Logo
image

টিংখাঙত কৃষকৰ সৈতে ৰবাব টেঙাৰ জুতি ল'লে মন্ত্ৰী-বিধায়কে

ডিজিটেল সংবাদ, টিংখাঙৰ প্ৰতিবেদকঃ টিংখাঙৰ অত্যন্ত ভিতৰুৱা গ্ৰামাঞ্চল দিহিং পাৰৰ কৃষি ভূমি পৰিদৰ্শন কৰিলে মন্ত্ৰীদ্বয় অশোক সিংঘাল আৰু বিমল বৰাই। তেওঁলোকক সংগ দিয়ে তিনি বিধায়ক ক্ৰমে তৰংগ গগৈ, তেৰচ গোৱালা আৰু চক্ৰ গগৈয়ে। প্ৰথমে খোৱাং অঞ্চলৰ বুঢ়ীদিহিং নদীৰ বোৱতী জলসিঞ্চন প্ৰকল্প আৰু টিংখাঙৰ কলৌলোৱা অঞ্চলৰ বুঢ়ীদিহিং নদীৰ বোৱতী জলসিঞ্চন প্ৰকল্প পৰিদৰ্শনৰ পাছতেই টিংখাং সমষ্টিৰ 'দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড'ৰ উদ্যোগত কলৌলোৱা সোণোৱাল গাঁৱৰ কৃষকসকলৰ কৃষি ভূমি পৰিদৰ্শন কৰি কৃষক ৰাইজৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ  মন্ত্ৰী অশোক সিংঘালে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সুবিধা হোৱাকৈ পানী যোগান ধৰা হ'ব বুলি কোৱাৰ লগতে কৃষকসকলেও এই ক্ষেত্ৰত আগ্ৰহী হ'ব লাগিব বুলি কৈ বৰ্তমান পূৰ্বতকৈ কৃষকসকল আগ্ৰহী হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। মন্ত্ৰী সিংঘালে কৃষি কাৰ্যৰ স্থলীতে ৰাইজৰ সৈতে ৰৰাব টেঙাৰ জুতি লোৱা দেখা গ’ল ৷

উল্লেখ্য যে টিংখাং সমষ্টিৰ কেইবাটাও স্থানত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ উদ্যোগত পৰীক্ষামূলকভাৱে বহু পৰিমাণে আলু খেতি কৰা হৈছে। উৎপাদিত আলু  Pepsico Holdings Pvt. Ldt. নামৰ কোম্পানীলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব। এই আলুৰ পৰা চিপছ নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দি এই কাৰ্য সফল হ'লে পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হ'ব বুলিও কয় মন্ত্ৰী বৰাই৷