Logo
image

২ এচিএছ বিষয়াক মাৰাথন জেৰা, ২ এএছপি জে’ললৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰঃ এপিএছচিৰ চূড়ান্ত পীৰক্ষাত উত্তীৰ্ণ নোহোৱাকৈয়ে এচিএছ বিষয়া হৈছিল আকাশী দুৱৰা৷ এপিএছচিৰ প্ৰিলিমিনাৰী পৰীক্ষা পাছ কৰিয়েই লাভ কৰিছিল এপিএছচিৰ চাকৰি৷ বসন্ত দলেৰ জৰিয়তে আয়োগৰ কুখ্যাত অধ্যক্ষ ৰাকেশ পালৰ সৈতে চিনাকী হৈছিল আকাশী৷ এপিএছচি কেলেংকাৰিৰ তদন্তকাৰী এছআইটিৰ সন্মুখত এই কথা স্বীকাৰ কৰে আকাশীয়ে৷ আনহাতে, ৰাজ্যৰ সেই সময়ৰ এজন প্ৰভাৱশালী এজন মন্ত্ৰীৰে ঘনিষ্ঠ আছিল বক্ৰপথেৰে এপিএছচিৰ বাচনিত উঠা ত্ৰিদীপ ৰায়৷ প্ৰভাৱশালী মন্ত্ৰী গৌতম ৰয়ে ত্ৰিদীপ ৰায়ৰ নাম পঠাইছিল ৰাকেশ পাললৈ৷ বক্ৰপথেৰে এপিএছচিৰ বাচনিত উঠা আকাশী আৰু ত্ৰিদীপে মঙলবাৰে নিচেই পুৱা আঠ বজাতে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয়৷ চিআইডিয়ে দুই অতিৰিক্ত আয়ুক্ত আকাশী আৰু ত্ৰিদীপক মঙলবাৰে সমগ্ৰ দিনটো ধৰি জেৰা চলায় তদন্তকাৰী আৰক্ষীয়ে৷ আকাশী আছিল যোৰহাটৰ অতিৰিক্ত আয়ুক্ত আৰু ত্ৰিদীপ আছিল হাইলাকান্দিৰ অতিৰিক্ত আয়ুক্ত৷ দুই অতিৰিক্ত আয়ুক্তক দীৰ্ঘ সময় ধৰি চলোৱা জেৰাৰ অন্তত ঘৰলৈ যাবলৈ দিয়ে চিআইডিয়ে৷ আকাশীয়ে এপিএছচিৰ লিখিত পৰীক্ষাত লাভ কৰিছিল ৬২০ নম্বৰ৷ অৰ্থাৎ লিখিত পৰীক্ষাত ফেল কৰিছিল আকাশী৷ ৬২০ নম্বৰ লাভ কৰা আকাশীক ২২০ নম্বৰ বঢ়াই দি মুঠ নম্বৰ ৮৪০ কৰা হৈছিল৷ লিখিত পৰীক্ষাত ৮১৮ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল ত্ৰিদীপ ৰায়৷ কিন্তু তেওঁক লাগে এচিএছ পদ৷ সেইমতে ৰাকেশ পালে ৫২ নম্বৰ বৃদ্ধি কৰি মুঠ নম্বৰ কৰিছিল ৮৭০৷ ত্ৰিদীপক মৌখিক পৰীক্ষাত ২০০১ ভিতৰত দিয়া হৈছিল ১৯১ নম্বৰ৷ আকাশী আৰু ত্ৰিদীপে বক্ৰপথেৰে চাকৰি লোৱাৰ কথা ২০১৬ চনতে প্ৰমাণ হৈছিল৷ তাৰ পাছতো কাৰ আশীৰ্বাদত সাৰি গৈছিল দুই অভিযুক্ত এচিএছ বিষয়া, তাক লৈ চৰ্চা হৈছে৷ ইফালে, ইতিমধ্যে ন্যায়িক জিম্মাৰ ম্যাদ উকলাৰ পাছত মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয় ঐশ্বৰ্য জীৱন বৰুৱা আৰু ছাহজাহান সৰকাৰক৷ আদালতে দুয়োৰে জামিন আবেদন নাকচ কৰাৰ লগতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ইফালে, গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত এডিচিপিৰূপে কৰ্মৰত হৈ থকা সুকন্যা দাসক ৰ ডিচেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে এছআইটিয়ে৷ সুকন্যা দাসৰো জ্জ্বখন বহী লাভ কৰিছিল ন্যায়িক আয়োগে৷ অথচ মূল পৰীক্ষাত মাত্ৰ ৬টা বিষয়ৰহে প্ৰশ্নোত্তৰ লিখিব লাগে৷ সুকন্যা দাসৰ দুখন বহী জাল বুলি প্ৰমাণিত হৈছে৷ ন্যায়িক আয়োগে দুবাৰকৈ তলব কৰিছিল সুকন্যা দাসক৷ দুবাৰকৈ তলব কৰাৰ পাছতো হাজিৰ হোৱা নাছিল সুকন্যা৷ সুকন্যাক ন্যায়িক জিম্মাত থকাৰ সময়তে জেৰা চলাব চিআইডিয়ে৷ প্ৰাপ্ত তথ্য মতে বক্ৰপথেৰে চাকৰি লাভ কৰা একাধিক বিষয়াক তলব কৰিছে এছআইটিয়ে৷

যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত আকাশী দুৱৰাক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে বিতৰ্কিত ৰাকেশ পালে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বক্ৰ পথেৰে প্ৰশাসন বিষয়াৰ চাকৰি লোৱাৰ অভিযোগত যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত আকাশীলতা দুৱৰাক এছআইটিয়ে অৱশেষত গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, অতিৰিক্ত জিলা আয়ুক্ত আকাশী দুৱৰা জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব আছিল৷ কিন্তু বক্ৰ পথেৰে চাকৰি লৈ জিলা প্ৰশাসনত দপদপাই থকা বিষয়াগৰাকীক আজি এছআইটিয়ে গুৱাহাটীলৈ মাতি নি গ্ৰেপ্তাৰ কৰা বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে৷ উল্লেখ্য, এপিএছচি কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৩৭ জন বিষয়াক দোষী সাব্যস্ত কৰে৷ ইয়াৰে দুজনে যোৰহাটত কাৰ্যনিৰ্বাহ কৰি আছিল৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক [সুৰক্ষা] হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্বাহজাহান সৰকাৰক ২২ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰাৰ পাছত এছআইটিয়ে অতিৰিক্ত জিলা আয়ুক্ত আকাশী দুৱৰাকো গ্ৰেপ্তাৰ কৰিলে৷ অভিযোগ মতে, ৰাকেশ পালৰ কাৰ্যকালত আকাশী দুৱৰাই বক্ৰ পথেৰে চাকৰি লাভ কৰিছিল৷ তেওঁ পৰীক্ষাত ৪খন প্ৰশ্ন কাকতত মুঠ ৩৩১ নম্বৰ লাভ কৰিছিল যদিও টেবুলেশ্যনত ২২০ নম্বৰ বৃদ্ধি কৰি ৫৫১ নম্বৰ প্ৰদান কৰা হৈছিল