Logo
image

ডিজিপিয়ে ১০% ভ্ৰষ্ট আৰক্ষীৰ কথা কৈ থাকোঁতেই গ্ৰেপ্তাৰ অ’চি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ নৱেম্বৰঃ অসম আৰক্ষীতো বেয়া মানুহ আছে– সেই কথা মানি লৈছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ আৰক্ষীত ৫ শতাংশ বা ১০ শতাংশ বেয়া বিষয়া-জোৱান থাকিলেও সমগ্ৰ আৰক্ষী বাহিনীটোক বেয়া বুলি সাঙুৰি লোৱাটো যুক্তিসংগত নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানে৷ এনে বেয়া আৰক্ষীৰ বিৰুদ্ধে অভিযোগ পালে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা বুলি দাবী কৰি ডিজিপি জি পি সিঙে আৰক্ষীৰ জোৱান আৰু নিম্ন পৰ্যায়ৰ কৰ্মচাৰীকো মানৱীয় দৃষ্টিৰে চাবলৈ আহ্বান জনাইছে৷ লক্ষণীয়ভাৱে আৰক্ষী সঞ্চালকপ্ৰধানে ৫-১০ শতাংশ ভ্ৰষ্ট আৰক্ষীৰ কথা কোৱাৰ সময়তে পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন অ’চি৷ উৎকোচ লোৱা সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়াজন হৈছে মঙলদৈৰ ধূলা থানাৰ অ’চি অজয় কুমাৰ সন্দিকৈ৷ অ’চি সন্দিকৈৰ হৈ উৎকোচ লোৱা মুক্তাৰ হুছেইন নামৰ এটা দালালকো গ্ৰেপ্তাৰ কৰে ভিজিলেন্সে৷ তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পূৰ্বেও ধূলা থানাৰ তদানীন্তন অ’চি উৎপল বৰা গ্ৰেপ্তাৰ হৈছিল৷ এগৰাকী বনকৰা কিশোৰীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰক ধনৰ বিনিময়ত গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগত ধূলা থানাৰ তদানীন্তন অ’চিজনৰ লগতে দৰঙৰ এছপি ৰাজা মোহন ৰয় আৰু এএছপি ৰূপম ফুকন চিআইডিৰ হাতত গ্ৰেপ্তাৰ হৈছিল৷ লক্ষণীয়ভাৱে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বুধবাৰে এখন সংবাদমেলত বেয়া আৰক্ষীক ৰেহাই নিদিও বুলি হুংকাৰ দিয়াৰ পিছমুহূৰ্ততে অতি কাকতালীয়ভাৱে ধূলা থানাৰ অ’চি অজয় সন্দিকৈ উৎকোচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হয়৷ বুধবাৰে সংবাদমেলত ডিজিপি জি পি সিঙে বেয়া আৰক্ষী সন্দৰ্ভত এইদৰে কয়– ‘পুলিচৰ মানুহক সদায় মানুহৰ দৰেই গণ্য কৰিব লাগে৷ আৰক্ষীৰ যাৰ ভুল নাথাকে, তেওঁক টাৰ্গেট নকৰিব৷ হয়, ৪ শতাংশ বা ৫ শতাংশ বা সেয়া যিমানেই নহওক আৰক্ষীতো বেয়া মানুহ আছে৷ কিন্তু সকলো আৰক্ষীয়েই বেয়া নহয়৷ সেয়েহে সমগ্ৰ পুলিচ বাহিনীটোকে বেয়া বুলি টাৰ্গেট কৰা অনুচিত৷ আৰক্ষীয়ে দুই-এটা ভুল কৰিছে, তাৰ লগে লগে আমি ব্যৱস্থা লৈছোঁ৷ কোনো এটা কেচতে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই বুলি ক’ব নোৱাৰে৷ কাৰোবাৰ ভুল দেখিলে আমাক ক’ব৷ আমি তাৰ ব্যৱস্থা কৰিম৷ শীৰ্ষ পৰ্যায়ত গৃহ জিলাত আৰক্ষীয়ে কৰ্মৰত হৈ থাকিব নোৱাৰে আৰু কনিষ্ঠ পৰ্যায়ত কোনো এখন থানাত আৰক্ষীয়ে ৩ বছৰতকৈ অধিক থাকিব নোৱাৰে৷ কনিষ্টবল পৰ্যায়ত যিসকল নিযুক্তি হয়, তেওঁলোকক গৃহ জিলাৰ পৰা আন জিলালৈ পঠোৱাটো উচিত নহয়৷ এতিয়া কনিষ্টবল কেন্দ্ৰীয়ভাৱে নিযুক্তি হয় যদিও দৰমহা গাঁথনিৰ পৰা বেলেগ জিলাত নিযুক্তি দিলে আৰ্থিকভাৱে তেওঁলোকৰ সমস্যা হয়৷ গ্ৰেড-৩ আৰু গ্ৰেড-৪ কৰ্মচাৰীসকলক আমি গৃহ জিলাত নিযুক্তি দিয়াৰ চেষ্টা চলাই আহিছো৷

