Logo
image

ৱেষ্টবেংকত ৬জন পেলেষ্টাইনীক হত্যা

নতুন দিল্লী, ২৭ নৱেম্বৰঃ যুদ্ধবিৰতি আৰু বন্দী প্ৰত্যৰ্পণৰ মাজতে ইজৰাইলী সেনাই ৬জন পেলেষ্টাইনী নাগৰিকক হত্যা কৰিছে৷ পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ উদ্ধৃতি দি সংবাদ মাধ্যম ‘আলজাজিৰা’ই এই বাতৰি পৰিৱেশন কৰিছে৷ ৱেষ্ট বেংকত হোৱা এই ঘটনাত নিহতসকলৰ ভিতৰত এজন চিকিৎসকো আছে৷  ইপিনে ইয়াৰ মাজতেযুদ্ধবিৰতিৰ চুক্তি অনুসৰি শনিবাৰে মাজনিশা প্ৰায় ১ বজাত ইজৰাইলে কাৰাবন্দী হৈ থকা ৩৯জন পেলেষ্টাইনীক মুক্তি দিয়ে৷ ইজৰাইলৰ কাৰাগাৰ কতৃৰ্পক্ষই এই বিষয়ে সদৰি কৰে৷ আনহাতে ইয়াৰ প্ৰায় দুঘণ্টা পূৰ্বে হামাছে ১৩জন ইজৰাইলী নাগৰিকক মুক্তি দিয়াৰ লগতে পণবন্দী হৈ থকা আন ৪জন বিদেশী নাগৰিকক মুক্তি দিয়ে৷ মুক্তি লাভ কৰা বিদেশী নাগৰিক কেইজন থাইলেণ্ডৰ৷ ইতিমধ্যে মুক্তি পোৱা সকলক ইণ্টাৰনেশ্যনেল কমিটী অৱ ৰেডক্ৰছৰ হাতত প্ৰত্যৰ্পণ কৰা হৈছে৷ উল্লেখ্য যে পেলেষ্টাইনৰ গাজা উপত্যকাত শুকুৰবাৰে পুৱাৰে পৰা চাৰিদিনৰ বাবে সাময়িক যুদ্ধবিৰতি আৰম্ভ হৈছে৷ কাটাৰৰ মধ্যস্থতাত হোৱা এই যুদ্ধবিৰতিৰ সময়ত আপাততঃ গাজাত ইজৰাইলৰ বোমাবৰ্ষণ বন্ধ হৈ আছে৷ যুদ্ধবিৰতিৰ চুক্তি অনুসৰি প্ৰথমদিনা বিয়লি প্ৰায় চ্ছ্ৰ বজাত প্ৰথম পৰ্যায়ত ১৩ জন ইজৰাইলী নাগৰিক আৰু চাৰিজন থাইলেণ্ডৰ নাগৰিকক মুক্তি দিয়ে হামাছে৷ ইয়াৰ পাছতে ইজৰাইলে কাৰাবন্দী হৈ থকা ৩৯জন পেলেষ্টাইনীক মুক্তি দিয়ে৷ অৱশ্যে যুদ্ধবিৰতিৰ দ্বিতীয় দিনা বন্দী মুক্তি আৰু প্ৰত্যৰ্পণত হামাছে বিলম্ব কৰাৰ অভিযোগ উত্থাপন হৈছে৷ হামাছে দাবী কৰা মতে ইজৰাইলে যুদ্ধবিৰতি চুক্তি ভংগ কৰাৰ বাবে পণবন্দী মুক্তি দিয়াত পলম হৈছে৷ হামাছৰ মতে চুক্তি অনুসৰি যেতিয়ালৈকে গাজাৰ উত্তৰাঞ্চলত ইজৰাইলে সাহায্য সামগ্ৰী কঢ়িওৱা বাহন প্ৰৱেশ কৰিবলৈ নিদিয়ে তেতিয়ালৈকে বন্ধী মুক্তিত পলম হ’ব৷ স্মৰ্তব্য যে হামাছৰ সৈতে হোৱা ইজৰাইলৰ যুদ্ধবিৰতি চুক্তিত গাজাত দৈনিক সাহায্য সামগ্ৰী কঢ়িওৱা ২০০খন ট্ৰাকক প্ৰৱেশ কৰিবলৈ দিয়া হ’ব৷ সেই অনুসৰি চুক্তিৰ পাছতে শনিবাৰে ২০০খন ট্ৰাক গাজাত প্ৰৱেশ কৰে৷ একেদৰে উত্তৰাঞ্চলতো ৫০খন সাহায্য সামগ্ৰীৰ বাহন প্ৰৱেশ কৰে৷ কিন্তু দ্বিতীয় দিনা চুক্তিৰ সেই চৰ্ত উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে হামাছে৷ অৱশ্যে দেওবাৰে নিশাৰ ভাগত পুনৰ সাহায্য সামগ্ৰী কঢ়িওৱা ১২০খন ট্ৰাক গাজা অভিমুখে ৰাওনা হোৱা বুলি ইজৰাইলৰ তৰফৰ পৰা কোৱা হয়৷ সাহায্য সামগ্ৰীৰ এই ট্ৰাকসমূহ গন্তব্যস্থান পোৱাৰ পাছতে  তৃতীয় পৰ্যায়ৰ বন্দী প্ৰত্যৰ্পনৰ আশা কৰা হৈছে৷