Logo
image

মুছলমানৰ ভোটৰ বাবেই নগাঁৱত হেতা-ওপৰা বিৰোধী প্ৰাৰ্থীৰ! পীয়ূষ

‘আমাৰ অসম’ৰ টংলাৰ প্ৰতিবেদক, ২৮ নৱেম্বৰঃ মুছলমানৰ ভোটৰ বাবেই নগাঁৱত হেতাওপৰা লাগিছে বিজেপি প্ৰাৰ্থীৰ৷ কংগ্ৰেছে কেৱল মুছলমানক লৈ ৰাজনীতি কৰি আহিছে৷ এই ভাষ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ সোমবাৰে নৱগঠিত ৪৮নং টংলা বিধানসভা সমষ্টিৰ খালিংদুৱাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা জনজাগৰণ সভাত ভাগ লৈ মন্ত্ৰী হাজৰিকাই কয়– বৰপেটা-ধুবুৰীতহে আছে কংগ্ৰেছৰ অস্তীত্ব আছে৷ মুছলমানৰ সাংখ্যাধিক্যৰ বাবে এতিয়া বিৰোধীৰ মূল লক্ষ্য হৈ পৰিছে নগাঁও লোকসভা সমষিটো৷ তেওঁ  আৰু কয়– বিগত নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিবনুৱা যুৱক-যুৱতীৰ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল৷ ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৮৭ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিলে৷ প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে বেছিকৈ চৰকাৰী চাকৰি লাভ কৰিব৷ কংগ্ৰেছ মুক্ত অসমত বিজেপি চৰকাৰৰ দিনত কেৱল মেধা সম্পন্ন গাঁৱৰ তথা নগৰৰ যুৱক-যুৱতীসকলে চৰকাৰী চাকৰি লাভ কৰিছে৷ অসমৰ লাখ লাখ অৰোণোদয় আঁচনি লাভ কৰা লোকক ৰাজহুৱাকৈ কথা দিয়ে যে, অতি সোনকালে আঁচনিৰ ধন ১৪৫০ টকালৈ বৃদ্ধি কৰা হ’ব৷ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি নতুনকৈ ৬ লাখ মহিলাক এই আঁচনিৰ আওটালৈ অনাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীজনে৷ বিজেপি চৰকাৰে ৭০ লাখ পৰিয়ালক ৰাইজক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে৷ নিৰ্বাচন আন এটা প্ৰতিশ্ৰুতি অনুসৰি মহিলাৰ মাইক্ৰফাউনেঞ্চৰ ঋণ মাফৰ বাবে বেংকসমূহক প্ৰায় ২১০০ কোটি টকা চৰকাৰে ঘূৰাই দিছে৷ বিগত ৭০ বছৰ তথা কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬খন মেডিকেল কলেজ আছিল৷ বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা মন্তব্য কৰি মন্ত্ৰীজনে কয় যে, বৰ্তমানেও ৰাজ্যত আৰু ১২খন মেডিকেল কলেজৰ কাম পুৰ্ণগতিত চলি আছে৷ বিজেপি চৰকাৰে ৰাজ্যত প্ৰতিবছৰে ৩০০০ ডাক্তৰ উলিওৱাৰ পৰিবেশ গঢ়ি তুলিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএচপি ব্যৱস্থা প্ৰবৰ্তন হৈছে৷ যাৰ ফলত ৰাজ্য কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে৷ মুখ্যমন্ত্ৰীৰ যি সপোন দেশৰ শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত অসমক লৈ যাব লাগিব৷ বিটিআৰত বান পানী মুক্ত কৰিবলৈ ১৮ কোটি টকা ধাৰ্য কৰা হৈছিল৷ প্ৰত্যেক বছৰে বান পানী নিয়ন্ত্ৰণৰ বাবে উপৰঞ্চিকৈ ১২০ কোটিকৈ টকা দিয়া ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে৷ বিগত দুটা বছৰত ১১ শ কিলোমিটাৰ মথাউৰি ৰাস্থা বিজেপি চৰকাৰে নিৰ্মাণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ নেতৃত্বতেই বিজেপি চৰকাৰৰ দিনত বিটিআৰ চুক্তি সম্পন্ন হৈছে৷ বড়ো আৰু অনা বড়ো লগ হৈ এখন সৰ্বাঙ্গসুন্দৰ বিটিআৰ গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীজনে৷ বিজেপি চৰকাৰৰ দিনতেই মহিলা আত্মসহায়ক গোটৰ ৪ লাখ মহিলাক ২৫ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল৷ এইবাৰ প্ৰতিটো আত্মসহায়ক গোটক ৰ লাখ ১০ হাজাৰকৈ আৰ্থিক অনুদান দিয়া হব বুলি মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰীকাই৷ দেশৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধামন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ আগন্তুক বিজেপি দলক ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায় মন্ত্ৰী পীয়ূষ হাজৰীকাই৷ সভাত সাংসদ দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, জিলা সভাপতি সুনিল কুমাৰ বসুমতাৰী, জিলা প্ৰভাৰী ৰূপম গোস্বামী সহিতে জিলা-মণ্ডল-বুথৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে৷