পাঁচ হাজাৰ টকা উৎকোচ লৈ জালত পৰিল সন্দিকৈ

‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদকঃ দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পদবীটোত যেন কালিকা লাগিছে৷ এইখন থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াজনক আজি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষীয়ে উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে৷ অ’ চিক বহু টকাৰ প্ৰয়োজন, সেয়েহে দৰমহাকেইটাৰ উপৰিও বক্ৰ পথেৰে ধন ঘটাৰ বাবে জাল পেলাই অৱশেষত নিজেই জালত পৰিল বপুৰা৷ ধূলা থানাত প্ৰায় ছমাহ পূৰ্বে ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰি সংখ্যালঘু অধ্যুষিত অঞ্চলটোৰ বিভিন্ন গোচৰ, মোকৰ্দমাৰ বিষয়ে অধ্যয়ন কৰি লাহে লাহে ধন সংগ্ৰহৰ অভিযানত নামি পৰে পৰিদৰ্শক অজয় কুমাৰ সন্দিকৈ নামৰ আৰক্ষী বিষয়াজন৷ জানিব পৰা মতে, এটা গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত অ’ চি সন্দিকৈয়ে এটা পক্ষৰ পৰা দাবী কৰিছিল এক লাখ টকাৰ উৎকোচ৷ বিচৰা ধনৰ আগধন হিচাপে আজি উক্ত পক্ষটোৱে  অ’চিক আগবঢ়াইছিল পাঁচ হাজাৰ টকা৷ কিন্তু ধনৰাশি দিয়াৰ পূৰ্বে তেওঁলোকে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক বিষয়টো অৱগত কৰে আৰু পৰিকল্পিতভাৱে পাঁচ হাজাৰ টকা আৰক্ষী বিষয়া অজয় কুমাৰ সন্দিকৈক দিয়াৰ লগে লগে হাতে-লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ এই বাতৰি লিখা পৰলৈ আৰক্ষী বিষয়াজনৰ চৰকাৰী বাসগৃহত তালাচি চলাই থকা হৈছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে এইখন থানাৰ দুজনকৈ অ’চি নিলম্বন হ’বলগীয়াত পৰিছিল৷ তাৰে এজন হৈছে ৰঞ্জিৎ হাজৰিকা আৰু আনজন উৎপল বড়া৷ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাৰ অপৰাধত ৰঞ্জিৎ হাজৰিকা নামৰ আৰক্ষী বিষয়াজন নিলম্বন হোৱাৰ বিপৰীতে আদিবাসী জনগোষ্ঠীৰ এগৰাকী বনকৰা কিশোৰীক এজন লোকে বলাৎকাৰ কৰি হত্যা কৰাৰ গোচৰ গাপ দিয়াৰ অপৰাধত নিলম্বন হ’বলগা হৈছিল অ’চি উৎপল বড়া নামৰ পৰিদৰ্শকজন৷