ্টকৈ উল্লেখ আছে৷ যদি অধ্যোক্ষজানন্দ পুৰীৰ গোৱৰ্ধন পীঠৰ প্ৰকৃত শংকৰাচাৰ্য নহয় তেন্তে প্ৰকৃত শংকৰাচাৰ্য কোন! ইয়াক লৈ উৎসুকতাৰ অন্ত নাই৷ গুগলত পোৱা তথ্য মতে গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য শ্ৰীশ্ৰী নি(লানন্দ সৰস্বতীহে৷ তেন্তে অধ্যোক্ষজানন্দ কোন– ৰহস্যৰ ভেদ ভঙা নাই৷ উল্লেখ্য যে অধ্যোক্ষজানন্দ দেৱতীৰ্থ শনিবাৰে বিমানেৰে আহি গুৱাহাটীত উপস্থিত হয়৷ বিমানবন্দৰৰ পৰা প্ৰথমে কামাখ্যা প্ৰশান্তি ল’জলৈ যায় আৰু তাৰ পাছত ৰাজ্যৰ কেইবাগৰাকী হাইপ্ৰফাইল ৰাজনৈতিক তথা প্ৰভাৱশালী লোকৰ ঘৰলৈ যায়৷ অধ্যোক্ষজানন্দক ৰীতি-নীতি অনুসৰি চৰণ ধুৱাই তেওঁলোকে বাসগৃহলৈ আদৰে৷ মহাৰাজৰ শ্ৰীমুখৰ শ্ৰৱণ, হিতোপদেশ মন দি ভক্তিসহকাৰে শুনে৷ ৰাজ্য চৰকাৰেও শংকৰাচাৰ্যগৰাকীক প্ৰদান কৰে ৰাজ্যিক মৰ্যাদা৷ কিন্তু ইয়াৰ মাজতে দেশৰ পূব কোণত স্থাপিত পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য প্ৰকৃততে কোন তাক লৈ সামাজিক মাধ্যমত চলে প্ৰচণ্ড ড্ৰিলিং৷  হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত এনেদৰে মত প্ৰকাশ কৰে– ‘অসমৰ বিশিষ্ট বুলি ভবা লোকসকলৰ হৈছে কি আচলতে?? গোৱৰ্ধন পীঠৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য পৰম পূজনীয় শ্ৰীশ্ৰী নি(লানন্দ সৰস্বতী, অধোক্ষজানন্দ দেৱতীৰ্থ শংকৰাচাৰ্য নহয় হে৷ কিছুদিন আগতে দেখোন শংকৰাচাৰ্য শ্ৰীশ্ৰী নি(লানন্দ সৰস্বতীদেৱ গুৱাহাটীলৈ আহি একেজন জয়ন্ত বৰুৱাৰ আতিথ্য গ্ৰহণ কৰিছিল! লগত অসমৰ মুখ্যমন্ত্ৰী গৰাকীও উপস্থিত আছিল৷ আজি সেই একেখন পীঠৰ শংকৰাচাৰ্য বুলি অধোক্ষজানন্দ দেৱতীৰ্থক জয়ন্ত বৰুৱাই কিহৰ ভিত্তিত আদৰণি জনালে? সকলো জানে, সকলো বুজে, তাৰ পিছতো মানুহবোৰে আচলতে কি কৰিব খুজিছে বাৰু? ‘বেজৰ নাকতে খৰ হ’লে সুস্থ কোনে কৰাব!’ ইফালে, ফেচবুকত  জুলা শৰ্মা নামৰ মহিলাগৰাকীয়ে ‘আদি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰা চাৰিখন মঠ আৰু বৰ্তমানৰ শংকৰাচাৰ্যসকল সন্দৰ্ভত এনেদলে লিখিছে– ‘ভাৰতৰ অন্যতম মহান দাৰ্শনিক-আদি শংকৰাচাৰ্যৰ কম বয়সতে অদ্বৈত বেদান্ত অধ্যয়ন কৰিবলৈ লৈছিল আৰু আঠ বছৰত গুৰুকুল অধ্যয়ন সম্পূৰ্ণ কৰিছিল৷ তেওঁ অদ্বৈত বেদান্তৰ প্ৰচাৰ কৰি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছিল আৰু প্ৰতিষ্ঠা কৰিছিল৷ অদ্বৈত বেদান্তৰ চৰ্চা আৰু সাধাৰণ জনতাৰ মাজত প্ৰচাৰৰ বাবে আদি শংকৰাচাৰ্যই তেওঁৰ চাৰিজন মুখ্য শিষ্যৰ নেতৃত্বত দেশৰ চাৰিটা কোণত চাৰিখন মঠ স্থাপন কৰিছিল৷ তেওঁলোকৰ উত্তৰাধিকাৰীসকল আজি এই মঠবোৰৰ মুৰব্বী হৈ আছে৷ কাশী আৰু কাঞ্চীত দুটা উপ-পীঠও স্থাপন কৰা হৈছিল৷ আদি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰা চাৰিখন পীঠ বা মঠ হৈছে– শাৰদা পীঠ অৰ্থাৎ শৃংগেৰী মঠ (কৰ্ণাটক)ঃ আদি শংকৰাচাৰ্যই ইয়াত দক্ষিণ ভাৰতৰ বাবে তেওঁৰ প্ৰথম পীঠ স্থাপন কৰিছিল৷ এই পীঠৰ বৰ্তমানৰ মুৰব্বী হৈছে শ্ৰী ভাৰতী তীৰ্থ মহাস্বামী৷ কালিকা পীঠ, দ্বাৰকা(গুজৰাট)ঃ ইয়াক শাৰদা পীঠ বুলিও কোৱা হয়৷ এই পীঠৰ বৰ্তমানৰ মুৰব্বী হৈছে স্বামী সদানন্দ সৰস্বতী৷ গোৱৰ্ধন পীঠ, পুৰী (উৰিষ্যা)ঃ আদি শংকৰাচাৰ্যৰ দ্বাৰা দেশৰ পূব কোণত স্থাপিত মঠ৷ এই মঠৰ বৰ্তমানৰ মুৰব্বী হৈছে স্বামী শ্ৰী নিশ্চলানন্দ সৰস্বতী৷ জ্যোতিৰ পীঠ, যোশীমঠ (উত্তৰাঞ্চল)- উত্তৰ ভাৰতৰ বাবে, বদ্ৰীনাথৰ ওচৰত স্থাপিত এই পীঠ৷ এই পীঠৰ বৰ্তমানৰ মুৰব্বী হৈছে স্বামী অৱিমুক্তেস্বৰানন্দ সৰস্‌৷ কামাকোটি পীঠ, কাঞ্চী (তামিলনাডু)- উপ-পীঠ য’ত আদি শংকৰাচাৰ্যই লিঙ্গ পূজা কৰিছিল৷ এই পীঠৰ বৰ্তমানৰ মুৰব্বী হৈছে স্বামী বিজয়েন্দ্ৰ সৰস্বতী৷ কাশী সুমেৰু পীঠ, বাৰাণসী (উত্তৰ প্ৰদেশ)- এখন উপ-পীঠ (কিছুমান হিন্দু সংগঠনৰ দ্বাৰা স্বীকৃত নহয়)৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ‘শংকৰাচাৰ্য’ হৈছে পীঠৰ মুৰব্বীৰ বাবে এক পৰম্পৰাগত উপাধি৷ এইটো বৰ্তমানৰ শংকৰাচাৰ্যই শিষ্যক হস্তান্তৰ কৰে৷ ব্যক্তিজন যোগত নিপুণ আৰু তেওঁ অদ্বৈত বেদান্ত ভালদৰে অৱগত হ’ব লাগে আৰু আন তিনিজন শংকৰাচাৰ্যৰ দ্বাৰা স্বীকৃত হ’ব লাগিব৷’ এনে পৰিস্থিতিত অধ্যোক্ষজানন্দ দেৱতীৰ্থ নকল শংকৰাচাৰ্য বুলিও সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে৷ আনহাতে, নলবাৰী ৰাস উদ্বোধন কৰা অধ্যোক্ষজানন্দ দেৱতীৰ্থক লৈ বিতৰ্কৰ উদ্ভৱ হোৱাত ৰাস উদযাপন সমিতিৰ কেইবাজনো বিষয়ববীয়াই জানিবলৈ দিয়া মতে, এই সন্দৰ্ভত তেওঁলোক জ্ঞাত নহয়৷ ৰাস মহোৎসৱ উদ্বোধন কৰা অতিথিগৰাকীক উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইহে যোগাযোগ কৰিছিল৷ গতিকে শংকৰাচাৰ্যগৰাকী সন্দৰ্ভত মন্ত্ৰী গৰাকীয়েহে ক’ব পাৰিব বুলিও তেওঁলোকে কৌশলপূৰ্ণ মন্তব্য কৰে৷ ইফালে, এই সম্পৰ্কে মত জনাৰ উদ্দেশ্যে আমাৰ সাংবাদিকে মন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰিছিল যদিও ফোন ৰিছিভ নকৰাত জানিব পৰা নগ’ল৷ লক্ষণীয় যে ২০১৪ চনৰ ২ মে’ত দেশৰ আগশাৰীৰ ইংৰাজী দৈনিক কাকত ‘দ্য ইকনমিক্স টাইমছ’ত প্ৰকাশিত বাতৰি অনুসৰি স্বামী অধ্যোক্ষজানন্দ দেৱতীৰ্থই ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাণাৰসত কেম্পেইন কৰাৰ কথা ঘোষণা কৰিছিল৷ এক কথাত ক’বলৈ গ’লে অধ্যোক্ষজানন্দ দেৱতীৰ্থ এসময়ত প্ৰৱল মোদী বিৰোধী আছিল আৰু তেওঁ ২০০২ চনৰ গুজৰাট কাণ্ডৰ বাবে মোদীক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিছিল৷ সকলো ধৰ্মীয় নেতাকে তেওঁ বাৰাণসীত মোদীৰ বিৰোধিতা কৰিবলৈ মুকলি আহ্বান জনাইছিল৷  মোদীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছত গুগলত বৰ্তমান গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য বুলি পৰিচিত শ্ৰীশ্ৰী নিচলানন্দ সৰস্বতীয়ে ঘোষণা কৰিছিল যে তেওঁহে পুৰীৰ স্বীকৃত জগতগুৰু শংকৰাচাৰ্য৷ মুঠতে ৰাজ্যত   ৰাজ অতিথি হিচাপে চফৰ কৰা স্বামী অধ্যোক্ষজানন্দ মহাৰাজ প্ৰকৃততে কোন–ইয়াৰ ভেদ ভঙা এতিয়াও এক জটিল সাঁথৰ৷