Logo
image

অমিত শ্বাহৰ ‘কা’ হুংকাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ নৱেম্বৰঃ ২০১৯ চনত সংসদত গৃহীত হোৱা সংশোধিত নাগৰিকত্ব আইন অৰ্থাৎ ‘কা’ক সাৰথি কৰিয়েই পশ্চিম বংগত লোকসভা নিৰ্বাচনৰ অভিযান আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বস্ত সেনাপতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ বুধবাৰে কলকাতা মহানগৰীৰ কেন্দ্ৰস্থল ধৰ্মতলাত বিজেপি কৰ্মীৰ এটা বিশাল ৰেলীত অমিত শ্বাহে সেনাপতিৰ দৰেই হুংকাৰ দি জনালে– ‘‘কা’ হৈছে দেশৰ আইন৷ সমগ্ৰ দেশৰ লগতে পশ্চিম বংগতো ‘কা’ বলৱৎ হ’বই৷ ইয়াক কোনেও ৰখাব নোৱাৰে৷’ ঘাইকৈ অমিত শ্বাহে এই হুংকাৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক উদ্দেশ্য কৰিয়েই দিলে৷ কিয়নো, কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই আইন পশ্চিম বংগত কাৰ্যকৰী হ’বলৈ নিদিয়ে বুলি মমতা বেনাৰ্জীয়ে মোদী চৰকাৰক প্ৰত্যাহ্বান জনাই থৈছে৷ ধৰ্মতলাৰ সভাত মুঠেই ২৩ মিনিট বক্তৃতা দিছিল গৃহমন্ত্ৰী অমিত শ্বাহে৷ কিন্তু তেওঁৰ ভাষণৰ সিংহভাগ জুৰি আছিল ‘কা’৷ অমিত শ্বাহে ক’লে– ‘‘কা’ বলৱৎ হ’লে বাংলাদেশৰ পৰা ভাৰতলৈ অহা  কোনো হিন্দুৰ সমস্যা নহয়৷ এই মাটিত আপোনাৰ-মোৰ যিমান অধিকাৰ তেওঁলোকৰো সমানেই অধিকাৰ৷ বাংলাদেশৰ পৰা অহা হিন্দুক ‘কা’ৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব৷’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই হুংকাৰ যে সম্পূৰ্ণভাৱে লোকসভা নিৰ্বাচনকেন্দ্ৰিক, সেয়া বিস্তৃতভাৱে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলৱৎ কৰিব বুলি প্ৰতিশ্ৰুতি দি বিজেপিয়ে পশ্চিম বংগৰ ৪২খন আসনৰ ১৮খন লাভ কৰিছিল৷ সেয়া আছিল পশ্চিম বংগত বিজেপিৰ অভূতপূৰ্ব আৰু ঐতিহাসিক ৰাজনৈতিক সাফল্য৷ কেন্দ্ৰত পুনৰ ক্ষমতালৈ আহি ২০১৯ চনৰ ডিচেম্বৰত বিজেপিয়ে উভয় সদনত ‘কা’ গৃহীত কৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লৈ আইনখন সাজু কৰি ৰাখিলেও বিগত চাৰে চাৰি বছৰ ধৰি ‘ৰুল ফ্ৰেম’ বা বিধিনিয়ম জাৰি নকৰাৰ বাবে ‘কা’ দেশত বলৱৎ হোৱা নাই৷ সেই বলৱৎ নোহোৱা ‘কা’ক লৈয়েই ২০২১ চনত বিজেপিয়ে বিধানসভাৰ নিৰ্বাচনতো অভূতপূৰ্ব সাফল্য লাভ কৰি পূৰ্বৰ ৩খন আসনৰ পৰা ৭৭খন আসন লাভ কৰিলে৷ ঘাইকৈ ‘কা’ক অস্ত্ৰ হিচাপে লৈ সেইবাৰ বিজেপিয়ে অবিশ্বাস্য হাৰৰ প্ৰচাৰৰ জৰিয়তে পশ্চিম বংগত চৰকাৰ গঠন কৰিবই বুলি পৰিৱেশ সৃষ্টি কৰিছিল৷ পশ্চিম বংগত ‘কা’ বিজেপিৰ বাবে অব্যৰ্থ অস্ত্ৰ৷ কিয়নো ৰাজ্যখনত বাস কৰা বাংলাদেশী শৰণাৰ্থী মতুৱা সম্প্ৰদায়ে ১০ৰো অধিক লোকসভা সমষ্টি আৰু ৩০ৰো অধিক বিধানসভা সমষ্টিৰ ফলাফলত প্ৰভাৱ বিস্তাৰ কৰে৷ ভোটাধিকাৰ থাকিও শৰণাৰ্থীৰ উৱলি যোৱা প্ৰমাণ-পত্ৰ হাতত লৈ বছৰ বছৰ পশ্চিম বংগত বাস কৰা মতুৱা সম্প্ৰদায়ে বিজেপিৰ এই ‘ললিপপ’ বিগত দুটা নিৰ্বাচনত ভালদৰেই গিলি গেৰুৱা দলটোক নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত