Logo
image

পুনৰ গুৱাহাটী মহানগৰীৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ। হাতীগাঁৱৰ কাচা লিমিটেড এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে মেঘালয়ৰ যুৱতীৰ মৃতদেহ।  যুৱতীগৰাকীৰ নাম ঋতিকা সোণাৰ বুলি জানিব পৰা গৈছে।এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত উদ্ধাৰ ঋতিকা সোণাৰৰ মৃতদেহ। ৰূপেশ ৰয় নামৰ পশ্চিম বংগৰ এজন যুৱকৰ সৈতে লিভ ইনত আছিল ঋতিকা। যুৱতীগৰাকীৰ মৃতদেহ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে। যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।