Logo
image

আজি ৰিংকুৰ বেটিং বিস্ফোৰণ দেখা পাবনে গুৱাহাটীৰ দৰ্শকে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত টুৱেণ্টী২০ শৃংখলাৰ প্ৰথম দুখন খেলত জয়ৰ পাছত এতিয়া সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াৰ লক্ষ্য হৈছে গুৱাহাটীত মঙলবাৰে হ’বলগীয়া তৃতীয় খেলখনতে শৃংখলা জয় নিশ্চিত কৰা৷ সদ্যসমাপ্ত বিশ্বকাপৰ ফাইনেলত অষ্টে˜লিয়াৰ বিৰুদ্ধে নিৰাশাজনক প্ৰদৰ্শনৰ পাছত ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে বিচাৰিছেটীম ইণ্ডিয়াই বিশ্বকাপৰ ফাইনেলত হোৱাৰ পৰাজয়ৰ পোতক টুৱেণ্টী২০ শৃংখলাটোত তোলক৷ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰৰ এয়া হ’ব দ্বিতীয়খন টুৱেণ্টী২০ খেল৷ ইয়াৰ পূৰ্বে ২০১৭ চনৰ ১০ অক্টোবৰত ডেভিড ৱাৰ্নাৰ নেতৃত্বাধীন অষ্ট্ৰেলিয়া দলটোৰ হাতত বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দল পৰাস্ত হৈছিল আঠ উইকেট৷ এইবাৰ অৱশ্যে গুৱাহাটীৰ খেলখনত কোহলি আৰু ৱাৰ্নাৰ দুয়োজনে নাথাকিব৷ বিশ্বকাপৰ পাছত টীম ইণ্ডিয়াৰ ছিনিয়ৰ ক্ৰিকেটাৰসকলক বিশ্ৰাম দি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাটোৰ বাবে যুৱ ক্ৰিকেটাৰৰ অন্তৰ্ভুক্তিৰে  দলটো নিৰ্বাচন কৰা হৈছে৷ শৃংখলাৰ প্ৰথম দুখন খেলত দলটোৰ পৰা আশানুৰূপ প্ৰদৰ্শনো পোৱা গৈছে৷ বিশাখাপটনমৰ প্ৰথমখন খেলত অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৪২টা বলত ৮০ আৰু ঈশান কিষাণে ৩৯টা বলত ৫৮ ৰান সংগ্ৰহেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ তেনেদৰে তিৰুৱনন্তপুৰমৰ দ্বিতীয়খন খেলত  উজলি উঠিছিল ঈশান কিষাণ (৩২টা বলত ৫২), যশস্বী জয়ছোৱাল (২৫টা বলত ৫৩) আৰু ঋতুৰাজ গায়কোৱাড় (৪৩টা বলত ৫৮)৷ ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ, যশস্বী জয়ছোৱাল আৰু ঋতুৰাজ গায়কোৱাড়ৰ উপৰি চলিত শৃংখলাটোত টীম ইণ্ডিয়াৰ আন এজন সদস্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তেওঁ হৈছে টুৱেণ্টী২০ ক্ৰিকেটৰ বিশেষজ্ঞ বেটাৰৰ আখ্যা পোৱা ৰিংকু সিং৷ উত্তৰ প্ৰদেশৰ এই ২৬ বছৰীয়া বেটাৰজন সোমবাৰৰ দ্বিতীয়খন টি-২০ত মাত্ৰ ৯টা বলত দুটা ‘ছয়’ আৰু চাৰিটা ‘চাৰি’ৰে ৩১ ৰানত অপৰাজিত আছিল৷ প্ৰথমখন খেলতো তেওঁ ১৪টা বলত চাৰিটা ‘চাৰি’ৰে ২২ ৰানত অপৰাজিত আছিল৷

আই পি এলৰ খেল নিয়মিতভাৱে চোৱাসকলে ৯ এপ্ৰিলত গুজৰাট টাইটানছৰ বিৰুদ্ধে আহমেদাবাদত অনুষ্ঠিত খেলখনৰ অন্তিমটো অভাৰত ৰিংকু সিঙে ক্ৰমাগত পাঁচটা বলত ‘ছয়’ কোৱাই কলকাতা নাইট ৰাইডাৰ্ছক জয়ী কৰোৱা খেলখনৰ কথা নি(য় সহজে পাহৰিব নোৱাৰিব৷ ২০২৩ বৰ্ষৰ আই পি এলৰ ১৪খন খেলত ৰিংকু সিঙে সংগ্ৰহ কৰিছিল ৪৭৪ ৰান, য’ত আছিল চাৰিটা অৰ্ধশতক৷ ৰানৰ গড় আছিল ৫৯.২৫৷ আই পি এলত ৰিংকুৰ এই প্ৰদৰ্শনে টীম ইণ্ডিয়ালৈ তেওঁৰ প্ৰবেশৰ পথ প্ৰশস্ত কৰিছিল৷ চলিত বৰ্ষৰ ১৮ আগষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে ডাবলিনত ভাৰতীয় টুৱেণ্টী২০ দলত অভিষেক ঘটিছিল ৰিংকুৰ৷ এতিয়ালৈকে টীম ইণ্ডিয়াত সাতখন খেলৰ চাৰিখনত বেটিং কৰাৰ সুযোগ পাই।২১৬. ৯৪ ষ্ট্ৰাইক-ৰেটেৰে ৰিংকুৱে সংগ্ৰহ কৰিছে ১২৮ ৰান৷ তিনিবাৰ তেওঁ অপৰাজিত আছে৷ এই ৰিংকু সিং এতিয়া ভাৰতীয় টুৱেণ্টী২০ দলৰ অন্যতম আকৰ্ষণ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাটোত  ভাৰতীয় দলত থকা তিলক বাৰ্মাই ৰিংকু সিং সন্দৰ্ভত কৈছে–‘খেল এখন কেনেদৰে বিজয়েৰে শেষ কৰিব পাৰি, সেয়া আমি তেওঁৰ পৰা শিকিছো৷ ধাৰাবাহিকভাৱে তেওঁ সেই কামটো কৰিছে৷ লক্ষ্য অনুসৰণ কৰাৰ পাছত মিডল অৰ্ডাৰ বেটাৰসকলে খেলখন কেনেদৰে ফিনিছ কৰিব লাগে সেই বিষয়ে ৰিংকুৰ পৰা শিকিবলগীয়া বহুখিনি আছে৷’ মঙলবাৰে শৃংখলাৰ তৃতীয়খন খেলতো ৰিংকুৰ বেটিং বিস্ফোৰণৰ সাক্ষী হোৱাৰ অপেক্ষাত থাকিব বহুজন৷