Logo
image

হাৱালাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আৰক্ষী-সাংবাদিক

ডিজিটেল ডেস্কঃ হাৱালাৰ ধন আত্মসাৎ কৰি গুৱাহাটীত গ্ৰেপ্তাৰ আৰক্ষী-সাংবাদিক৷ বৃহস্পতিবাৰে ভৰলু থানাৰ উপ পৰিদৰ্শক  মোবাৰক আলী , তফিকউদ্দিন নামৰ এজন সাংবাদিক আৰু এজন আৰক্ষীৰ ইনফৰ্মাৰ খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে ভৰলু আৰক্ষীয়ে।  নৱেম্বৰ মাহত আৰক্ষীয়ে অভিযান চলাইছিল হাৱালাৰ বিৰুদ্ধে। ইতিমধ্যে তিনিওৰে পৰা  ২৮ লাখ ৭০ হাজাৰ টকা জব্দ কৰিছে আৰক্ষীয়ে। উপ পৰিদৰ্শক  মোবাৰক আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১৭ লাখ ৫০ হাজাৰ টকা।সাংবাদিক তফিকৰ ঘৰৰ পৰা উদ্ধাৰ ৪ লাখ টকা।আৰক্ষীৰ ইনফৰ্মাৰ খাইৰুলৰ ঘৰৰ পৰা জব্দ  কৰা হৈছে ৭ লাখ ২০ হাজাৰ টকা।

আনহাতে ১ কোটি ৬৯ লাখ ৭০ হাজাৰ জব্দ কৰিছিল হাৱালা চক্ৰটোৰ পৰা।  ৰাজস্থানৰ দুজন লোকৰ পৰা জব্দ হৈছিল ধনখিনি। দুয়োজন আছিল হাৱালা চক্রৰ সদস্য। আঠগাঁৱৰ ভাৰাঘৰৰ পৰা জব্দ হৈছিল নগদ কোটি টকা। অভিযানকালতে আৰক্ষী আৰু সাংবাদিকে মিলি আত্মসাৎ কৰিছিল বৃহৎ ধন।