Logo
image

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; কেইবাজনৰো অৱস্থা সংকটজনক

ডিজিটেল ডেস্কঃ নগাঁৱৰ বেবেজীয়াৰ গণপতি হিৰ’ ডীলাৰৰ সমীপত ৩৭ন‌ং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। গুৱাহাটী দিশৰ পৰা নগাঁৱৰ দিশে তীব্ৰবেগত আহি থকা AS O4AC 9527 নম্বৰৰ ট্ৰেভেলাৰখনে নগাঁও দিশৰ পৰা ৰহা দিশে গৈ থকা AS 02AD 6773 নম্বৰৰ মটৰ চাইকেল আৰু AS 02C 9086 নম্বৰৰ এখন অটোক খুন্দা মৰাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাতটোত মটৰ চাইকেলেখনৰ চালকৰ লগতে টেম্প’খনত থকা কেইবাজনো যাত্ৰী আহত হয়। বৰ্তমানলৈকে ৮ জন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ আহতসকলক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আহতসকলৰ কেইবাজনৰো অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে।