Logo
image

এইবাৰ 'বিপাসনা'ৰ বাবে শিক্ষকক দিব ১২ দিনৰ ছুটী!কেনেকৈ লাভ কৰিব এই ছুটী ?

ডিজিটেল ডেস্কঃ অমৃত কলহ , খেল মহাৰণ, অমৃত বৃক্ষ ৰোপণকে ধৰি বিভিন্ন অনা - শৈক্ষিক কামত শিক্ষকক নিয়োগ কৰাক লৈ সৃষ্ট প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতে এইবাৰ বিপাসনা নামৰ এক ধৰণৰ যোগাসনৰ প্ৰশিক্ষণৰ নামত শিক্ষকসকলক দিব ১২ দিনৰ বিশেষ ছুটী। এই সন্দৰ্ভত শিক্ষা বিভাগে প্ৰকাশ কৰিছে এখন বিশেষ জাননী । এই জাননী অনুসৰি শিক্ষকসকলে ১২ দিনৰ বিশেষ ছুটী লাভ কৰিব।

চন্দ্ৰপুৰত অসম বিপাসনা ন্যাস নামৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৱে শিক্ষকসকলৰ বাবে ১০ দিনীয়া প্ৰশিক্ষণৰ  ব্যৱস্থা কৰিব। ইয়াৰ লগতে অহা-যোৱাৰ বাবে শিক্ষকসকলক দুদিনৰ ছুটী দিয়া হ'ব। ইচ্ছুক শিক্ষকে গুৱাহাটীৰ চন্দ্ৰপুৰস্থিত বিপাসনা কেন্দ্ৰত নামভৰ্তি কৰিব লাগিব। আগ্ৰহী শিক্ষকসকলে নামভৰ্তি পত্ৰৰ জেৰক্সৰ সৈতে ছুটীৰ আবেদন দাখিল কৰিব লাগিব। ইয়াৰ লগতে ছুটীৰ পৰা উভতি আহি তেওঁ সংশ্লিষ্ট কেন্দ্ৰৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, য’ত তেওঁৰ ১০ দিনৰ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ বিষয়ে উল্লেখ থাকিব।