Logo
image

ডিজিটেল বিড়ম্বনা

কিছুদিন পূৰ্বে ডুবাইত ধাৰাসাৰ বৰষুণ হৈছিল আৰু চহৰখনত কৃত্ৰিম বান পৰিস্থিতিয়ে দেখা দিছিল৷ দুই-তিনিদিনৰ ভিতৰতে এটা ভিডিঅ’ সামাজিক মাধ্যমযোগে ভাইৰেল হৈ পৰিছিল, য’ত ডুবাই চহৰখনকে ধৰি ইউনাইটেড আৰৱ এমিৰেট্‌ছৰ বিভিন্ন ঠাই, মৰুভূমিৰ উট আদি পানীয়ে উটুৱাই নিয়া, বৃহৎ অট্টালিকাৰ দুৱাৰ-খিৰিকী ভাঙি পানী ভিতৰলৈ সোমাই অহা দেখুওৱা হৈছিল৷ আনকি ৰাষ্ট্ৰীয় স্তৰৰ দুই-এটা নিউজ চেনেলেও এই ভিডিঅ’টো দেখুৱাই বাতৰি পৰিৱেশন কৰিছিল৷ পাছত জনা গৈছিল যে উক্ত ভিডিঅ’টো মিথ্যাচাৰযুক্ত আছিল৷ বৰষুণ হৈছিল, বানো হৈছিল, কিন্তু ভিডিঅ’টোত দেখুওৱা প্ৰলয় হোৱা নাছিল৷ ডুবাই বা ডুবাইৰ বতৰৰ ভাল-বেয়াৰ সৈতে দূৰ-দূৰলৈকে সম্পৰ্ক নথকাসকলেও এই ভিডিঅ’ শ্বেয়াৰ কৰিছিল আৰু ‘ফেক্‌ নিউজ’ক আগ-পিছ নুগুণি প্ৰসাৰ কৰি নিজৰ অজ্ঞাতেই মিথ্যাচাৰীসকলক সমৰ্থন জনাইছিল৷ ৱ’ল্ডৰ্ কাপ ফাইনেলৰ ফলাফল ওলোৱাৰ পাছতো নানা বিসংগতিপূৰ্ণ ফটো সংযোজিত কৰি কুৰুচিপূৰ্ণ ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰিলে৷ কাম-বন নোহোৱা মানুহে সেইবোৰকে উৰাই-ঘূৰাই প্ৰসাৰ কৰি বিকৃত তৃপ্তি আহৰণ কৰিলে৷ এয়া মাথোন দুটা উদাহৰণহে৷ কেনেধৰণৰ ৰুচিহীন মানসিকতা প্ৰদৰ্শনকাৰী অগণন ফটো, ভিডিঅ’ আদিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি মানুহে নিজৰ স্খলিত চৰিত্ৰৰ স্বৰূপ প্ৰকাশ কৰিবলৈ ধৰিছে, তাক ভাবিলে শংকিত হ’বলগীয়া হয়৷ অলপতে জনৈক সচেতন ব্যক্তিয়ে এটা নিৰ্দিষ্ট ‘এপ’ৰ ব্যৱহাৰৰ সম্ভাব্য ভয়াৱহ পৰিণতি সম্পৰ্কে সাৱধান কৰি দিছে৷ এই ‘এপ’ ব্যৱহাৰ কৰি নিজৰ ফটোত নিজৰ সৌন্দৰ্য বঢ়াই সামাজিক মাধ্যমত আপলোড কৰাসকল কেনেধৰণৰ বিপদৰ সন্মুখীন হ’বলগীয়াত পৰিব পাৰে, সেই বিষয়েও সতৰ্ক কৰি দিয়া হৈছিল৷ পিছে, ব্যৱহাৰ কৰোঁতাসকলৰ চকুত এই সতৰ্কবাণী পৰিল নে নাই, সেয়াহে জনা নাযায়৷ এইসকলৰ ক্ষেত্ৰত ‘অল্পবিদ্যা’ যে ভয়ংকৰ, সেই কথাষাৰ সুন্দৰকৈ খাপ খায়৷ ‘ডিজিটেল সাক্ষৰতা’ আপাতদৃষ্টিত বৰ উজু কাম যেন লাগিলেও প্ৰকৃততে ইয়াক ভালদৰে আয়ত্ত কৰাটো কিছু কষ্টসাধ্য কাম৷ আঙুলিৰ স্পৰ্শত যিখিনি আমি কৰিব পাৰিছোঁ, সেইখিনি প্ৰাথমিক খোজ এটাহে৷ আচলতে, ব্যৱহাৰ কৰোঁতাসকলে ভবাৰ দৰে সমস্ত ডিজিটেলৰ কাৰবাৰটোৱেই এক ধেমালি বা বিনোদনৰ বাবেহে মাথোন সৃষ্ট উপায় নহয়৷ ইয়াৰ যি গভীৰ শিক্ষামূলক উদ্দেশ্য আছে, তাৰ প্ৰতি ব্যৱহাৰ কৰোঁতাসকলৰ বৃহৎসংখ্যকেই উদাসীন৷ তেওঁলোকে ম’বাইল ফোনটো অথবা ডিজিটেল মাধ্যমটোকেই ‘সময় পাৰ’ কৰাৰ এক উপায় বুলি বিশ্বাস কৰে৷ বহুতৰ বাবে আকৌ ই একপ্ৰকাৰ নিচাসদৃশ হৈ পৰিছে৷ এইধৰণৰ উন্মাসিকতাৰ বলি হৈ কতজনে বেংকৰ সাঁচতীয়া ধনপৰ্যন্ত হেৰুৱালে৷ এইবোৰৰ প্ৰতি তথাপি মানুহৰ কাণসাৰ নাই৷ চকুৰ আগতে এখন ঠগবাজীৰ বজাৰ বহিছে আৰু তাত দ্ৰব্য, সেৱা সকলোধৰণৰ ফাঁকিৰ বিপণন চলিছে৷ এচামে আকৌ দেৱ-দেৱতা বা আৰাধ্য কোনো দেৱ-দেৱীৰ ফটো তথা ভিডিঅ’ আপলোড কৰি ধৰ্মবিশ্বাসী মানুহক সাৱধান বাণী শুনাইছে যে যদিহে সেই ফটো বা ভিডিঅ’ শ্বেয়াৰ নকৰে, তেন্তে বিপদ অনিবাৰ্য৷ এইটোকে আকৌ কোনোবাই মিছা আশ্বাস দি শ্বেয়াৰ কৰিলে ভাল খবৰ পাব, ধনৱান হ’ব, ভাগ্য উদয় হ’ব আদিৰে আভুৱা-ভাঁৰি আছে৷ এনে ছবি বা ভিডিঅ’ৰ যোগেদি কোনো দুষ্টচক্ৰই সৰ্বসাধাৰণে তৰ্কিবই নোৱৰা কোনো ষড়যন্ত্ৰমূলক কাৰ্যও সিদ্ধ কৰিব পাৰে৷ এনেবোৰ বিষয়ত জন-সচেতনতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি যদিও কোনে এই কামৰ দায়িত্ব ল’ব? চৰকাৰৰ তীক্ষ্ণ নিৰীক্ষণ আৰু কঠোৰ আইন অবিহনে এই দুষ্কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰা টান৷ কিন্তু, মানুহে নিজে যদি সাৱধানতা অৱলম্বন কৰে, তেন্তে অন্ততঃ নিজকে বচাই ৰাখিব পাৰে৷ শিকাৰ আগ্ৰহ নাৰাখি কেৱল মাথোন দেখাক দেখি অন্ধ অনুসৰণ কৰি মানুহে নিজে নিজৰ বিপদ চপাই আছে৷ ডিজিটেল পৃথিৱীখনত সৰ্বসাধাৰণ হৈ পৰিছে প্ৰযুক্তিৰ হাতৰ পুতলা৷ ডিজিটেল পৃথিৱীখনক বাদ দিলে জীৱন হৈ পৰিব অচল, অৰ্থহীন আৰু তাত প্ৰৱেশ কৰিলেও সহস্ৰাধিক খূ-দুৱনি সমস্যা; ডিজিটেল বিড়ম্বনা!