Logo
image

বুথ সমীক্ষাত বিজেপিৰ উদ্বেগ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ ডিচেম্বৰঃ বুথ সমীক্ষা অৰ্থাৎ একজিট প’লৰ ভৱিষ্যদ্বাণী যদি বিশ্বাস কৰা হয়, তেন্তে ৫ ৰাজ্যৰ আজি সমাপ্ত হোৱা নিৰ্বাচনৰ সমীক্ষা কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ বাবে উদ্বেগজনক বতৰা৷ কিয়নো একাধিক সংস্থাই ৰাজস্থানত বিজেপি বিজয়ী হ’ব বুলি দাবী কৰিলেও ছত্তীশগড়ত গেৰুৱা দলে ৫ বছৰৰ পূৰ্বে হেৰুওৱা ক্ষমতা ঘূৰাই নাপাব বুলিয়েই কোৱা হৈছে আৰু মধ্য প্ৰদেশতো বিজেপিক স্পষ্টভাৱে বিজয়ী বুলি কোৱা হোৱা নাই৷ মধ্য প্ৰদেশত কঠিন প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিজেপি শাসনত থাকিবও পাৰে৷ কিন্তু একজিট প’লত অপ্ৰত্যাশিত ভৱিষ্যদ্বাণী কৰা হৈছে তেলেংগানাৰ ক্ষেত্ৰত৷ তেলেংগানাত ৰাজ্য গঠন হোৱাৰ পৰা অৰ্থাৎ ২০১৪ চনৰ পৰা ক্ষমতাত থকা কে চন্দ্ৰশেখৰ ৰাওৰ বিআৰএছক (পূৰ্বৰ টি আৰ এছ) উৎখাত কৰি কংগ্ৰেছে ক্ষমতা দখল কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ আনহাতে, মিজোৰামত বিজেপিক ‘শূন্য’ত ৰাখি আৰু এসময়ত ক্ষমতাত থকা কংগ্ৰেছক সামান্য আসন দি এম এন এফ-জেড পি এমৰ মাজত প্ৰায় সমান আসনেৰে ত্ৰিশংকু বিধানসভাৰ ভৱিষ্যদ্বাণী কৰা হৈছে একজিট প’লত৷

৯টা সংস্থাৰ বুথ সমীক্ষাই ছত্তীশগড়ত কংগ্ৰেছে ক্ষমতা অক্ষুন্ন ৰাখিব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ ভূপেশ বাঘেলৰ মুখ্যমন্ত্ৰীৰ আসন নিষ্কণ্টক কৰি ৯০জনীয়া বিধানসভাত প্ৰায় ৫০জন কংগ্ৰেছ বিধায়ক বিজয়ী হোৱাৰ সম্ভাৱনা দেখা গৈছে ৯টা বুথ সমীক্ষাত৷ প্ৰতিবেশী মধ্য প্ৰদেশত ৫ বছৰ পূৰ্বে কংগ্ৰেছ বিজয়ী হ’লেও এইবাৰ দলটোক নিশ্চিত বিজয়ী হিচাপে দেখুওৱা নাই৷ অৱশ্যে ২০১৮ত চৰকাৰ গঠন কৰা কংগ্ৰেছক ২০২০ত বিজেপিয়ে উৎখাত কৰিছিল জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত ২০জন কংগ্ৰেছী বিধায়কক দল ভাঙি আঁতৰাই আনি৷ অন্তিম ৩ বছৰ শাসন কৰা শিৱৰাজ সিং চৌহান আৰু এটা কাৰ্যকালৰ বাবে থাকিবও পাৰে৷ কিন্তু মধ্য প্ৰদেশৰ যুঁজ থৈয়া-নথৈয়া হ’ব৷ নিউজ২৪-টুডেজ চানক্যই মধ্য প্ৰদেশত বিজেপিক ১৫১ আৰু কংগ্ৰেছক ৭৪খন আসন দিছে৷ বাকী ৭-৮টা সংস্থাৰ মতে মধ্য প্ৰদেশৰ যুঁজ অতি প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ’ব৷ নিৰ্বাচনৰ পূৰ্বে ধাৰণা কৰা প্ৰতিষ্ঠানবিৰোধী ঢৌৰ তেনে কোনো প্ৰভাৱ দেখা নাই বুথ সমীক্ষাত৷ আনহাতে, প্ৰতি ৫ বছৰত ’৯০১ দশকৰ আৰম্ভণিৰ পৰা চৰকাৰ সলনি হোৱা ৰাজস্থানত এইবাৰো চৰকাৰ সলনিৰ ভৱিষ্যদ্বাণী কৰা হৈছে৷ সেই অনুসৰি অশোক গেহলটৰ গাদী নাথাকিব আৰু শচীন পাইলট মুখ্যমন্ত্ৰী হওঁ হওঁ কৰি থাকোঁতে আৰু ৫ বছৰ পাৰ হৈ যাব৷ ৯টা একজিট প’লৰ ৭টাই বিজেপিক ৰাজস্থানত নিশ্চিত বিজয় দিছে৷ কেৱল দুটা সংস্থাইহে কংগ্ৰেছৰ আশাৰ ৰেঙণি দেখুৱাইছে৷ যদিহে দেশৰ কেন্দ্ৰস্থলৰ দুই শক্তিশালী ৰাজ্য ৰাজস্থান আৰু মধ্য প্ৰদেশ বিজেপিৰ হাতলৈ আহে, তেন্তে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰাৰ থল থাকিব৷ অৱশ্যে মধ্য প্ৰদেশত ত্ৰিশংকু বিধানসভাৰ সম্ভাৱনাও নথকা নহয়৷ তেনেক্ষেত্ৰত ৰাজস্থানক লৈ সন্তুষ্ট থাকি বিজেপিয়ে ধনবলেৰে মধ্যপ্ৰদেশ দখল কৰাৰ গত্যন্তৰ নাথাকিব৷

পিছে দক্ষিণত বিজেপিৰ সাৰ্থক ৰাজনৈতিক পদক্ষেপ দিয়াৰ আশা এইবাৰো অপূৰ্ণ হৈ থকাৰে ইংগিত পোৱা গৈছে৷ কিয়নো ৭টাকৈ সংস্থাই তেলেংগানাত কংগ্ৰেছ বিপুল ভোটত বিজয়ী হ’ব বুলি দাবী কৰিছে, য’ত বিজেপিৰ স্থিতি পূৰ্বতকৈ সামান্য উন্নত হ’ব পাৰে৷ একেৰাহে ২০১৪ চনৰ পৰা শাসনত থকা বিআৰএছক প্ৰত্যেকটো সংস্থাই বুথ সমীক্ষাত বিৰোধীৰ আসনত বহুওৱাটো কংগ্ৰেছৰ বাবে দক্ষিণ ভাৰতত সাম্ৰাজ্য বিস্তাৰৰ লক্ষণ৷