Logo
image

উজনি-নামনিৰ ৰাসোৎসৱত জনসমুদ্ৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰঃ ৰাজ্যৰ চৌদিশে এতিয়া ৰাসোৎসৱৰ পাৰভগা উছাহ৷ কি নলবাৰী, কি মাজুলী– কি যোৰহাট, কি পলাশবাৰী– হাউলী, বৰপেটা, তেজপুৰ, ছয়গাঁও আৰু ঢকুৱাখনাকে ধৰি ৰাজ্যৰ উজনি-নামনি সকলোতে ৰাসোৎসৱত দেখা গৈছে জনতাৰ ভিৰ৷ আক্ষৰিক অৰ্থতেই ৰাসৰ মণ্ডপে মণ্ডপে এতিয়া জনসমুদ্ৰ৷ বিচিত্ৰ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যজুৰি বিভিন্ন ঠাইত পালন কৰা ৰাসোৎসৱত ৰাইজৰ উছাহত সঁহাৰি জনাইছে ফৰকাল বতৰেও৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মঙলবাৰে নিশা মাজুলীৰ চাৰিটা স্থানত ৰাস উপভোগ কৰাৰ কথা৷ নিশা ১১ বজালৈকে ২নং কুঁহিয়াৰবাৰীৰ উজনি মাজুলী সন্মিলিত সাংস্কৃতিক মঞ্চত আৰু তাৰ পাছথ ক্ৰমে গড়মুৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, কমলাবাৰীৰ মাজুলী মিলন সংঘ আৰু শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ ৰাস উপভোগ কৰাৰ কথা মুখ্যমন্ত্ৰীৰ৷ উল্লেখ্য, ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে সপত্নীক মাজুলীৰ সত্ৰ পৰিদৰ্শন কৰিছিল আৰু সেই বছৰেই ৰাসোৎসৱত মাজুলী ভ্ৰমণ কৰিছিল৷ ২০২২ চনতো মুখ্যমন্ত্ৰীয়ে মাজুলীৰ ৰাস উৎসৱত অংশগ্ৰহণ কৰি যোৰহাট-মাজুলী সংযোগ দলঙৰ অগ্ৰগতিৰ বুজ লৈছিল৷ মঙলবাৰে পুনৰ মুখ্যমন্ত্ৰীয়ে যোৰহাট-মাজুলী দলঙৰ কামৰ অগ্ৰগতিৰ বুজ লৈ এখন দলীয় সভাতো অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীৰ আগমনৰ উপলক্ষে ৰাস উদযাপন সমিতিসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উৎসাহ-উদ্দীপনা বৃদ্ধি পাইছে৷

বঙৰাত এঘাৰদিনীয়া ৰাস উৎসৱ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ বঙৰা পাছনীয়াপাৰাত ৰাস উৎসৱ আৰম্ভ হৈছে৷ মঙলবাৰে সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড॰ প্ৰফুল্ল কুমাৰ নাথে ৰাস উৎসৱৰ প্ৰধান প্ৰৱেশদ্বাৰ মুকলি কৰাৰ পাছতে ৰাস উৎসৱৰ মুখ্য প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ধাৰাপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অখিল বৈশ্যই৷ ইয়াৰ পিছতে ক্ৰমে জয় জগন্নাথৰ দ্বাৰ মুকলি, ৰাস উৎসৱৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু ৰাস উৎসৱৰ কাৰ্যালয় উদ্বোধন কৰে ক্ৰমে অৱসৰী যুটীয়া সঞ্চালক গণেশ বড়ো, অৱসৰী শিক্ষক বিমল ঠাকুৰীয়া, সমাজকৰ্মী বীৰেন বৰা আৰু প্ৰাক্তন খেলুৱৈ চান আলী আহমেদে৷ এঘাৰদিনীয়াকৈ আয়োজিত ২৮ সংখ্যক আঞ্চলিক ৰাসক্ৰীড়া উৎসৱৰ আটাইকেইদিনেই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে নৃত্য, গীতৰ প্ৰতিযোগিতা, ঘোষা নাম, যাত্ৰাভিনয় আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে সদৰী কৰিছে৷