Logo
image

গুৱাহাটীত কুইনৰ প্ৰতিদ্বন্দ্বী সেনা বিষয়া

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰঃ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ বাবে প্ৰত্যাহ্বান হ’ব পাৰে এজন সেনা বিষয়া৷ দক্ষ বিষয়াৰূপে পৰিচিত উচ্চপদস্থ সেনা বিষয়াজন কুইন ওজাৰ প্ৰতিদ্বন্দ্বী হ’ব পাৰে৷ সেনা বিষয়াজন সামাজিকভাৱেও সক্ৰিয়৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ সক্ৰিয়তাৰ পৰিচয় দিছে৷ গুৱাহাটী লোকসভা সমষ্টিটো নিজৰ হাতত ৰখাৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত এই সেনা বিষয়াজনক গুৱাহাটী সমষ্টিত দলীয় প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছে বিজেপিৰ এটা বিশেষ শিবিৰে৷ উল্লেখ্য, বিজেপিৰ বিৰুদ্ধে গুৱাহাটী লোকসভা সমষ্টিত কম-বেছি পৰিমাণে প্ৰতিষ্ঠানবিৰোধী ঢৌ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত নিকা ভাবমূৰ্তিৰ নতুন মুখৰ সন্ধান কৰি আছে বিজেপি নেতৃত্বই৷ দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ শক্তিশালী অংশ কুইন ওজাক লৈ কাৰ্যতঃ সন্তুষ্ট নহয়৷ সেইবাবেই কুইন ওজাৰ পৰিৱৰ্তে সেনা বিষয়াজন বিজেপিৰ প্ৰাৰ্থী হোৱাটো বিচাৰিছে বিজেপিৰ এটা মহলে৷ বিজেপি সাংসদ কুইন ওজাৰ বিৰুদ্ধে আছে ব্যৰ্থতাৰো অভিযোগ৷ বিগত কাৰ্যকালত লোকসভাত কুইন ওজাৰ উপস্থিতি ৭৩ শতাংশ৷ প্ৰায় পাঁচটা বছৰত তেওঁ বিভিন্ন বিভাগৰ বাবে মাত্ৰ ১৪০টা প্ৰশ্ন কৰিছে, ২৪টা বিতৰ্কত ভাগ লৈছে৷ তেওঁ গুৱাহাটী লোকসভাক প্ৰতিনিধিত্ব কৰি সংসদলৈ নিৰ্বাচিত হৈছে যদিও গুৱাহাটীৰ সমস্যাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ এসময়ত  গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ পদত অধিষ্ঠিত সাংসদ কুইন ওজাৰ কাম-কাজক লৈ বিজেপিৰো বহু নেতা-কৰ্মী সন্তুষ্ট নহয়৷ সেই আপাহতে বিজেপিৰ এটা বিশেষ মহলে কুইন ওজাৰ বিকল্পৰ সন্ধান কৰাৰ উপৰি সামাজিকভাৱেও সক্ৰিয় উচ্চপদস্থ সেনা বিষয়াজনক গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থীৰূপে থিয় কৰোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ ইফালে, বিজেপিৰ উচ্ছস্তৰীয় সূত্ৰটোৱে স্পষ্ট কৰি দিছে যে উচ্চপদস্থ সেনা বিষয়াজনক যদি কিবা কাৰণত দলৰ প্ৰাৰ্থিত্ব দিব পৰা নাযায়, তেন্তে গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰূপে দলটোৱে প্ৰক্ষেপ কৰিব পাৰে প্ৰদেশ মহিলা বিজেপিৰ সভানেত্ৰী আঙুৰলতা ডেকাক৷ দলৰ একাংশই এই বিষয়ে ইতিমধ্যে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকাগৰাকীক ইংগিত দিয়াৰ সূত্ৰেই গুৱাহাটী লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত বিগত এটা বছৰে বিশেষভাৱে জনসম্পৰ্ক ৰক্ষাৰ চেষ্টা চলাইছে আঙুৰলতা ডেকাই৷ অৱশ্যে দলৰ বৰ্তমানৰ সাংসদ হোৱাৰ সূত্ৰে কুইন ওজাই যে শেষ মুহূৰ্তলৈকে গুৱাহাটী সমষ্টি নিজৰ হাতত ৰাখিবৰ বাবে চেষ্টা চলাব সেয়া নিশ্চিত৷ ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এগৰাকী বা দুগৰাকী মহিলাক দলে প্ৰাৰ্থিত্ব দিব লাগিব৷ সেই অংকৰ জৰিয়তেও শেষ মুহূৰ্তত গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত কুইন ওজাই শেষ হাঁহি মৰাৰ সম্ভাৱনাও নুই কৰা নাই সূত্ৰটোৱে৷