Logo
image

বাইহাটাত উৰিল আলফা স্বাধীনৰ পতাকাঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

ডিজিটেল সংবাদ, কমলপুৰঃ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাইহাটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হঠাৎ আলফা স্বাধীনৰ পতাকা উৰি থকাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই ঘটনাই প্ৰথম অৱস্থাত পথচাৰীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছিল৷ কোনে কি উদ্দেশ্যৰে বিদ্ৰোহী সংগঠনটোৰ এই পতাকাখন স্থাপন কৰিলে তাক লৈ আন এক ৰহস্যৰ সৃষ্টি হৈছে। আলফা স্বাধীনৰ শক্তি প্ৰদৰ্শনৰ বাবে এনে কাৰ্যত সংঘটিত কৰিছে বুলিও একাংশ লোকে সন্দেশ কৰিছে ।

উল্লেখযোগ্য যে আজি অৰ্থাৎ ২৮ নৱেম্বৰত আলফা স্বাধীনৰ প্ৰতিবাদী দিৱস। এই উপলক্ষে  বাইহাটাৰ লগতে কেইবা ঠাইটো এনেদৰে পতাকা উৰুৱা বুলি জানিব পৰা গৈছে। এনে এক ব্যস্ত পথৰ কাষত আলফাৰ পতাকা উৰুৱাক লৈ শংকিত হৈছে স্থানীয় লোক । পৰৱৰ্তী সময়ত কমলপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পতাকাখন এৰোৱাই থানালৈ লৈ আনে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।