Logo
image

কাইলৈ তিনিচুকীয়াত কেবিনেট বৈঠকঃ আপ্যায়নৰ বাবে টোপোলা ভাত, বইল মুৰ্গীৰ মাংস, মাটি-দাইলসহ থলুৱা ব্যঞ্জনৰ ম্যেনু সাজু

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়াৰ বাইপাছস্থিত কনভেনচন চেণ্টাৰত ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ উল্লেখ্য যে ইতিপূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত বিগত মে’ মাহত ৰাজ্যৰ আয়ুক্তসকলৰ সন্মিলন আৰু ছেপ্টেম্বৰত বিজেপি মিত্ৰজোঁটৰ বৈঠক সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত ১ ডিচেম্বৰৰ কেবিনেট বৈঠক ক্ৰুটিহীনভাৱে আয়োজন কৰাৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে আহিবলগীয়া মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াবৰ্গ তথা বিভাগীয় উচ্চপদস্থ বিষয়াসকলৰ বাবে তিনিচুকীয়াৰ কেইবাখনো বিলাসী হোটেলত কোঠা সংৰক্ষণ কৰা হৈছে ৷ কেবিনেট বৈঠক বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে ৷ জানিব পৰা মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত অংশগ্ৰহণৰ পাছত সন্ধিয়া ৬ বজাত ইয়াৰ কচুজান খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ১৯ বছৰৰ অনুৰ্দ্ধ 'মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা ২০২২-২৩'ত উপস্থিত থাকিব ৷ আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ২ ডিচেম্বৰৰ পুৱা মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’ব ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী অসম দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে টিংখং ৰাওনা হ’ব ৷ ইফালে কেবিনেট বৈঠকত অতিথিবৃন্দক আপ্যায়নৰ বাবে বিশেষ থলুৱা ব্যঞ্জনৰ ব্যৱস্থা কৰা হৈছে ৷ সেই অনুসৰি টোপোলা ভাত, বইল মুৰ্গী মাংস, ঔটেঙা আৰু মাটি-দাইল, বুটৰ সৈতে ঢেঁকীয়া ভজাকে ধৰি একাধিক প্ৰকাৰৰ থলুৱা ব্যঞ্জনৰ ম্যেনু সাজু কৰি তোলা হৈছে কেবিনেট বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি ৷