Logo
image

কাজিৰঙাত দুষ্কৃতিকাৰীৰ আক্ৰমণত গঁড়ৰ মৃত্যু

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে এটা মৃত গঁড় উদ্ধাৰ হৈছে। দুষ্কৃতিকাৰীৰ আক্ৰমণত গঁড়ৰ মৃত্যু হৈছে বুলি বন বিষয়াই সন্দেহ কৰিছে। জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত অৰণ্যৰ মাজত প্ৰাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহটো উদ্ধাৰ কৰে বনকৰ্মীয়ে। উল্লেখ্য, ২৪ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা গঁড়জনীক তেতেলিগুৰি বন শিবিৰ এলেকাৰ লাউডুবিত পথাৰৰ মাজত নিশা প্ৰায় দহ বজাত লুখুৰাখনীয়া বেজগাঁৱৰ নিবাসী নৰেণ শইকীয়া নামৰ লোকজনে উদ্দেশ্য প্ৰণোদিতভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। দুষ্কৃতিকাৰী নৰেণ শইকীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল গঁড়জনী। ইফালে বিগত পাঁচ দিন ধৰি বন বিভাগৰ লোকে বিভাগীয় পোহনীয়া হাতী আৰু ড্ৰ'নৰ দ্বাৰা আঘাতপ্ৰাপ্ত গঁড়জনীক বিচাৰি অৰণ্য চলাথ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল৷ অৱশেষত বৃহস্পতিবাৰে মৃত অৱস্থাত বনকৰ্মীয়ে গঁড়জনী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত উদ্ধাৰ কৰে ।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিগনেশে জানিবলৈ দিয়া মতে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা ওলাই অহা গঁড়জনীক নৰেণ শইকীয়াই মাছ মৰা এডাল শেলেৰে আক্ৰমণ কৰিছিল। আঘাতপ্ৰাপ্ত গঁড়জনী ঘটনাস্থলীৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰৈত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এক ডাঠ ইকৰাণিৰ মাজত মৃত অৱস্থাত উদ্ধাৰ কৰে বনকৰ্মীয়ে। গঁড়জনীক আক্ৰমণ কৰাৰ পিছৰ পৰা দুষ্কৃতিকাৰী নৰেণ শইকীয়া পলাতক হৈ আছিল যদিও ২৭ নৱেম্বৰত বন বিভাগৰ লোকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। উল্লেখ যে কিছুদিনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, ম'হ আদি বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া খেতিপথাৰত চৰণীয়া পথাৰলৈ পৰিণত কৰিছে। স্থানীয় ৰাইজে বন্যপ্ৰাণীক খেদি অতিষ্ঠ হৈ পৰিছে । অন্যহাতে গঁড়, হাতী, ম'হ আদি বন্যপ্ৰাণী খেদিবলৈ যাওঁতে স্থানীয় কৃষক বন্যপ্ৰাণীৰ আক্ৰমণৰ মুখামুখি হোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজৰ লগতে খেতিপথাৰ ৰক্ষা কৰাত বনবিভাগৰ লোকক সহযোগ আগবঢ়াবলৈ আহ্বান জনাই থকাৰ পিছতো বন বিভাগৰ তৰফৰ পৰা কোনো সহযোগিতা নোপোৱাৰ অভিযোগ উঠিছে ।