Logo
image

সেই নিষিদ্ধ ৰেট হোল মাইনিঙেই দিলে অন্ধকূপৰ পৰা মুক্তিৰ পথ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ নৱেম্বৰঃ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিল ১৭ দিন আগলৈকে অখ্যাত আৰু বিগত এপষেকত দেশ বিদেশৰ সংবাদ শিৰোনাম দখল কৰা উত্তৰকাশীৰ সুৰংগত বন্দী ৪১জন শ্ৰমিক৷ যোৱা ১৭ দিনৰ অক্লান্ত শ্ৰম, বিভিন্ন পদ্ধতি আৰু দেশী-বিদেশী প্ৰযুক্তি ব্যৱহাৰৰ অন্তত প্ৰাচীনতম ‘ৰেট হোল মাইনিং’ পদ্ধতিৰে মঙলবাৰে নিশা উত্তৰকাশীৰ নিৰ্মীয়মান ছিল্কায়াৰা সুৰংগৰ পৰা মুক্ত আকাশৰ তললৈ উলিয়াই অনা হ’ল আবদ্ধ ৪১জন শ্ৰমিকক৷ মঙলবাৰে নিশা ৭ বাজি ৪৭ মিনিটত উদ্ধাৰকাৰী বাহিনীয়ে আঢ়ৈ ফুট পৰিধিৰ লোহাৰ পাইপেৰে প্ৰথমজন শ্ৰমিকক ছিল্কায়াৰা সুৰংগৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ লগে লগে হৰ্ষোল্লাসত ফাটি পৰিল ঘটনাস্থলত উপস্থিত জনতা, স্বস্তিৰ নিশ্বাস এৰিলে আবদ্ধ শ্ৰমিকৰ পৰিয়াল-আত্মীয়ই আৰু অতদিনে উদ্বিগ্ন হৈ থকা দেশবাসীয়ে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে সুৰংগটোৰ খহি পৰা ৫৫ মিটাৰ দৈৰ্ঘৰ শিল-বালিৰ ধবংসস্তূপৰ মাজেৰে ‘ৰেট হোল মাইনিঙ’ত ব্যৱহাৰ কৰা পদ্ধতিৰেই উদ্ধাৰ কৰা হ’ল যোৱা ১২ নৱেম্বৰৰ পৰা আবদ্ধ হৈ থকা শ্ৰমিকসকলক৷ উদ্ধাৰৰ বিভিন্ন প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত, আমেৰিকাৰ পৰা অনা সুৰংগ খন্দা ‘অগৰ’ মেচিনটো সুৰংগৰ ভিতৰতে ভাগি পৰাৰ ফলত সমান্তৰালভাৱে উদ্ধাৰৰ দুটা প্ৰক্ৰিয়া চলি আছিল৷ এটা উলম্বভাৱে পাহাৰৰ ওপৰৰ পৰা সুৰংগলৈকে খনন আৰু আনটো নিৰ্মীয়মান সুৰংগৰ খহি পৰা ধবংসস্তূপৰ মাজেৰে ‘ৰেট হোল মাইনিং’৷  উলম্বভাৱে সুৰংগ পৰ্যন্ত খান্দিবলগীয়া ৬০ মিটাৰ উচ্চতাৰ ৪২ মিটাৰ খান্দি সম্পূৰ্ণ হৈছিল৷ কিন্তু তাৰ পূৰ্বেই সাফল্য আহিল দেশত আইনগতভাৱে নিষিদ্ধ আৰু প্ৰাচীন পদ্ধতি ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে৷ বিপজ্জনক বাবেই ৰাষ্ট্ৰীয় গ্ৰীন ট্ৰিবুনেলে ২০১৪ চনত ‘ৰেট হোল মাইনিং’ দেশত বন্ধ কৰি দিছিল৷ এই পদ্ধতিৰে ঘাইকৈ মেঘালয়ত কয়লা খনন কৰা হৈছিল৷ তেনেই সৰু এটা গাঁত খান্দি এন্দুৰৰ দৰে মাটিৰ ভিতৰলৈ সোমাই কয়লা খনন কৰাৰ বাবেই এই পদ্ধতিক ‘ৰেট হোল মাইনিং’ বুলি কোৱা হয়৷ সাম্প্ৰতিক সময়ত মেঘালয়ত এনেদৰে ‘ৰেট হোল মাইনিং’ খহি পৰাত আৰু ভিতৰত পানী জমা হোৱাত দুটা দুৰ্ঘটনাত ক্ৰমে ১৫ আৰু ৮ জন শ্ৰমিক সুৰংগৰ ভিতৰতে কবৰস্থ হৈছিল৷ প্ৰথমটো