Logo
image

তিনিটাকৈ ‘হিৰোছিমা’য়ো শেষ কৰিব পৰা নাই হামাছক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ নৱেম্বৰঃ ৰাইট অফ৷ যোৱা ৭ অক্টোবৰৰ কাহিলি পুৱা যেতিয়া বিশ্বৰ সৰ্বাধিক সুৰক্ষিত দেশ ইজৰাইলক একেলগে ২০০০ ক্ষেপণাস্ত্ৰই বিদ্ধ কৰিছিল আৰু দেশখনৰ বাসিন্দা শোৱাপাটিত থাকোতেই মহাশত্ৰু হামাছৰ সশস্ত্ৰ যোদ্ধা জপিয়াই পৰিছিল, তাৰ কেইঘণ্টামান পাছতে যুদ্ধ ঘোষণা কৰি ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুৱে ব্ৰজনিনাদেৰে দেশখনৰ দুৰ্জেয় সেনাবাহিনীক আদেশ দিছিল–ৰাইট অফ দ্য হামাছ ইমিডিয়েটলি৷ হামাছক অবিলম্বে নিঃশেষ কৰা৷ কিন্তু সেই দিনটোৰ পৰা আজি ২৭ নৱেম্বৰত ৫২ দিন অতিক্ৰম কৰিলেও হামাছ ‘ৰাইট অফ’ নহ’ল, নিঃশেষ নহ’ল মাতৃভূমিৰ বাবে যুদ্ধ কৰি থকা অথচ আমেৰিকা আৰু মাৰ্কিন শ্ৰুতলিপিত পৰিচালিত ৰাষ্ট্ৰৰ দ্বাৰা সন্ত্ৰাসবাদী হিচাপে ঘোষিত হামাছ৷ কাৰণ তেওঁলোকে যুদ্ধ কৰি আছে পেলেষ্টাইনীৰ স্বভূমি ৰক্ষাৰ বাবে আৰু দখলদাৰী শত্ৰুৰ বিৰুদ্ধে৷ হামাছ নিঃশেষ নোহোৱাৰ বাবেই বীৰদৰ্পে গাজা ষ্ট্ৰিপ দখল কৰা ইজৰাইলে ৪৮ দিন যুদ্ধ কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি দিবলগীয়া হৈছে পণবন্দী হৈ থকা নিজদেশৰ দ্বিশতাধিক নাগৰিকক উদ্ধাৰ কৰাৰ বাবে৷ নিজে উদ্ভাৱন কৰা মহা শক্তিশালী আৰু আমেৰিকাই যোগান ধৰা অস্ত্ৰ আৰু ধনবল হামাছৰ স্বধিকাৰৰ যুঁজৰ সন্মুখত স্তব্ধ  হৈ গৈছে–দীৰ্ঘায়িত হওক বা নহওক, অন্ততঃ বোমা-বাৰুদে চাৰিদিনৰ বাবে৷ একপ্ৰকাৰ হামাছৰ ওচৰত হাৰ মানিয়েই ইজৰাইলে কাৰাবন্দী ১৫০ পেলেষ্টইনীক প্ৰত্যৰ্পণ কৰিবলগীয়া হৈছে কমসংখ্যক পণবন্দীৰ বিনিময়ত৷

আয়তনত ২১৬ বৰ্গকিলোমিটাৰ গুৱাহাটী মহানগৰীতকৈ সামান্য ডাঙৰ৷ ঠাহ খাই থকা জনবসতি, য’ৰ ২৩ লাখ বাসিন্দাৰ ১৭ লাখেই বাস কৰে শৰণাৰ্থী শিবিৰত৷ সেই ৩৬৫ বৰ্গকিলোমিটাৰ আয়তনৰ সমুদ্ৰ, মৰুভূমি আৰু ভূখণ্ডই আবৰি ৰখা ঠেক এটা অঞ্চল গাজা ষ্ট্ৰিপত বিগত ৪৮ দিন ধিৰ বোমা বৰষিছে ইজৰাইলে৷ এই ৪৮ দিনত ইজৰাইলৰ যুদ্ধবিমানে গাজা ষ্ট্ৰিপত ৪০,০০০ টন বোমা বৰ্ষণ কৰিছে৷ ইয়াৰ উপৰি আছে ক্ষেপণাস্ত্ৰৰ মুহুৰ্মুহু আক্ৰমণ৷ পেলেষ্টাইনৰ গাজাত যুদ্ধৰ এই ৪৮ দিন ইজৰাইলে যিমান বোমা বৰ্ষণ কৰিছে, তাৰ বিস্ফোৰকৰ পৰিমাণ দ্বিতীয় মহাযুদ্ধত আমেৰিকাই হিৰোমিছাত পেলোৱা পৰমাণু বোমা ‘লিটল বয়’ত কৈ তিনিগুণৰো অধিক৷ হিৰোছিমাত আমেৰিকাই পেলোৱা ‘লিটল বয়’ৰ বিস্ফোৰকৰ পৰিমাণ বা ওজন (মাছ) আছিল ১২,০০০ টন৷ তেজস্ক্ৰিয়তা থকাৰ বাবে সেই পৰমাণু বোমাই দীৰ্ঘকালৰ বাবে হিৰোছিমাৰ বাসিন্দাৰ শাৰীৰিক ক্ষতিসাধন কৰিছিল৷ সেই পৰমাণু বোমাই ১.৬ কিলোমিটাৰ পৰিধিৰ এটা অঞ্চল সম্পূৰ্ণ নিশ্চিহ্ন কৰি পেলাইছিল৷ ১২,০০০ টনৰ ‘লিটল বয়’ৰ বিস্ফোৰকৰ তুলনাত ৩ গুণতকৈ অধিক অৰ্থাৎ ৪০,০০০ টন বিস্ফোৰকৰ বৰ্ষণ কৰা ক্ষুদ্ৰ গাজা ষ্ট্ৰিপৰ অৱস্থা কেনে হৈছে সেয়া দূৰ পৰা কল্পনা কৰা টান৷ ৰাষ্ট্ৰসংঘৰ ‘ক’অৰ্ডিনেচন অৱ হিউমেনিটেৰিয়ান এফেয়াৰ্ছ’ (অ’ চি এইচ এ) আৰু বিশ্ব স্বাস্থ্য সংস্থাই (হু) প্ৰকাশ কৰা তথ্য অনুসৰি ৪০,০০০ টন বোমাৰ আঘাতত গাজা ষ্ট্ৰিপৰ ২,২২,০০০ বাসগৃহ ধবংস হৈছে, ইয়াৰে ৪০,০০০ বাসগৃহ ধুলিৰ লগত মিলি গৈছে৷ ২৭৮খন স্কুল-কলেজ, ২৭০খন হাস্পতাল-স্বাস্থ্যসেৱা কেন্দ্ৰ, ৬৯টা মছজিদ-গীৰ্জা, ৪৫খন এম্বুলেন্স, ১১টা বেকাৰী ধবংসস্তুপত পৰিণত হৈছে৷ ৪৮ দিনৰ যুদ্ধত ইজৰাইলৰ সেনাবাহিনীয়ে কেৱল সন্দেহযুক্ত হামাছৰ ঘাটিত আক্ৰমণ কৰা নাই, এফালৰ পৰা অসামাৰিক লোকৰ বসতিস্থল, হাস্পতাল, শৰণাৰ্থী শিবিৰতো বোমাবৰ্ষণ কৰিছে৷ আনকি ৰ,১৬,০০০ পঞ্জীয়নকৃত শৰণাৰ্থী থকা গাজা ষ্ট্ৰিপৰ বৃহত্তম শৰণাৰ্থী শিবিৰত ইজৰাইলে ৯ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ মুঠতে ৮ বাৰ বোমা বৰ্ষণ কৰিছে৷ 

গাজা ষ্ট্ৰিপ ধুলিৰ সৈতে মিহলি হৈ যোৱা স্বত্বেও সেই অঞ্চলটোৰ শাসককৰ্তা হামাছ নিঃশেষ হোৱা নাই, ইজৰাইলৰ আক্ৰমণত ধুলিৰ লগত মিহলি হৈ যোৱা নাই৷ আচলতে তিনিটা ‘হিৰোছিমা’য়ো হামাছক নিঃশেষ কৰিব পৰা নাই৷ অথচ এটা হিৰোছিমা আৰু এটা নাগাছাকিৰ পৰমাণু বোমাই স্তব্ধ কৰি দিছিল দ্বিতীয় মহাসমৰ৷ হামাছৰ এই দুৰ্জেয় মনোভাৱৰ বাবেই মহা পৰাক্ৰমী ইজৰাইলে কাতাৰৰ মধ্যস্থতা আৰু হামাছৰ বদান্যতাত গাজা ষ্ট্ৰিপত পণবন্দী হৈ থকা দেশৰ নাগৰিকক ঘূৰাই নিবলগীয়া হৈছে৷ ৪৮ দিন যুদ্ধ কৰি, ৪০,০০০ টন বোমা বৰ্ষণ কৰি সেও মনাব পৰা নাই হামাছক৷ সম্প্ৰতি ৩ লাখৰো অধিক ইজৰাইলী সেনাই দখল কৰি আছে পেলেষ্টাইনৰ ৩৬৫ বৰ্গ কিলোমিটাৰ আয়তনৰ গাজা ষ্ট্ৰিপ৷ ভয়ংকৰ মাৰণাস্ত্ৰ, টেংক, গোলা-বাৰুদ লৈ সেই ক্ষুদ্ৰ অঞ্চলটো বিগত এমাহ ধৰি নিজৰ দখলত ৰাখিও ইজৰাইলে হামাছৰ কবলৰ পৰা ২০০ জন পণবন্দী উদ্ধাৰ কৰিব নোৱাৰাটো পৰম বিস্ময়৷ তদুপৰি এই পণবন্দীৰ কেৱল ৫০ জনৰ মুক্তিৰ বিনিময়ত ইজৰাইলৰ কাৰাগাৰ পৰা ১৫০ জন পেলেষ্টাইনী বন্দীক মুক্ত কৰি আনিবলৈ হামাছে যি সফল দৰদাম কৰিলে, সেই ঘটনাই এতিয়াও হামাছ শেষ হৈ নোযোৱাটোকে প্ৰমাণ কৰে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, কেৱল ইজৰাইলৰ আক্ৰমণ বন্ধ বা যুদ্ধবিৰতিৰ বিনিময়ত হামাছে ৫০ পণবন্দীক মুক্তি দিবলৈ সন্মত হোৱা নাই, সন্মত হৈছে ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা ১৫০ জন পেলেষ্টাইনী নাগৰিকৰ মুক্তিৰ বিনিময়তহে৷ এই পৰ্যন্ত হামাছে ১১৭ জন পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুক্ত কৰি দিছে ৪১ জন পণবন্দী৷ চুক্তি অনুসৰি আজি সোমবাৰে বাকী ৯ জন পণবন্দী আৰু ইজৰাইলে ৩৩ জন বন্দীক মুকলি কৰি দিয়াৰ কথা৷ মধ্যস্থতাকাৰী কাতাৰে ইজৰাইল আৰু হামাছৰ  সৈতে বাৰ্তালাপ চলাই আছে যুদ্ধবিৰতি দীৰ্ঘায়িত কৰাৰ বাবে৷ যদি সেই আলোচনা ব্যৰ্থ হয়, তেন্তে মঙলবাৰৰ পৰা ইজৰাইলৰ আক্ৰমণ পুনৰ আৰম্ভ হ’ব৷ হামাছো সাজু স্বভূমি ৰক্ষাৰ যুঁজৰ বাবে৷ ৪০,০০০ সশস্ত্ৰ হামাছৰ যোদ্ধাই নিজকে স্বাধীনতা সেনানী বুলিয়েই গৌৰৱ কৰে, যিদৰে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ যুদ্ধত নমা নেতাজী সুভাস চন্দ্ৰ বসুক দখলকাৰী ব্ৰিটিছৰ আৰু তেওঁলোকৰ মিত্ৰ দেশে সন্ত্ৰাসবাদী বুলিয়েই গণ্য কৰিছিল৷ কিন্তু নেতাজীৰ সংগ্ৰাম আছিল স্বভূমি ৰক্ষাৰ, স্বাধীনতাৰ৷ হামাছৰো৷