Logo
image

পুনৰ বৰ্ষাপাৰাৰ কণ্ট্ৰ’লৰূম পৰিদৰ্শন কৰি গ’ল সাপে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ নৱেম্বৰঃ কোনোৱে কয় এয়া শিৱ বাবাৰ আশীৰ্বাদ৷ কোনোৱে কয় বৰ্ষাপাৰা ষ্টেডিয়াম নহয়, জংঘলপাৰা ষ্টেডিয়াম৷ আপুনি যদি ‘মাইথ’লজি’ ভাল পায়, বা ঈশ্বৰত বিশ্বাসী, তেন্তে প্ৰথমটো মানি ল’ব পাৰে৷ কিন্তু দ্বিতীয়টো কোনোপধ্যে নহয়, কিয়নো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অত্যাধুনিক আৰু তাৰ আউটফিল্ডৰ প্ৰতিদাল ঘাঁহ সযত্নপালিত৷ পিছে এই সযত্নপালিত ঘাঁহ থকা বৰ্ষাপাৰা ষ্টেডিয়ামতো দুদালকৈ সাপ ওলাইছিল মেচ চলি থকা অৱস্থাত৷ সেয়া ২০২২ চনৰ ২ অক্টোবৰৰ কথা, তেতিয়া ফিল্ডত বেটিং কৰি আছিল ভাৰতে আৰু সাপৰ পোনপটীয়া প্ৰত্যক্ষদৰ্শী আছিল দক্ষিণ আফ্ৰিকাৰ ফিল্ডাৰ৷ মেচখন আছিল টি-২০৷   এইবাৰ পিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মঙলবাৰৰ টি-২০ মেচৰ আগদিনাই বৰ্ষাপাৰাত সাপ ওলাল৷ অৱশ্যে খেলপথাৰত নহয়, ষ্টেডিয়ামৰ নিয়ন্ত্ৰণ কক্ষত৷ এইবাৰো যোৱা বছৰৰ দৰে সংখ্যাত দুডাল আৰু বিষহীন নিগনি খোৱা সাপ৷ দীৰ্ঘদিন অব্যৱহূত হৈ থকাৰ বাবেই নিয়ন্ত্ৰণ কক্ষত এই নিগনিখোৱা সাপ দুডালে আশ্ৰয় লৈ থকা বুলি ধাৰণা কৰা হৈছে৷ আনহাতে মুকলি আৰু নিৰ্জন ঠাই সাপৰ স্বাভাৱিক বাসভূমি হোৱাৰ বাবেই খেলপথাৰৰ ভিতৰত সাপ ওলোৱা মুঠেই অস্বাভাৱিক ঘটনা হয়৷ নিৰ্জন, মুকলি ফিল্ডত আমনি নোপোৱাকৈ গাঁতত সোমাই থকা সাপ ফ্লাড লাইটৰ বহু মেগাৱাট পোহৰ আৰু ত্ৰিশ সহস্ৰাধিক দৰ্শকৰ চিঞৰ বাখৰত গাঁতৰ পৰা ওলাই অহা আচৰিত নহয়৷ কলম্বোৰ এখন খেলপথাৰত ক্ৰিকেট মেচৰ মাজতে এবাৰ ফেঁটী সাপো ওলাইছিল৷ 

অৱশ্যে ২০২২ চনৰ অক্টোবৰত বৰ্ষাপাৰাত ওলোৱা দুটাকৈ নিগনিখোৱা সাপে দৰ্শক আৰু ছ’চিয়েল মিডিয়াৰ নেটিজেনক ৰসৰ খোৰাক দিছিল৷ ‘এক্সট্ৰা কাভাৰ পজিচন’ৰ পৰা সেইদিনা হঠাতে ওলাই অহা প্ৰথমটো সাপে দক্ষিণ আফ্ৰিকাৰ ফিল্ডাৰ ৱেইন পাৰ্নেলক উচপ খুৱাই দিছিল৷ পিছে সি ‘স্কোৱাৰ লেগ’ পাওতেই গ্ৰাউণ্ড ষ্টাফে তাক আঁতৰাই নিয়ে৷ দ্বিতীয়টোৱে অৱশ্যে ইমান ‘পজিচন’ পৰিক্ৰমাৰ সুযোগ নাপাওতেই আঁতৰাই নিয়ে পূৰ্বৰ পৰা প্ৰস্তুত হৈ থকা গ্ৰাউণ্ড ষ্টাফে৷ সম্ভৱতঃ কাইলৈ মেচৰ সময়তো বাউণ্ডেৰীত সাপ ধৰিবলৈ সাজু থাকিব গ্ৰাউণ্ড ষ্টাফ৷