Logo
image

যি আহে যি যায়... মুখ্যমন্ত্ৰীক লাগে মাথোঁ পৰেশ বৰুৱাক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ নৱেম্বৰঃ আলফা-চৰকাৰৰ ৰাজনৈতিক সংঘাত সমাধানৰ বাবে এতিয়া যেন পৰেশ বৰুৱাই সঁহাৰি জনোৱাৰ বাহিৰে অন্য বিকল্প নাই৷ বিদ্ৰোহী সংগঠনটোৰ আন দুৰ্ধৰ্ষ কেডাৰ বা জ্যেষ্ঠ নেতাই আত্মসমৰ্পণ কৰিলেও মুখ্যমন্ত্ৰীৰ বাবে ই কোনো গুৰুত্বহীন নহয়৷ শান্তি আলোচনা চূড়ান্ত হ’বলৈ হ’লে পৰেশ বৰুৱাই অসমলৈ ঘূৰি আহিবই লাগিব৷ যাৰ বাবে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক পুনৰ অসমলৈ ঘূৰি অহাৰ বাবে মুকলি আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতেই পৰেশ বৰুৱাৰ সৈতে আলফাৰ প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিছিল৷ এই লৈ দুয়োজনে আনুষ্ঠানিক-অনানুষ্ঠানিক টেলিফোনিক বাৰ্তালাপতো মিলিত হৈছিল৷ কিন্তু সেই শান্তি আলোচনা প্ৰক্ৰিয়া স্থায়ী নহ’ল৷ যাৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক পুনৰ মুকলিকৈ অসমলৈ ঘূৰি আহিবলৈ আহ্বান জনাবলগীয়া হ’ল৷ বুধবাৰে আৰক্ষী সঞ্চালকপ্ৰধানৰ ওচৰত ৪জন আলফা কেডাৰে আত্মসমৰ্পণ কৰাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–‘বিগত কেইটামান দিনত আলফাৰ পৰা বহুত লোক ঘূৰি আহিছে৷ যিসকল ঘূৰি আহিছে, আহিছে৷ তাক লৈ মই বৰ আগ্ৰহী নহয়৷ মই বিচাৰোঁ পৰেশ বৰুৱা ডাঙৰীয়া আমাৰ মাজলৈ আহক৷ বাকী এইবোৰ চলি থাকিব৷ কেতিয়াবা দুজন আলফালৈ গৈছে আৰু কেতিয়াবা দুজন আহিছে৷ এইবোৰ বিগত ২০ বছৰে আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে৷ এইবিলাক গতানুগতিক চলি থাকিব৷ পৰেশ বৰুৱাৰ বয়স এতিয়া কিমান হ’ব মই নাজানো৷ সম্ভৱতঃ ৬৫ বছৰৰ ওচৰা-ওচৰি হ’ব৷ প্ৰফুল্ল মহন্তৰ সমবয়সীয়া হ’ব পাৰে৷ সেই কাৰণে আমাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব– পৰেশ বৰুৱাই আমাৰ মাজলৈ আহক৷ অসমলৈ আহি অহা ২০-৩০ বছৰ তেওঁ অসমৰ বিকাশৰ লগত নিজক নিয়োজিত কৰক৷’ অৱশ্যে মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাৰ বয়স হোৱাৰ ইংগিত দি অসমলৈ ঘূৰি আহিবলৈ আহ্বান জনাই জীৱনৰ বাকী সময়ছোৱা অসমৰ উন্নয়নৰ বাবে কাম কৰিবলৈ ক’লেও পৰেশ বৰুৱাই মুখ্যমন্ত্ৰীৰ এই আহ্বানক কেনেদৰে সঁহাৰিৰ জনাব সেয়া হ’ব লক্ষণীয়৷ কিয়নো উত্তৰ-পূবৰ অন্যতম প্ৰভাৱশালী বিদ্ৰোহী সংগঠনৰ নেতা হৈছে আলফা স্বাধীনৰ  মুৰব্বী পৰেশ বৰুৱা৷ পৰেশ বৰুৱাই চীন আৰু ম্যানমাৰৰ সীমান্তত আশ্ৰয় লোৱা বুলি চোৰাংচোৱা সংস্থাসমূহে দাবী কৰি আহিলেও আলফাৰ সকলো কেডাৰৰে মূল আশ্ৰয়স্থল হৈছে ম্যানমাৰ৷ সেই ম্যানমাৰতে এতিয়া সামৰিক প্ৰশাসক জুণ্টা সেনাৰ শাসন চলি আছে৷ শেহতীয়াকৈ জুণ্টা সেনাই ম্যানমাৰৰ স্বাধীনতাকামী বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ ম্যানমাৰৰ জুণ্টা সেনা আৰু স্থানীয় বিদ্ৰোহীৰ সৈতে হোৱা সংঘৰ্ষৰ আঁৰত পৰেশ বৰুৱাৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা বুলি চৰ্চিত হৈছে৷ বিদ্ৰোহী সংগঠনসমূহৰ নিয়ন্ত্ৰণত ম্যানমাৰৰ উত্তৰ-পশ্চিম অঞ্চলসমূহ আছে যদিও বিদ্ৰোহী ৰাষ্ট্ৰখনৰ স্থানীয় বিদ্ৰোহী সংগঠনসমূহক সংঘবদ্ধ কৰাত পৰেশ বৰুৱা মূল ব্যক্তি বুলিও অভিহিত কৰা হৈছে৷ বিদ্ৰোহী সংগঠনসমূহক বিদেশী ৰাষ্ট˜ৰ সহায়ৰ ক্ষেত্ৰত পৰেশ বৰুৱাই মধ্যস্থতা কৰে বুলিও চৰ্চা চলিছে৷ যদি এয়া সত্য হয়, তেনেহ’লে পৰেশ বৰুৱাই ভাৰত চৰকাৰৰ শান্তি প্ৰক্ৰিয়া চূড়ান্ত নোহোৱা পৰ্যন্ত ৰাজনৈতিক নেতাৰ মুখৰ কথাত  যে অসমলৈ ঘূৰি আহিব সেয়া সন্দেহজনক বুলিও বৰ্ষীয়ান বিদ্ৰোহী নেতাজনৰ ঘনিষ্ঠ মহলে দাবী কৰে৷