ঘটনাত ১৫জনৰ ৩টা মৃতদেহ দুমাহৰ পাছত আৰু দ্বিতীয়টো ঘটনাত এজনৰ মৃতদেহ উদ্ধাৰহে সম্ভৱ হৈছিল৷ এনে বিপজ্জনক বাবেই এই কয়লা খনন পদ্ধতি বন্ধ কৰি দিয়া হৈছিল৷ অৱশ্যে এতিয়াও মেঘালয় আৰু অসমৰ মাৰ্ঘেৰিটাত চোৰাংকৈ ‘ৰেট হোল মাইনিং’ চলি আছে৷ বিধিৰ কি লিখন, অৱশেষত সেই নিষিদ্ধ ‘ৰেট হোল মাইনিং’ পদ্ধতিৰেই উদ্ধাৰ কৰি অনা হ’ল উত্তৰকাশীৰ ছিি{¨য়াৰা সুৰংগত আবদ্ধ হৈ ১৭ দিনে মৃত্যুৰ ক্ষণ গণি থকা ৪১জন শ্ৰমিকক৷

দেশৰ প্ৰসিদ্ধ তীৰ্থক্ষেত্ৰ চাৰধাম সংযোগী পথ নিৰ্মাণত সকলো বতৰৰ বাবে সুচল এই সুৰংগ নিৰ্মাণ কৰা হৈছিল উত্তৰকাশী জিলাৰ ছিল্কায়াৰা আৰু দণ্ডালগাঁৱৰ মাজত৷ এই সুৰংগ আৰু ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে হিন্দু ধৰ্মাৱলম্বীৰ চাৰধাম নামে খ্যাত বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীৰ পথ পৰিবহণ ব্যৱস্থা সকলো ধৰণৰ বতৰৰ বাবে সুচল হ’ব৷ এই সুৰংগৰ দৈৰ্ঘ্য হ’ব চাৰে চাৰি (৪.৫) কিলোমিটাৰ৷ দুটা পথবিশিষ্ট এই সুৰংগৰ ছিল্কায়াৰাৰ দিশৰ ২.৪ কিলোমিটাৰ আৰু দণ্ডালগাঁৱৰ দিশৰ ১.৭৫ কিলোমিটাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ গৈছে৷ নিৰ্মীয়মান সুৰংগটোৰ ছিল্কায়াৰাৰ দিশে ২০৫ মিটাৰৰ পৰা ২৬০ মিটাৰৰ মাজৰ অংশটো যোৱা ১২ নৱেম্বৰত ভাগি পৰে৷ ফলত ৫৫ মিটাৰ অংশ শিল-বালিৰ আবৰ্জনাৰে বন্ধ হৈ পৰে৷ তেতিয়া ৪১জন শ্ৰমিক ২৬০ মিটাৰৰ সিপাৰে কৰ্মৰত হৈ সুৰংগৰ ভিতৰত আছিল৷ সেই দুৰ্ঘটনাৰ ফলত শ্ৰমিকসকলৰ ওলাই অহা পথ বন্ধ হৈ পৰে৷ সৌভাগ্যবশতঃ শ্ৰমিকসকল থকা স্থানত বিদ্যুৎ সংযোগ আৰু পানীৰ ব্যৱস্থা সক্ৰিয় হৈ আছিল৷ তদুপৰি তেওঁলোকক সামান্য পথেৰে বিশেষ খাদ্য, ঔষধ, ম’বাইল ফোন-চাৰ্জাৰ যোগান ধৰা হৈছিল আৰু মনঃস্তত্ববিদৰ জৰিয়তে সাহস যোগাই থকা হৈছিল৷ অন্যথা মৃত্যুভয়ত আবদ্ধ হৈ থকা শ্ৰমিকৰ ভয়তে মৃত্যু হোৱাটো আঁচৰিত ঘটনা নাছিল৷ আজি উদ্ধাৰ কৰিয়েই শ্ৰমিকসকলক তাৎক্ষণিকভাৱে চিকিৎসা সেৱা প্ৰদান কৰা হয়৷ তেওঁলোকৰ বাবে ঘটনাস্থলীতে অস্থায়ী চিকিৎসাকেন্দ্ৰ নিৰ্মাণ কৰি ৰখাৰ লগতে চিকিৎসক, ৪১খন এম্বুলেন্স, এখন বিশাল চিনুক হেলিকপ্টাৰকে ধৰি ৩খন হেলিকপ্টাৰ সাজু কৰি থোৱা আছিল৷ উদ্ধাৰকাৰ্যত নিয়োজিত হৈছিল এনডিএমএ, এনডিআৰএফকে ধৰি কেইবাটাও বিভাগ৷ উল্লেখ্য, এই সুৰংগ নিৰ্মাণ কৰি আছে নৱযুগ ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্বন লিমিটেডে৷ প্ৰসংগতঃ উজনি অসমৰ ঢলা-শদিয়া দলংখনো এই একেটা কোম্পানীয়েই নিৰ্মাণ কৰা৷