সহায় কৰিছে, পূৰ্ণ নাগৰিকৰ দৰে সকলো অধিকাৰ লাভৰ আশাত৷ এইবাৰ পুনৰ ২০২৪ৰ লোকসভা ভোটৰ বাবে পশ্চিম বংগৰ মতুৱা আৰু শৰণাৰ্থী হিচাপে বাস কৰি থকা বাংলাদেশৰ অন্যান্য হিন্দু বাংলাদেশীক একেটা ‘কা’ৰ টোপেই দিলে অমিত শ্বাহে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ বাংলাদেশ সীমান্ত উন্মুক্ত আৰু অসমৰ বাংলাদেশ সীমান্ত ‘ছীল্ড’ বা নিশ্চিদ্ৰ বুলিও দাবী কৰিলে৷ তেওঁ ক’লে– ‘পশ্চিম বংগলৈ বাংলাদেশৰ পৰা অবাধে অনুপ্ৰৱেশ ঘটিছে৷ অসমত বিজেপিৰ চৰকাৰ আছে৷ সেয়ে অসমত অনুপ্ৰৱেশ বন্ধ হৈ গৈছে৷ কিন্তু বাংলাত কি হৈছে? ইয়ালৈ অবাধে বাংলাদেশীৰ অনুপ্ৰৱেশ চলি আছে৷ ছ’চিয়েল মিডিয়াত পশ্চিম বংগৰ চৰকাৰী দলে বিজ্ঞাপন দি কৈ আছে, বাংলাদেশৰ পৰা যি আহিছে, তেওঁলোকক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড দিয়া হ’ব৷ সেই বিজ্ঞাপন দেখিও ৰাজ্য আৰক্ষী মুখ বন্ধ কৰি বহি আছে৷ অথচ বিজেপি চৰকাৰ থকা অসমত এজনো বাংলাদেশীয়ে প্ৰৱেশ কৰিব পৰা নাই৷’ উল্লেখ্য, দেশৰ সীমান্ত ৰক্ষাৰ দায়িত্বত যি থাকে, সেই বিএছএফ হৈছে অমিত শ্বাহৰ গৃহমন্ত্ৰণালয়ৰ অধীনত৷ বিএছএফে অসম আৰু পশ্চিম বংগৰ বাংলাদেশ সীমান্তত পহৰা দিলেও পশ্চিম বংগৰ সীমান্তৰে বাংলাদেশীৰ অনুপ্ৰৱেশৰ অৰ্থ যে স্বয়ং নিজৰ মন্ত্ৰণালয়ৰে দুৰ্বলতা আৰু সেই ব্যৰ্থতাৰ নৈতিক দায়িত্ব যে নিজৰ, সেয়া নিৰ্বাচনী ভাষণৰ মাজত পাহৰি পেলালে অমিত শ্বাহে৷ প্ৰসংগতঃ সম্প্ৰদায় উল্লেখ নকৰিলেও পশ্চিম বংগলৈ বাংলাদেশৰ পৰা মুছলিমৰ অনুপ্ৰৱেশ ঘটা বুলিয়েই বুজাইছে গৃহমন্ত্ৰীয়ে৷ কিয়নো ‘কা’ৰ জৰিয়তে মুছলিমক নাগৰিকত্ব প্ৰদান কৰা নহয়৷ সংশোধিত নাগৰিকত্ব আইন (কা) অনুসৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ধৰ্মীয় অত্যাচাৰত ভাৰতলৈ অহা মুছলিমক বাদ দি আন ৬টা ধৰ্মীয় সংখ্যালঘূকহে আশ্ৰয় দিয়া হ’ব৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’ বলৱৎ কৰিব বুলি কৈ পশ্চিম বংগত হুংকাৰ দিলেও সমান শক্তিত সেই হুংকাৰ অসমত নিদিয়ে৷ কিয়নো তেনে হুংকাৰৰ ফলত অসমত গেৰুৱা দলে খিলঞ্জীয়াৰ ভোট হেৰুওৱাৰ আশংকা থাকি যায়৷ পশ্চিম বংগত মমতা বেনাৰ্জীৰ তৃণমূলে সংখ্যালঘূ মুছলিমৰ সামগ্ৰিক ভোট লাভ কৰাৰ ফলত বিজেপিৰ সেই ৰাজ্যত ‘কা’ৰ নামত ভোটৰ মেৰুকৰণ কৰাৰ গত্যন্তৰ নাই৷ সেয়ে একেৰাহে তিনিটা নিৰ্বাচনত বিজেপিয়ে একে অস্ত্ৰকে শাণিত ৰূপত ব্যৱহাৰ কৰিছে৷ অসমৰ ‘কা’ আন্দোলন ব্যাপক হোৱাৰ ফলত দমন কৰাৰ বাবে ছেম ষ্টেফৰ্ড, দীপাঞ্জল নাথ, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বিজেন পাংগিঙকে ধৰি বিজেপি চৰকাৰে ৫জনক হত্যা কৰিলে৷ অসমৰ সীমাতে লাগি থকা পশ্চিম বংগৰ দৰে অসমত গৃহমন্ত্ৰী অমিত শ্বাহৰ একে হুংকাৰ দিয়া সাহস নাই খিলঞ্জীয়াৰ ভোট হেৰুওৱাৰ ভয়ত৷ সেয়ে অতি কৌশলেৰে অমিত শ্বাহে পশ্চিম বংগত ‘কা’ৰ তাচ খেলিছে আৰু অসমত ‘কা’ৰ ভাৰসাম্য ৰক্ষা কৰিয়েই চলিব৷ অৱশ্যেই দেশৰ সৈতে একে সময়তে অসমতো বলবৎ হ’ব বিতৰ্কিত আইন ‘কা’৷