Logo
image

নামনি সোৱণশিৰি প্ৰকল্প ভাঙি পেলাব লাগে

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰঃ দুই কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্যক লৈ শিৱসাগৰত আজি সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ৷ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে হুংকাৰ দিয়ে বিধায়ক গগৈয়ে৷ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অহা মাৰ্চ মাহত ‘কা’ বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে আজি জনজাগৰণ যাত্ৰাত অংশ লৈ থকা বিধায়ক অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত দিচাং ধাই আলি গাঁও পঞ্চায়ত এলেকাত এখনি সংবাদ মেল সম্বোধন কৰে৷ উক্ত সংবাদ মেলৰ যোগেদি ‘কা’ বলৱৎ কৰিবলৈ বিচাৰিলে ৰাইজৰ দলে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতে পুনৰ আন্দোলনৰ পথ গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে৷ একেখন সংবাদ মেলতে অখিল গগৈ বৃহৎ নদীবান্ধৰ বিৰুদ্ধেও পুনৰ সৰৱ হয়৷ কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প অচিৰেই মুকলি কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি অসমৰ ৰাইজক ধৰ্মৰ কানি খুৱাই জলবিদু্যৎ প্ৰকল্প নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে৷ বিষয়টো সন্দৰ্ভত অখিল গগৈয়ে কয়– নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই প্ৰাচীন নদী সভ্যতা সোৱণশিৰিৰ পাৰত জীৱন নিৰ্বাহ কৰা, নদীকেন্দ্ৰিক জীৱিকাৰ সৈতে জড়িত লাখ লাখ মানুহৰ জীৱন-জীৱিকালৈ প্ৰত্যাহ৩ান আনিব৷ জীৱন আৰু জীৱিকা নিঃশেষ কৰা উক্ত বৃহৎ নদীবান্ধ প্ৰকল্প ভাঙি দিয়াৰো দাবী উত্থাপন কৰে অখিল গগৈয়ে৷