Logo
image

মাতৃৰ বিস্ফোৰণ: ভাৰাঘৰৰ মালিকৰ হত্যাৰ বলি হ'ল নেকি অনুষ্কা? প্ৰেমিক ৰাহুলক আটক দিছপুৰ আৰক্ষীৰ

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰী সম্প্ৰতি অপৰাধীৰ ৰম্য ভূমিত পৰিণত হৈছে৷ এটাৰ পিছত আনটো অপৰাধ জনিত ঘটনা সংঘটিত হোৱাৰ পাছতো স্মাৰ্ট আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে৷ চুৰি -ডকাইতি, অপহৰণ, হত্যাৰ ঘটনাই সৰ্বসাধাৰণ জনতাক ত্ৰাহি মধুসুদন সোৱৰাৰ সময়তে পুনৰ এক ৰহস্যঘন ঘটনাই জোঁকাৰিছে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰী৷

মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে৷ যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য।গুৱাহাটীত বনকৰা মহিলা জুনু বৰাৰ সৈতে একেলগে ভাৰাঘৰত আছিল অনুষ্কা। পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড। অনুষ্কাৰ পৰিয়ালৰ লোকে কয় যে এয়া জুনু বৰা আৰু ঘৰৰ মালিক ৰমেশ ভৰালীৰ পৰিকল্পিক কাণ্ড। অভিযোগ অনুসৰি জুনু বৰা আৰু ঘৰৰ মালিকৰ মাজত আছিল অবৈধ সম্পৰ্ক। এই সম্পৰ্কে অনুষ্কাই মাতৃক অৱগত কৰিছিল। ইয়াৰ বাবে অনুষ্কাক হত্যা কৰা বুলি কয় মাতৃয়ে। 

আনহাতে অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে প্ৰেমিক ৰাহুলৰ। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধোপাছা কৰি আছে দিছপুৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। একাংশৰ মতে শনিবাৰে নিশা ৰাহুল আৰু অনুষ্কাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰপিছদিনাই মৃতদেহ উদ্ধাৰ হৈছিল অনুষ্কাৰ। 

এয়া হত্যা নে আত্মহত্যা এতিয়াও এয়া এক ৰহস্য। অনুষ্কা শইকীয়াৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।