Logo
image

গুৱাহাটীৰ টি-২০ক লক্ষ্য কৰি যান-বাহন আৰক্ষীৰ বিশেষ ব্যৱস্থা

‘আমাৰ অসম’ৰ ৰিপৰ্টাৰ, ২৮ নৱেম্বৰঃ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’বলগীয়া টি-টুৱেণ্টীখনক  লৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে৷ পাঁচখনীয়া মেচৰ টি-টুৱেণ্টী শৃংখলাৰ তৃতীয় মেচত আজি বৰ্ষাপাৰাত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ’ব ভাৰত৷ মেচখনৰ প্ৰতি লক্ষ্য কৰি যান-বাহন আৰক্ষীয়ে ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলক লৈ কিছু প্ৰতিবন্ধকতা আৰোপ কৰিছে৷ সোমবাৰে এক সংবাদ মেলত মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত  সাৰথি বৰাই কয় যে মঙলবাৰে  ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দিনৰ¸ ১২ বজাৰ পৰা নিশা ১২ বজাপৰ্যন্ত চাৰি চকাৰ বা তাৰ অধিক চকাৰ বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা  আৰোপ কৰা হৈছে৷ দিনৰ¸ ১২ বজাৰ পৰা নিশা ১২ বজাপৰ্যন্ত এ কে আজাড ৰোড আৰু এ কে দেৱ ৰোডত তিনি চকাৰ বা তাৰ অধিক চকাৰ বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা  আৰোপ কৰা হৈছে৷ দিনৰ তিনি বজাৰ পৰা এ কে আজাড ৰোড [লখৰা ৰোড] ৱান ৱে কৰা হ’ব৷ বৰ্ষাপাৰা তিনি আলীৰ পৰা ধীৰেনপাৰা তিনি আলীলৈ বৰ্ষাপাৰা ৰোডটো কাৰ পাছ থকা সকলৰ বাবে ৱান ৱে’ কৰা হ’ব৷ বৰাই জনোৱা মতে এম্বুলেন্স, স্কুল বাছ, জ্যেষ্ঠ নগাৰিকৰ বাহন, স্থানীয় লোক আৰু জৰুৰীকালীন সেৱাক এই প্ৰতিবন্ধকতাৰ পৰা ৰেহাই দিয়া হ’ব৷ পৰিস্থিতি অনুসৰি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি বৰাই কয় ৷ মহানগৰ আৰক্ষীয়ে চম্পাৱতী ফিল্ড, গনেশপাৰা ফিল্ড, দতালপাৰা ফিল্ড, ফটাশিল আমবাৰীৰ পি ডব্লিউ ডি ফিল্ড, লাটুমা ফিল্ড, চাইকেল ফেক্টৰী ফিল্ড, নিউ পদ্মশ্ৰী ক্লাব ফিল্ড, ৰলিং মিল পাৰ্কিং ফিল্ড,  কালি মন্দিৰ স্প্ৰিঙ ক্লাব ফিল্ড আদিত খেল চাবলৈ অহা দৰ্শকৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰিছে৷ আনহাতে, অসম ক্ৰিকেট সন্থাৰ পৰা জনোৱা হৈছে যে দৰ্শকক খেলপথাৰলৈ কেৱল মোবাইল ফোন আৰু মানী পাৰ্ছ হে নিয়াৰ অনুমতি দিয়া হ’ব৷ মেচ আৰম্ভ হ’ব সাত বজাৰ পৰা৷ ষ্টেডিয়ামৰ গেট সমূহ তিনিঘণ্টা আগেয়ে খুলি দিয়া হ’ব৷ দৰ্শকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি পাঁচ আৰু ছয় নং গেট চাৰি ঘণ্টাৰ আগেয়েই খুলি দিয়া হ’ব৷ সোমবাৰৰ সংবাদ মেলত  জয়ন্ত সাৰথি বৰাৰ  লগত অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিব কোঁৱৰ আৰু প্ৰাক্তন উপ-সভাপতি পৰীক্ষিত দত্তও উপস্থিত আছিল৷