Logo
image

ছমাহৰ ভিতৰত গেৰুকামুখত বিদ্যুৎ উৎপাদন

‘আমাৰ অসম’ৰ ধেমাজিৰ প্ৰতিনিধি, ২৮ নৱেম্বৰঃ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পত সংঘটিত ভূমিস্খলন আৰু সোৱণশিৰি নৈৰ জলধাৰা শুকাই যোৱাৰ বাতৰিয়ে চৰ্চা চলি থকাৰ সময়তে কেন্দ্ৰীয় শক্তি নৱীকৰণ মন্ত্ৰী আৰ কে সিঙে (ৰাজ কুমাৰ সিং) আজি প্ৰকল্পস্থলীত উপস্থিত হৈ এনএইচপিচিৰ কামকাজত সন্তুষ্ট বুলি উল্লেখ কৰে৷ মন্ত্ৰীজনে প্ৰকল্পস্থলী প্ৰদৰ্শন কৰাৰ পাছত সন্ধিয়া ৬-৩০ বজাত সম্বোধন কৰা এক সংবাদমেলত আগন্তুক ৬ মাহৰ ভিতৰত বিদু্যৎ উৎপাদনৰ বাবে নদীবান্ধটো কাৰ্যক্ষম হৈ উঠিব বুলি উল্লেখ কৰে৷ পূৰ্বে হোৱা ভূমিস্খলনৰ বাবে পাহাৰক সুৰক্ষা প্ৰদান কৰিবলৈ গাৰ্ডৱাল নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে৷ ভাৰতত বিদু্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যু উৎপাদনো বৃদ্ধি কৰা বুলি উল্লেখ কৰি ২০১৪ চনলৈকে ৰ লাখ মেগাৱটৰ পৰা ৯ বছৰত ২ লাখ মেগাৱটলৈকে বৃদ্ধি হোৱাৰ কথা জানিবলৈ দিয়ে৷ গেৰুকামুখৰ প্ৰকল্পস্থলীৰ সভাকক্ষত আয়োজন কৰা সংবাদমেলত অৰুণাচল আপাৰ চিয়াঙত ১১ হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন বিদু্যৎ প্ৰকল্প স্থাপন কৰাৰ কথা উল্লেখ কৰি অৰুণাচলত ১৩টা প্ৰজেক্টত ১৩ হাজাৰ মেগাৱাট বিদু্যৎ উৎপাদন বাবে ইতিমধ্যেই এমৱেত স্বাক্ষৰিত হৈছে বুলি কয়৷ মন্ত্ৰীজনে এনএইচপিচিৰ প্ৰকল্প নিৰ্মাণ বহু উন্নত বুলিও মন্তব্য কৰে৷ ইফালে কিছুদিন পূৰ্বে সোৱণশিৰি নৈৰ জলধাৰা শুকাই যোৱা সন্দৰ্ভত সাংবাদিককে সোধা প্ৰশ্নোত্তৰত সোৱণশিৰি পুনৰ নুশুকাই বুলিও আশ্বাস দিয়ে তেওঁ৷  উল্লেখ্য যে ২৭ অক্টোবৰত একমাত্ৰ কাৰ্যক্ষম হৈ থকা ৰনং ডাইভাৰশ্যন টানেলৰ সন্মুখৰ ভাগত ভূমিস্খলন হোৱাত বন্ধ হৈ স্তব্ধ হৈ পৰিছিল সোৱণশিৰিৰ জলধাৰা৷ শুকান মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল নৈৰ বক্ষ৷ তাৰ পাছত পুনৰ আজি মন্ত্ৰীজনে প্ৰকল্পস্থলীত উপস্থিত হৈ বান্ধৰ ভিউ পইণ্টৰ পৰা সামগ্ৰিক পৰিৱেশৰ লগতে ২৭ অক্টোবৰত হোৱা ভূমিস্খলনৰ অংশ আৰু তাৰ ফলত ৰনং ডাইভাৰশ্যন টানেল বন্ধ হৈ পৰা অংশ পৰিদৰ্শন কৰে৷