Logo
image

ভোটৰ উমান পাই পুনৰ ‘কা’ৰ ভুমুকি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰঃ মাজত মাত্ৰ তিনিটা মাহহে বাকী, আহি পালে ২০২৪ ৰ লোকসভাৰ নিৰ্বাচন৷ ভোটৰ উমান পাই পুনৰ বিতৰ্কিত ‘কা’য়েও মাৰিলে ভূমুকি৷ লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিলেই পশ্চিমবংগৰ যতুৱা সম্প্ৰদায়লৈ বিশেষভাৱে মনত পৰে বিজেপিৰ৷ ২০১৯ ৰ লোকসভাৰ নিৰ্বাচনৰ সময়ৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই ‘কা’ বলৱৎ কৰি পশ্চিমবংগৰ মতুৱা সম্প্ৰদায়ক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে৷ পুনৰ ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ ভোটৰ অংকত এইবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই পশ্চিমবংগৰ মতুৱালৈ আগবঢ়ালে ‘কা’ পেকেজ৷ আজি পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা    জিলাত  মতুৱা সম্প্ৰদায়ৰ এক সভাত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ২০২৪ ৰ মাৰ্চ মাহৰ পূৰ্বে ‘কা’ কাৰ্যকৰী হ’ব৷ সমগ্ৰ দেশতে কা কাৰ্যকৰী হ’ব৷ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা সভাত কয় যে ২০২৪ ৰ মাৰ্চ মাহৰ পূৰ্বে ‘কা’ৰ বিধি বলৱৎ হ’ব৷ মতুৱাসকলক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব৷ উপযুক্ত তথ্যপাতি মজুত নথকাৰ বাবে মতুৱাক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব৷ এই কথাবিলাকো আইনত উল্লেখ থাকিব৷’ লক্ষণীয় যে বাংলাদেশৰ পৰা প্ৰব্ৰজিত মতুৱাসকলৰ পশ্চিমবংগৰ ১০-১৫ টা লোকসভা সমষ্টিত প্ৰভাৱ আছে৷ পশ্চিমবংগৰ মতুৱা ভোটৰ গুৰুত্ব বিজেপিৰ বাবেই ইমানেই বেছি যে ২০২১ চনত  স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশলৈ গৈ মতুৱা মঠত পূজা-অৰ্ঘ্য আগবঢ়াইছিল৷ সেয়েহে পুনৰ কাৰ জৰিয়তে মতুৱাক জাগ্ৰত কৰিব বিচাৰিছে বিজেপিয়ে৷ জানিব পৰা মতে লোকসভাৰ পাৰ্লিয়ামেণ্ট কমিটী অন চাবৰডিনেট লেজিজলেশ্বনে ২০২৪ৰ ৯ জানুৱাৰী আৰু ৰাজ্যসভাৰ কমিটীয়ে ২০২৪ৰ ৩০ মাৰ্চ ভিতৰত ‘কা’ ৰুলছ বলৱতৰ সময়সীমা নিৰ্ধাৰণ কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এতিয়ালৈকে সাতবাৰ কাৰ ৰুল ফ্ৰেমৰ তাৰিখ পিছুৱাই দিছে৷ স্বাভাৱিকতে যদিহে মাৰ্চৰ পূৰ্বে ‘কা’ বিধি বলবৎ হয়  তেন্তে ইয়াৰ প্ৰভাৱ অসমতো পৰাটো নিশ্চিত হৈ পৰিছে৷