Logo
image

গুৱাহাটীত 'গোল্ড ষ্টেণ্ডাৰ্ড কাৰ্বন প্ৰজেক্ট’ সন্দৰ্ভত বিশেষ আলোচনা সভা

ডিজিটেল সংবাদ, গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান(IRRI)ৰ সহযোগত এফ চি এফ ইণ্ডিয়াই বৃহস্পতিবাৰে গুৱাহাটীত এক বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে। 

Micro-scale Programme of Activities (mPoA) হিচাপে ডিজাইন কৰা প্ৰকল্পৰ অংশ হিচাপে 'GHG reductions with better irrigation practices in rice cultivation' শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰস্তাৱিত প্ৰকল্পটোৰ সবিশেষ আলোচনা কৰা হয়।

সভাত অংশগ্ৰহণ কৰি অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ (ASOCA)ৰ সঞ্চালক শ্ৰী মৌচম হাজৰিকাই জল ব্যৱস্থাপনা প্ৰকল্প আৰু বিশেষকৈ ধান খেতিৰ পৰা সেউজ গৃহ গেছৰ নিৰ্গমন(GHG) হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰকল্পই কৃষকসকলক পৰিৱেশতন্ত্ৰৰ উত্তৰণ ঘটোৱাত সহায় কৰিব বুলি ব্যক্ত কৰে।

উক্ত অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক শ্ৰী মৌচম হাজৰিকা, তেজপুৰৰ উত্তৰ-পূব আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক ড° প্ৰদীপ কুমাৰ বৰা, খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ড° আৰ কে ঠাকুৰিয়া আৰু এফ চি এফ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জছমীত সিঙৰ লগতে বিভিন্ন কৃষক উৎপাদক কোম্পানীসমূহৰ সদস্যসকল উপস্থিত থাকে।