Logo
image

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা বাবে দেওবাৰে সন্ধিয়া বৰ্ষীয়ান সাংবাদিকজনক গুৱাহাটীৰ দিছপুৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তেওঁ হাস্পতালখনৰ আইচিইউত চিকিৎসাধীন হৈ আছে। তেওঁ বৰ্তমান হাস্পতালখনৰ আই চি ইউৰ বিশেষজ্ঞ আৰু শ্বাস-প্ৰশ্বাস বিশেষজ্ঞৰ পৰ্যবেক্ষণত আছে। 

উল্লেখ‍্য, ৰাজ্যৰ সংবাদ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ৯৬ বছৰ বয়সতো সংবাদ মাধ্যমৰ উপৰিও জ্যেষ্ঠ নাগৰিক সংস্থা, বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ আছে। তেওঁ এজন নিৰ্ভীক সাংবাদিক হিচাপে জনসমাজত বিশেষভাৱে পৰিচিত। তেওঁ অসমৰ সমাজ জীৱনৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ মাত মাতি আহিছে। বিশেষকৈ নিষিদ্ধ ঘোষিত সংগঠন আফলাৰ হিংসাত্মক কার্য-কলাপৰ তেওঁ দুৰ্ঘোৰ সমালোচক।

প্ৰবীণ সাংবাদিকজন অসুস্থ হৈ উঠাৰ খবৰ লাভ কৰি ৰাজ্যৰ সংবাদ জগতৰ বিভিন্ন জনৰ লগতে বহুতো দল-সংগঠন, শুভাকাংক্ষীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।